৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com January 2/2023:- 

1. ধুবুৰী জিলাৰ গৌৰীপুৰত গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহন কৰে চৰকাৰে।
আজি সম্পন্ন হয় হস্তান্তৰ কাৰ্যসূচী।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিমল বড়া, জয়ন্ত মল্লবৰুৱা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিৰ সচিব সুদৰ্শন ঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰীৰ লগতে চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল আৰু প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালৰ সকলো সদস্য।

2. অসম গ্ৰন্থমেলাৰ আৱাহন সভাকক্ষত গ্ৰন্থ উন্মোচনী সভা।
লেখিকা তথা অধ্যাপিকা ড° স্মৃতিৰেখা ভূঞাৰ ‘অসমীয়া ভাষাৰ ৰূপ-বৈচিত্ৰ্য’, ‘সাহিত্য চিন্তা আৰু চেতনা’ শীৰ্ষক গ্ৰন্থ উন্মোচন।
গ্রন্থ উন্মোচনী সভাত উপস্থিত থাকে কুমাৰ ভাস্কৰ বৰ্মা, ড° দীপক কুমাৰ শৰ্মা, সাহিত্যিক ড° গোবিন্দ প্ৰসাদ শৰ্মা আৰু বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি।

3. বছৰৰ প্ৰথম দিনটোত বিন্ধাকটাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।
নাৱেৰে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা দৃশ্য উপভোগ কৰিলে মন্ত্ৰী গৰাকীয়ে।
লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক প্ৰশান্ত ফুকন ।

4. জনতা ভৱনত মুখ্যমন্ত্ৰীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান।
২০২২ বৰ্ষত উত্‍‍‍কৃষ্ট সেৱা প্ৰদৰ্শন কৰা, সময়ানুৱৰ্তী-পৰিশ্ৰমী, চৰকাৰী কৰ্মচাৰীক সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

5. ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত কামৰূপ মহানগৰ জিলাত সুৰা বিক্ৰীৰ তথ্য প্ৰকাশ কৰিছে আবকাৰী বিভাগে৷
৩১ ডিচেম্বৰত ৪ কোটি ৮০ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ লগতে ১ জানুৱাৰীত ৩ কোটি ২১ লাখ টকাৰ সুৰা বিক্ৰী হয় ৷

6. অসমৰ বনভোজথলীত নগাৰ তাণ্ডৱ ৷
মৰিয়নিৰ নাগাজাংকাৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বনভোজথলী গছ-বন কাটি তহিলং কৰিছে নগা দুৰ্বৃত্তই।
বনাঞ্চলখনৰ দাঁতিত পঞ্চায়ত আৰু স্থানীয় যুৱকে সাজু কৰিছিল বনভোজস্থলী ৷
মাজনিশা এশৰো অধিক বগৰী-মধুৰিৰ গছ কাটি তহিলং কৰে নগাই ৷
ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ আৰু আৰক্ষীৰ লোক।

7. ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ কৃষ্ণগুৰু সেৱাশ্ৰমত অখণ্ড কীৰ্তন ৷
বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত হ’ব এমহীয়া কীৰ্তন ৷
প্ৰতি ১২ বছৰৰ মূৰত অনুষ্টিত কৰা হয় এই অখণ্ড কীৰ্তন।

8. মুকালমুৱাৰ বৰ্ণিবাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীয়ে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম- আহমেদ আলী, নয়ন হাজৰিকা।
সৰবৰাহকাৰী দুটাৰ পৰা জব্দ কৰা হৈছে ২৬ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ, এখন মটৰ চাইকেল আৰু দুটা মবাইল ফোন।

9. জম্মু কাশ্মীৰত পুনৰ হিন্দুৰ ওপৰত ভয়াৱহ আক্ৰমণ সন্ত্ৰাসবাদীৰ।
৪জন লোকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীয়ে।
সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে ৭জনকৈ লোক৷
ৰাজৌৰীৰ আপাৰ দাংৰি গাঁৱত এই সংঘটিত হৈছে এই ঘটনা৷
তিনিটাকৈ বাসগৃহত সন্ত্ৰাসবাদীয়ে চলাইছিল আক্ৰমণ৷

10. মুখ্যমন্ত্ৰীৰ জিলা কৰ্তনৰ উদ্দেশ্য বেলেগ, এক গুলীত দুই চিকাৰ’।
৪ জিলাৰ বিলুপ্তিকৰণ, সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ TMCৰ সংবাদমেলত এই মন্তব্য ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ।

