৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council. 

Rnewsindia24.com January 6/2023:- 

1. গোৱালপাৰা সৈনিক স্কুল প্ৰাংগণত ৩৫০খন আসন বিশিষ্ট এটা এম্পিথিয়েটাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
বিদ্যালয়খন ভ্ৰমণকালতে শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশৰ উন্নয়ন সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থাকে শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ তথা সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতা, ৫১ ছাব এৰিয়াৰ জি অ’ চি মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝা, গোৱালপাৰা সৈনিক স্কুলৰ অধ্যক্ষ কৰ্নেল ৱা এছ পৰ্মাৰ, জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰী।

2. মধ্যপ্ৰদেশৰ ভুপালত অনুষ্ঠিত “1st All India Annual State Ministers Conference on Water” শীৰ্ষক কনফাৰেন্সৰ দ্বিতীয় দিন।
উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্রী গজেন্দ্র সিং শেখাৱট, মন্ত্ৰী প্ৰহ্লাদ সিং পেটেল আৰু অন্যান্য ৰাজ্যিক মন্ত্রীসকল আৰু চৰকাৰী বিষয়াবর্গ।

3. মাজুলীৰ শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰৰ খাট পথাৰত আজিৰে পৰা আৰম্ভ হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ।
ভাওনা সমাৰোহৰ উদ্বোধনী কৰে মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্তই ৷

4. কোকৰাঝাৰত সন্তোষ ট্ৰফী ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি।
অন্তিমখন মেচত গোৱাই তামিলনাডুক পৰাজিত কৰে ৩-০ গ’লত।

5. “মোগলক কটাক্ষ কৰা বিজেপিয়ে মোগলৰ মানসিকতা লৈয়ে অসমত শাসন চলাইছে”- মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

6. গহপুৰত উপস্থিত হয় অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য।
বিজেপিৰ গহপুৰ সমষ্টিৰ পাঁচটা মণ্ডল কমিটিৰ সভাপতি সম্পাদকৰ লগতে দলীয় কৰ্মকৰ্তা সকলৰ লগত বিশেষ আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী।

8. চিৰাঙৰ বিজনী পৌৰসভাৰ সোণালী জয়ন্তী উদযাপন।
দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে সোণালী জয়ন্তী বৰ্ষপূৰ্তি।
মুখ্য দ্বাৰ উদ্বোধন কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে।

9. উত্‍‍কোচ লৈ হাত দাঙিলে আৰক্ষী কনিষ্টবলে।
ধেমাজিৰ বৰদলনী আৰক্ষী চকীৰ কনিষ্টবল ‘নিৰেনধৰ পাৱ’ গ্ৰেপ্তাৰ হয়।
এগৰাকী মহিলাৰ পৰা উত্‍‍কোচ লওঁতেই হাতে-লোটে ধৰা পৰিল কনিষ্টবল গৰাকী।

10. অসমত প্ৰথমবাৰৰ বাবে কাজিৰঙা আল্টা ৰাণ।
এই ৰানত দেশ-বিদেশৰ খেলুৱৈয়ে অংশ ল’ব।
প্ৰতিযোগিতাখন চাৰিটা বয়সৰ গ্ৰুপত অনুষ্ঠিত হ’ব।
প্ৰতিযোগিতাৰ সৰ্বমুঠ প্ৰাইজমানী ১.৫ লাখ টকা।

11. তিনিচুকীয়াৰ মাকুম মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী।
অনুষ্ঠানত উপস্থিত থাকে হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ৰামেশ্বৰ তেলী, সঞ্চয় কিষাণ আৰু বহু ব্যক্তি।

13. ৰূপহীহাটৰ পুতিখাইটীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
মৃত যুৱকজন ৩১ বছৰীয়া দিনুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

14. মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান।
আজিৰে পৰা অনুষ্ঠিত হৈছে শতবৰ্ষ অনুষ্ঠানৰ উদ্ধোধনী অনুষ্ঠান।

15. মাজুলী লুইতৰ তিৰত ডেকা চাঙৰ বাকৰিত ‘মনগীত উৎসৱ’ ৷
৫ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ অনুস্থিত হ’ব এই উৎসৱ৷

16. ১০ জানুৱাৰীত বৰ্ষাপাৰাত সমুখ সমৰত নামিব ভাৰত-শ্ৰীলংকা।
৭ জানুৱাৰীৰ সন্ধিয়াই গুৱাহাটীত উপস্থিত হ’বহি দুয়ো দলৰ খেলুৱৈসকল।খেলখনক লৈ সম্পূৰ্ণৰূপে সাজু হৈছে অসম ক্ৰিকেট সন্থা।

17. মহানগৰীৰ সুন্দৰবড়ীত ‘দিবা নৈশ ক্ৰিকেট’ প্ৰতিযোগিতা ৷ ৭ জানুৱাৰীত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ চূড়ান্ত খেল৷
প্ৰতিযোগীতাখনৰ শুভাৰম্ভণি অনুষ্ঠানত ৰুণা লাইলাৰ ‘এটুকুৰা আকাশ’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়৷

18. শিৱসাগৰত মুখা শিল্পৰ প্ৰশিক্ষণ কাৰ্যসূচী।
বৰ্ণকুটিৰত অনুষ্ঠিত হৈছে ৬০ দিনীয়া প্রশিক্ষণ কাৰ্যসূচী।

19. প্রখ্যাত বাঁহীবাদক দীপক শৰ্মা গুৰুতৰভাৱে অসুস্থ।
মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে দীপক শৰ্মা।
ডাঃ ভৱদেপ গোস্বামী, চন্দন মেদকৰ তত্বাৱধানত চিকিৎসা চলি আছে।

20. তামুলপুৰত শংকৰদেৱ শিশু নিকেতন কুমাৰীকাটাৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ আজি প্ৰথম দিন।
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় ৰূপালী জয়ন্তী৷
আজি ভাৰত-ভূটান আন্তৰাষ্ট্ৰীয় ঘাইপথত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্রা৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *