৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com January 8/2023:-
1. শুৱালকুছিত অসম এথলেটিক সন্থাৰ উদ্যোগত আয়োজিত ৫৭সংখ্যক ক্ৰছ কাণ্ট্ৰী নেচনেল এথলেটিক চেম্পিয়নশ্বিপ।
উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ৰাষ্ট্ৰীয় ক্ৰছ কাণ্ট্ৰী দৌৰ প্ৰতিযোগিতাত ৩১খন ৰাজ্যৰ ৬৭০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে উজ্জ্বল ভষিষ্যত কামনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
2. ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন কৰা হ’ল প্ৰাক্তন মন্ত্ৰী ডা° নজৰুল ইছলামৰ ৷
শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে ভূপেন বৰা, প্ৰদ্যুত বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ লগতে বহুসংখ্যক গুণমুগ্ধ ব্যক্তি।
3. আজি সামৰণি পৰিল মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা একাদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা।
4. মহানগৰীত ৰেইন ড্ৰপছৰ উদ্যোগত ‘গুৱাহাটী ৰান’।
‘পঢ়িব গুৱাহাটী, দৌৰিব গুৱাহাটী’ শীৰ্ষক শ্লোগানেৰে চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা উলিওৱা হয় এই দৌৰ।
পুৱাতে উলিওৱা দৌৰত ২০০ ৰো অধিক লোকে অংশগ্ৰহন কৰে।
স্বাস্থ্য আৰু মন সুস্থ ৰখাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী।
5. মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰত অংকীয়া ভাওনা সমাৰোহ।
হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে মাজুলীৰ আকাশ-বতাহ।
ভাওনা সমাৰোহৰ সত্ৰাধিকাৰ সন্মিলনত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু বহু গন্যমান্য ব্যক্তি।
6. ৫০টা গৌৰৱময় বছৰ গৰকিলে মাজুলীৰ খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ে ।
প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামৰ প্ৰচেষ্টাত স্থাপিত হোৱা বিদ্যালয়খনে দুদিনীয়াকৈ পালন কৰিছে সোনালী জয়ন্তীবৰ্ষ।
উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী সকল, বহুকেইগৰাকী গন্য মান্য ব্যক্তি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
7. ‘মোক সহায় কৰক’- হাস্পতালৰ বিচনাৰ পৰা কাঁতৰ আহ্বান বাঁহীবাদক দীপক শৰ্মাৰ।
যকৃতৰ ৰোগত আক্ৰন্ত হৈ চিকিৎসাধীন হৈ আছে বিশিষ্ট বাঁহীবাদকগৰাকী ।
উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱাটো নিতান্তই প্ৰয়োজন শিল্পীগৰাকীৰ বাবে।
শুভচিন্তক আৰু চৰকাৰৰ পৰা শিল্পীগৰাকীয়ে কিছু সহায়-সাহায্য আৰু শুভকামনা বিচাৰিছে।
8. নিৰাশ্ৰয় বয়োজ্যেষ্ঠ মহিলাৰ আশ্ৰয়স্থলী চেনেহৰ জন্মদাতা অতুল চন্দ্ৰ বৰুৱালৈ ‘অসম গৌৰৱ’ সন্মান।
বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া আছিল অতুল চন্দ্ৰ বৰুৱা।
‘এতিয়া মোৰ দায়িত্ব আৰু বাঢ়িল বুলি’- মন্তব্য কৰে অতুল চন্দ্ৰ বৰুৱাই।
9. লখিমপুৰৰ নাৰায়ণপুৰত অসম সাহিত্য সভাৰ অধিৱেশন।
৩১ জানুৱাৰীৰ পৰা আৰম্ভ হব এই অধিৱেশন।
নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্জন ক্ষেত্ৰত সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি চলি আছে।
অধিৱেশনৰ পূৰ্বে সুন্দৰকৈ সজাই তুলিছে নাৰায়ণপুৰ নগৰ।
11. আজি ৰঙানদী শাখা সাহিত্য সভাৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশন ।