11. গোলাঘাটৰ মেৰাপানীত শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত মৃত্যু হয় জামুগুৰিৰ লক্ষীবাৰীৰ দুই ভাতৃৰ।
সৰিয়হজানৰ পৰা ঘৰলৈ ওভতাৰ সময়তে সংঘটিত হয় এই ঘটনা।
দুই ভাতৃ ক্ৰমে প্ৰাণজিৎ বৰা, ভাতৃ বিজিত বৰাৰ।

12. নগাঁৱত হেৰ’ইনসহ গ্রেপ্তাৰ হয় এজন ব্যক্তি।
নগাঁৱৰ ভকতগাঁৱৰ পৰা গ্রেপ্তাৰ কৰে সৰবৰাহকাৰীটোক।
ধৃত সৰবৰাহকাৰীটোৰ নাম ছাদিক আলী।

13. ৰহাৰ জঙালবলহুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰৈ থকা ট্রাকত খুন্দা মাৰে বাইক আৰোহীয়ে।
দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী পৰাণ হাজৰিকা।

13. ৰহাত জব্দ কৰা হৈছে চোৰাং তেলভৰ্তি টেংকাৰ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চালক হেণ্ডিমেনক।
নগাৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল টেংকাৰখন।

14. মেক্সিকোৰ কাৰাগাৰত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনা।
গুলীচালনাত নিহত হয় ১৪ জন লোক।
নিহতসকলৰ ভিতৰত আছে নিৰাপত্তাৰক্ষীও।
এই গুলীচালনাৰ পিছতে কাৰাগাৰৰ পৰা পলায়ন কৰে ২৪ জন কয়দী এ।

15. ৰাজস্থানৰ পালিত সূৰ্যনগৰী এক্সপ্রেছ দুৰ্ঘটনাগ্রস্ত।
লাইনচ্যুত হ’ল ৰে’লখনৰ ১১ টাকৈ দবা।
এই ভয়ংকৰ দুৰ্ঘটনাত আহত হয় ভালেসংখ্যক যাত্রী।
পুৱাৰে পৰা অব্যাহত আছে উদ্ধাৰ অভিযান।

16. বোকাখাতৰ ডিফলুত চাঞ্চল্যকৰ ঘটনা।
জুৱাৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় ৫ জনকৈ আৰক্ষী জোৱান।
জুৱাৰ আড্ডা বন্ধ কৰিবলৈ যোৱা আৰক্ষীক প্ৰহাৰ।
আৰক্ষীৰ বাহনো ভাঙি চূৰমাৰ কৰে জুৱাৰীয়ে।
ঘটনা সন্দৰ্ভত দুজনকৈ অভিযুক্তক আটক কৰে আৰক্ষীয়ে।
ঘটনাস্থলীৰ পৰা আন কেইবাজনো জুৱাৰীৰ পলায়ন কৰে।
দীৰ্ঘদিন ধৰি ডিফলুত চলি আছিল জুৱা।

17. জিলা বিলুপ্তিকৰণক লৈ গৰজি উঠিছে আমছু।
হোজাইৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে।
শীঘ্ৰে সিদ্ধান্ত বাতিল কৰাৰ হুংকাৰ দিছে আমছুৱে।

18. যোৰহাটবাসীৰ বাবে ভাল খবৰ।
পৰিবহন বিভাগে আৰম্ভ কৰিলে যোৰহাটত চিটী বাছ সেৱা।
কম ভাড়াত যোৰহাটবাসীয়ে অহা-যোৱা কৰিব পাৰিব বাছত।

19. গুৱাহাটীৰ কেইবাটাও নিচামুক্তি কেন্দ্ৰত ছাডেন ভিজিট মন্ত্ৰী পীযুষ হাজৰীকাৰ।
মহানগৰৰ নিচামুক্তি কেন্দ্ৰসমূহৰ অৱস্থা পূৰ্বতকৈ উন্নত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

20. ‘পৰেশ বৰুৱাই কেতিয়াও আলোচনাত নবহো বুলি কোৱা নাই।
পৰেশ বৰুৱাৰ কথাখিনি কেন্দ্ৰীয় চৰকাৰে শুনিব লাগে’- আলফা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া অনুপ চেতিয়াৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *