মানধনিয়াৰ ঔষধী গুণ আৰু উপকাৰীতা। ৰক্তচাপ, ডায়েবেটিচ, মেলেৰিয়া, কৃমি, বৃক্ক ৰোগীৰ বাবে এই প্ৰতিবেদন।
মানধনিয়া আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
মানধনিয়া খালে শৰীৰৰ বহু বেমাৰ নাশ হয়।
মানধনিয়াত যথেষ্ট পৰিমাণৰ লো, প্ৰ’টিন, কেলচিয়াম, ভিটামিন A,B,C আৰু কেৰোটিন থাকে।
মানধনিয়াক ইংৰাজীত ‘Culantro, ‘Longcoriander‘ বুলি কোৱা হয়।
ইয়াৰ বৈজ্ঞানিক নাম হৈছে Eryngium foetidum .
জানো আহক মানধনিয়াৰ ঔষধী গুন সমূহঃ
1. মানধনিয়াই ৰক্তচাপ আৰু ডায়েবেটিচ নিয়ন্ত্ৰণ কৰে।
2. মেলেৰিয়া, কৃমি, বৃক্কৰ বিকাৰ আদি বেমাৰত মানধনিয়া খালে সুফল পোৱা যায়।
3. মানধনিয়া খালে মুখৰ দুৰ্গন্ধ আঁতৰ কৰে।
4. মানধনিয়া খালে শৰীৰৰ বিষ নিৰাময় কৰে।
5. হাপানি বেমাৰত মানধনিয়া খালে নিৰাময় হয়।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে মানধনিয়া খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24