৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com January 3/2023:- 

1. আজি জোঙালবলহু দিৱস।
জোঙালবলহুৰ ৰাজধানী ৰহাৰ জোঙালবলহু গড়ত বিশেষ কাৰ্যসূচী ৷
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, শশীকান্ত দাস, ৰূপক শৰ্মা, জিতু গোস্বামী, ৰমাকান্ত দেউৰী, অসম পৰ্যটন উন্নয়ম নিগমৰ অধ্যক্ষ্য ঋতুপৰ্ণ বৰুৱা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু বহু গণ্য-মান্য ব্যক্তি।

2. টাৱাং সীমান্তৰ উত্তেজনাৰ পাছত প্ৰথমবাৰলৈ অৰুণাচল প্ৰদেশত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
আন্তঃৰাষ্ট্ৰীয় সীমাৰে সাঙুৰি থকা ৭খন ৰাজ্যত BROএ সম্পূৰ্ণ কৰা ২৭টা প্ৰকল্পৰ লগতে এখন দলং উদ্বোধনী কাৰ্যসূচীত অংশ ল’লে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

3. ডিগবৈত জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি।
নাজিৰাটিং তামুলী পৰ্যটন উত্‍‍সৱথলীত ২০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি আপ্লুত হয় জুবিন গাৰ্গ ।
এই প্ৰয়াসৰ বাবে ডিগবৈৰ বিধায়কক ধন্যবাদ জনাই জুবিন গাৰ্গে।

4. কাজিৰঙাৰ হাতীখুলিত দুৰ্ঘটনা সংঘটিত হয়৷
মন্ত্ৰী অজন্তা নেওগৰ এছক’ৰ্টে খুন্দিয়ালে এজন ব্যক্তিক।
দুৰ্ঘটনাত আহত হয় সোণেশ্বৰ সোণোৱাল নামৰ লোকজন ৷ ঘটনাক লৈ ক্ষুব্ধ ৰাইজ ৷

5. “গুৱাহাটীয়ে নতুন বছৰতে পাব ন ৰূপ।
দূৰ হ’ব যান-জঁট, নোহোৱা হ’ব কৃত্ৰিম বান”- মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ।

6. ‘২০২২ত চোৰাং চিকাৰীৰ হাতত এটাও গঁড়ৰ মৃত্যু হোৱা নাই’ ৷
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা এক টুইটৰ পাছতে গঁড়ক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত সক্ৰিয়তাৰে জড়িত হৈ থকা অসমৰ সকলোকে শলাগ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

7. নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ৷
ৰহাত জোঙালবলহু অনুষ্ঠানৰ পৰা ওভতাৰ পথতে নামগাঁৱত দুৰ্ঘটনাত পতিত হয় বিধায়কগৰাকীৰ বাহন ৷
বিধায়কৰ বাহনত পিছফালৰ পৰা খুন্দা মাৰে আন এখন বাহনে।
দুঘৰ্টনা সংঘটিত কৰা বাহনৰ চালক আৰু হেণ্ডিমেনক কৰায়ত্ত কৰে ৰাইজে।

8. তেজপুৰত জিলা ভিত্তিক পাঞ্জা প্ৰতিযোগিতা ।
১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ মৰিগাঁৱত অনুষ্ঠিত হ’ব ৰাজ্যিক ভিত্তিক পাঞ্জা প্ৰতিযোগিতা।

9. মহানগৰীত জব্দ কৰা হৈছে চুৰি বাইক ৷
কিৰাকাৰা চৰ অঞ্চলৰ পৰা প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে জব্দ কৰে ৫ খনকৈ চুৰি বাইক ৷
নুনমাটি ACPৰ নেতৃত্বত চলিছিল এই অভিযান ৷

10. আজি দেউৰী জনগোষ্ঠীৰ নেতা শ্বহীদ লীলাকান্ত দেউৰীৰ স্মৃতি দিৱস ৷
নাৰায়ণপুৰত দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত ১৭ সংখ্যক স্মৃতি দিৱসৰ বিশেষ অনুষ্ঠান।
অনুষ্টানত উপস্থিত থাকে বহু ব্যক্তি।

11. পশ্চিমবংগত বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ ।
দৰ্জাৰ আইনা ভাঙি চূৰমাৰ কৰে দুৰ্বৃত্তই।
মুকলিৰ ৪ দিন পাছতে এই অনাকাংক্ষিত ঘটনা।
মালদা ষ্টেচনত সংঘটিত হয় এই ঘটনা ।
শিলগুটি নিক্ষেপত কোনো লোক আহত হোৱা নাই ।
৪ দিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিছিল বন্দে ভাৰত এক্সপ্ৰেছ।

