আপোনাৰ প্ৰিয় তামোল খনে শৰীৰত কি ক্ষতিসাধন কৰিব পাৰে। সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক।
তামোল অসমীয়া সমাজৰ এক অপৰিহাৰ্য অংগ।
অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি ঘৰলৈ আলহী-অতিথি আহিলে তামোলখনেৰে অভ্যৰ্থনা কৰাটো আমাৰ এক প্ৰকাৰৰ সন্মান।
অসমীয়া সমাজত মাংগলিক কাৰ্যৰ পৰা ভাত খোৱাৰ পাছত মুখশুদ্ধি হিচাপে তামোল খোৱাটো অসমীয়া সমাজৰ নিয়ম।
অসমৰ বহু লোকে ভাত খাই উঠি তামোল পান এখন নোখোৱাকৈ থাকিবই নোৱাৰে।
অসমৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰে শুৱনি হৈ থাকে।
প্ৰটিন, ফেট, কাৰ্বোহাইড্ৰেট,
অজৈৱ, কেলছিয়াম, ফছফৰাছ, আইৰন আদি পুষ্টিতত্বৰে ভৰপূৰ।
জানো আহক তামোলৰ অপকাৰিতাঃ
1. তামোল অধিক পৰিমাণে থালে মুখগহ্বৰত কেঞ্চাৰ সম্ভাবনা থাকে ।
2. কেঁচা তামোলত এৰকেলিনিক এছিডৰ পৰিমাণ বেছি থাকে বাবে কেঁচা তামোল খালে সহজে মূৰত ধৰে |
3. তামোলত থকা এৰকেলিনিকএছিডে হৃদপিণ্ডৰ কায্য বৃদ্ধি কৰি শৰীৰৰ শিৰা উপসিৰাৰে ৰক্ত সঞ্চালন তীব্ৰ কৰি তোলে ।
4. তামোলে মগজুলৈ যোৱা ৰক্ত ধমনী আৰু ৰক্তনলীকাসমূহ সংকুচিত কৰি তেজ চলাচলৰ গতি কমাই দিয়ে।
5. তামোল মূৰত ধৰাৰ ফলত কেতিয়াবা মানুহৰ মৃত্যু হব পাৰে।
6. তামোলত এৰেকলিনিক,টেনিন,কেটিকেল,গেলটেনিক আদি এচিড থকাৰ কাৰণে তামোল বিষাক্ত।
7. তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক।
তামোলৰ পেলুনাশক গুণ আছে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগিছে আজিয়েই তামোল বৰ্জন কৰক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
News Editor Sangita Dutta R News India 24