এই অধিবেশনখন লখিমপুৰ জিলাৰ আজাৰগুৰি বালিজান প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।
উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সহ সম্পাদক নিৰণ কুমাৰ বৰা, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি বিপুল শৰ্মা বৰুৱা, সম্পাদক নৱ কমল বৰা আৰু বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।
12. ১০ জানুৱাৰীত লখিমপুৰৰ পাভ বনাঞ্চলত চলিব উচ্ছেদ।
ইতিমধ্যে বিশাল আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে চলাইছে ম’কড্ৰিল।
৬ শতাধিক আৰক্ষী-CRPFৰ জোৱান মোতায়ন কৰা হৈছে।
বঙালমৰা বিদ্যালয়ৰ খেলপথাৰত বাহৰ পাতিছে বাহিনীটোৱে।
13. কৰিমগঞ্জৰ ৰাতাবাৰীত ভয়ংকৰ দুৰ্ঘটনা।
পাহাৰৰ পৰা ১০০ মিটাৰ তলত পৰিল বনভোজ দলৰ এখন বাহন।
দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয় আৰু আহত হয় ১৩ জন ব্যক্তি।
ছাতাচূড়া পাহাৰৰ গাৰদত সংঘটিত এই ভয়ানক দুৰ্ঘটনা।
মৃত ব্যক্তি দুজন আফতাৰ হুছেইন, বিশ্বজিৎ লোহাৰ । আহতসকলক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
বৰ্তমান আহতসকলৰ তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
14. কামৰূপ জিলা সাহিত্য সভাৰ সাংগঠনিক নিৰ্বাচনৰ ফলাফল ঘোষণা।
কামৰূপ জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত হ’ল সভাপতি ড° নৃপেন্দ্ৰ নাথ তালুকদাৰ ।
সভাপতি পদৰ বাবে মুঠ চাৰিগৰাকী প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত হৈছিল সাংগঠনিক নিৰ্বাচন।
15. প্ৰতিবাদত বহিল চিটিবাছ পৰিচালক তথা মালিক সন্থা।
খানাপাৰাৰ পৰা গণেশগুৰি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ বাছ পৰিচালক, মালিক সন্থাৰ।
৩ মাহলৈ বাছ চলাচল বন্ধ কৰি ৰখাৰ হুংকাৰ প্ৰতিবাদ কাৰীসকলৰ।
16. নাৰায়নপুৰৰ ৰাজগড় গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্যাৰ আজৱ কাণ্ড।
৫০০ টকা উৎকোচ নিদিয়াৰ বাবেই PMAYৰ তালিকাৰ পৰা কৰ্তন কৰিলে এটা পৰিয়ালৰ নাম ।
পঞ্চায়তৰ ৱাৰ্ড সদস্যা মলয়া গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।
17. “শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা নামৰ কোনো চৰিত্ৰ নাছিল।
সূৰ্যকুমাৰ ভূঞাৰ মতে, বাঘ হাজৰিকাই শৰাইঘাটৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল বুলি জনশ্ৰুতিহে আছে।
বেণুধৰ শৰ্মাৰ বুৰঞ্জীত উল্লেখ নাই বাঘ হাজৰিকাৰ কথা।
এটা কাল্পনিক চৰিত্ৰক সমুখত ৰাখি শৰাইঘাটৰ যুদ্ধৰ বীৰসকলক আমি অপমানিত কৰিছোঁ”- মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
18. মিজোৰামৰ ভাইৰেণ্টিত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে। মিজো আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত ১৯৪ কেজি নিচাজাতীয় টেবলেট জব্দ কৰে।
মিজো আৰক্ষী আটক কৰে দুই সৰবৰাহকাৰী।
19. “সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াত বিজেপিৰ সমৰ্থন আছে”- মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷
20. ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলাক লৈ প্ৰস্তুতি তুংগত বৰ্ষাপাৰা ষ্টেডিয়াম।
গুৱাহাটীত উপস্থিত হয় ভাৰতীয় দলৰ তাৰকা বিৰাট কোহলী, শ্ৰেয়াস আয়াৰ, কে এল ৰাহুল।