12. নাৰায়ণপুৰত শোকাৱহ পথ দুৰ্ঘটনা।
নাৰায়ণপুৰৰ ভোগপুৰ উৰণ সেতুৰ সমীপত এই ঘটনাত সংঘটিত হয় ।
ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল ধেমাজিৰ পৰা গুৱাহাটী অভিমুখী বাহনখন।
দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ।
আহত হয় পুলকেশ গগৈ নামৰ আন এজন যুৱক।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে AS22 G7525 ।

13. বকোৰ সোণতলী মহাবিদ্যালয়ৰ অধ্যক্ষক আটক কৰা হৈছে।
সংখ্যালঘু ছাত্ৰ বৃত্তি, আন্তঃগাঁথনিৰ ধন আত্মসাতৰ অভিযোগত আৰক্ষীয়ে আটক কৰে অধ্যক্ষ আব্দুল কালাম আজাদক।

14. মহানগৰীৰ পাণ্ডুত নিশা বাইক চুৰিৰ ঘটনা।
ঘৰৰ সমুখৰ পৰা চুৰি হয় এখন দুচকীয়া বাহন।
পাণ্ডু একাউঞ্চ কলনীত সংঘটিত হয় এই চুৰিকাণ্ড।
শিৱ শংকৰ দাসৰ AS01FH6107 নম্বৰৰ বাহন লৈ উধাও চোৰ।
ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।
GPS ট্ৰেক কৰি অভিযান আৰম্ভ কৰিছে জালুকবাৰী আৰক্ষীয়ে।

15. কাছাৰৰ কাটিগড়াত বাৰ্মিজ চুপাৰি ভৰ্তি ট্রাক জব্দ কৰা হৈছে।
লাহমালি গাঁৱত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ট্রাকখন।

16. ৰঙিয়াত ১০ লাখ টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে তিনি সৰবৰাহকাৰীক।
গ্ৰেপ্তাৰ কৰে আয়েজ আলী, জিয়াউল উক, ইছলামুদ্দিন আহমেদ।

17. অহা ৩১ জানুৱাৰীত অন্ত পৰিব ৰাজ্যৰ DGP ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল।
এই মুহূৰ্তত ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ দৌৰত প্ৰথমেই উচ্চাৰিত হৈছে SDGP জি পি সিঙৰ নাম।
ইতিমধ্যেই DGP পদৰ বাবে UPSCলৈ প্ৰেৰণ কৰা হৈছে ৫জনকৈ শীৰ্ষ আৰক্ষী বিষয়াৰ নাম।

18. খুমটাই চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছাই।
চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধান তথা বাদুলিপাৰ চাহ কোম্পানীৰ অধীনত থকা ছখন বাগিচাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে।

19. শিল মাৰি জুৱাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন।
আহত হয় আৰক্ষী।
এই ঘটনা সংঘটিত হৈছে বোকাখাতৰ ডিফলুত ৷
বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত ডিফলু নদীৰ সমীপত বছৰ বছৰ ধৰি চলি অহা অবৈধ জুৱা আড্ডা ভাঙিবলৈ যোৱা বোকাখাত আৰক্ষীৰ দলক আক্ৰমণ কৰে জুৱাৰীৰ দলে।
বোকাখাতৰ ডিফলু নদীৰ সমীপত মূৰ্গী যুঁজৰ গইনা লৈ প্ৰতি দেওবাৰে অনুস্থিত হৈ আহিছে অবাধ জুৱাৰ বেহা।

20. গ্রন্থৰ সুবাসেৰে সুবাসিত চানমাৰিৰ অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰ।
গ্রন্থমেলাৰ বাকৰিত ভিৰ কৰিছে পঢ়ুৱৈয়ে।
আজি ৬ দিনত ভৰি দিলে চানমাৰিৰ অভিযান্ত্রিক খেলপথাৰত হোৱা অসম গ্রন্থমেলাই।
ইতিমধ্যে ডেৰ কোটিৰো অধিক টকাৰ কিতাপ বিক্রী হৈছে বুলি মন্তব্য কৰিছে আয়োজক সকলে।
গ্রন্থমেলাত অংশ লৈছে দেশ-বিদেশৰ ডেৰ শতাধিক প্রকাশন গোষ্ঠীয়ে।
কেইবাখনো গ্রন্থই লাভ কৰিছে পঢ়ুৱৈৰ ব্যাপক সঁহাৰি।

 

Mising Autonomous Council
Mising Autonomous Council .

 

Leave a Reply

Your email address will not be published. Required fields are marked *