৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com January 5/2023:-
1. জনপ্ৰিয় আমেৰিকান আলোচনী ‘ৰ’লিং ষ্টোন’ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী তালিকাত অন্তৰ্ভুক্ত হল বিশ্বৰ বিভিন্ন দেশৰ ২০০ গৰাকী কণ্ঠশিল্পীৰ নাম।
৮৪তম স্থানত সন্নিবিষ্ট হ’ল কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ নাম। তালিকাখনত স্থান পালে পাকিস্তানৰ কণ্ঠশিল্পী নুছৰত ফতেহ আলী খান, দক্ষিণ কোৰিয়াৰ কণ্ঠশিল্পী লী জি-ইনৰ লগতে বিশ্বৰ আন বহুতো জনপ্ৰিয় কণ্ঠশিল্পীয়ে।
2. নদী পৰ্যটনত অন্য এক সংযোজন।
বাৰাণসী আৰু ডিব্ৰুগড়ৰ মাজত চলিব বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ।
চলিত বৰ্ষৰ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই ৰিভাৰ ক্ৰুজখন।
৫০ দিনীয়া যাত্ৰাত প্ৰায় ৪০০০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিব ‘গংগা বিলাস’ নামৰ এই ৰিভাৰ ক্ৰুজখনে।
৮০ জন যাত্ৰীয়ে ভ্ৰমণ কৰিব পৰা ৰিভাৰ ক্ৰুজখনত আছে ১৮ টা বিলাসী কোঠাৰ লগতে আন আন বহু বিলাসী সুবিধা।
3. বোকাখাতত পথ দুৰ্ঘটনাত উদীয়মান শিল্পী সাগৰ বৰগোহাঁইৰ মৃত্যু।
বোকাখাতৰ কমাৰগাঁৱত নিশা নৈশ বাছ আৰু বিলাসী বাহনৰ মাজত হয় মুখামুখি সংঘৰ্ষ ফলত থিতাতে নিহত হয় পানীদিহিঙিয়াৰ শিল্পী সাগৰ বৰগোহাঁইৰ।
4. কলিয়াবৰৰ উলুৱনী চাৰিআলিৰ ৩৭ নং পথত দুৰ্ঘটনা।
কলিয়াবৰ তিনিআলিৰ দিশে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে হুণ্ডাই i20 বাহনে।
কথমপি প্ৰাণ ৰক্ষা পৰিল বাহনখনৰ চালকজনে।
5. মহানগৰীৰ ঘোঁৰামৰাত নিশা আৰক্ষীৰ অভিযান।
জব্দ কৰে ৮০ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ।
লগতে আৰক্ষীয়ে আটক কৰে দীপাংকৰ ৰয়, মিল্টন চক্ৰৱৰ্তী, অভি দাস নামৰ ৩ যুৱকক।
6. কলিয়াবৰৰ বড়িগাঁৱত হাতীৰ আক্রমণত নিহত হয় এজন ব্যক্তি।
নিহত লোকজনৰ নাম মোহন তামুলী।
নিশা বাহিৰলৈ ওলাই অহাৰ সময়তেই বন্যহস্তি টোৱে আক্ৰমন কৰে।
7. কাৰ্বি আংলঙৰ ডকমকাত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰা হৈছে ৭২ হাজাৰ নিচা জাতীয় টেবলেট আৰু ৪৯২০টা কফ চিৰাপৰ বটল।
8. পল্টন বজাৰ আৰক্ষীৰ জালত দুই ডকাইত।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰে চছিকুল, ৰাজীৱক ।
লাচিত নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে ডকাইত দুটাক।
ধৃত ডকাইত দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পুতলা পিষ্টল লগতে এখন মটৰ চাইকেল।
9. কোকৰাঝাৰত দুদিনীয়াকৈ আৰম্ভ হৈছে ক্ৰীড়া কৰ্মশালা। BTR ৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ উদ্যোগত তিতাগুৰি ক্ৰীড়া সঞ্চালকালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই কৰ্মশালা।
অনুষ্ঠানত বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে।
10. ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত BSF ৰ অভিযান।
বেৰাভাংগা গাঁৱৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা।
জব্দকৃত সুৰাখিনিৰ মূল্য ২০ লক্ষাধিক টকা।
11. ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ জ্বলাই দিলে পৈতৃক বাসগৃহ।
যান-বাহনো ভাঙি চূৰমাৰ কৰে দুৰ্বৃত্তই।
এই ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।
12. বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ এজনৰ মৃত্যু। কলিয়াবৰৰ বড়িগাঁৱত ঘৰৰ চোতালতে হাতীৰ আক্ৰমণত মোহন তামুলী নামৰ বৃদ্ধজনে প্ৰাণ হেৰুৱালে।
13. গুৱাহাটীত নিশা পুনৰ ড্ৰাগছসহ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।
নিশা আৰক্ষীয়ে ঘোঁৰামৰাৰ সুৰুজমুখী পথত অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছসহ আটক কৰে ৩ সৰবৰাহকাৰীক।
14. ৩খনীয়া শৃংখলাৰ প্ৰথম টি-২০ মেচত ৰোমাঞ্চকৰ জয়লাভ কৰিলে ভাৰতে।
২ ৰানত জয়ী টীম ইণ্ডিয়া।
প্ৰথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ভাৰতে সংগ্ৰহ কৰিছিল ১৬২ ৰান।
15. লখিমপুৰৰ সোৱণশিৰিত এতিয়া ব্যাপক খহনীয়া।
বছৰি কোটি কোটি ব্যয় কৰিও খহনীয়া ৰোধত ব্যৰ্থ জলসম্পদ বিভাগ।
তেলীয়াপথাৰত ১০ কোটি টকা ব্যয়সাপেক্ষে খহনীয়া প্ৰতিৰোধৰ নতুন আঁচনি।
কিন্তু এফালৰ পৰা জাহ গৈছে জিঅ’ বেগ।
16. “সকলো জাতি-জনগোষ্ঠী অন্তৰ্ভূক্ত হোৱাকৈ পুনৰ গঠন হ’ব সমষ্টিসমূহ।
প্ৰশাসনিক সাল-সলনিৰে সমষ্টিসমূহ গঠন হ’ব”- মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ।
17. অসম গ্ৰন্থমেলাত আনুষ্ঠানিকভাৱে মুকলি কৰা হল ‘কাটাৰ বিশ্বকাপৰ ৰণছন্দ’ নামৰ গ্ৰন্থখন ।
সদ্যসমাপ্ত কাটাৰ বিশ্বকাপৰ বিভিন্ন কাৰিকৰী দিশ সামৰি ‘দৈনিক অসম’ৰ জ্যেষ্ঠ উপ-সম্পাদক তথা ফুটবল সংগঠক সিদ্ধাৰ্থ শংকৰ ডেকাই ৰচনা কৰা তথা পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰিছে এই গ্ৰন্থখন।
গ্ৰন্থখনত অৱলোকন কৰা হৈছে কাটাৰ বিশ্বকাপ ফুটবলৰ উদ্বোধনী মেচৰপৰা ফাইনেল পৰ্যন্ত মুঠ ২৬খন উত্তেজনাপূৰ্ণ মেচত দলসমূহে লোৱা ৰণকৌশল, প্ৰশিক্ষকসকলৰ ভূমিকা আৰু খেলুৱৈসকলৰ প্ৰদৰ্শনৰ দৰে বিষয়সমূহ।
18. ‘ৰাহুল গান্ধীক কোনেও কিনিব নোৱাৰে।
আদানি- আম্বানীয়ে কেতিয়াও কিনিব নোৱাৰে ৰাহুল গান্ধীক’- মন্তব্য প্ৰিয়ংকা গান্ধীৰ।
19. কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী গুৰুতৰভাৱে অসুস্থ হৈছে।
দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক।
মংগল বাৰৰ পৰা অসুস্থ হৈ আছিল নেত্ৰী গৰাকী।
20. ‘মানুহ ওপৰলৈ যায় মুখ্যমন্ত্ৰী বা চৰকাৰ গৈছে তললৈ’
‘হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থৰ বাবে এই কামসমূহ কৰিছে’- মন্তব্য ৰফিকুল ইছলামৰ।