“বেহেলা বাদ্য বিশাৰদ” উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া, সংগীতপ্ৰাণ, সংগীতাচাৰ্য ইন্দ্ৰেশ্বৰ শৰ্মাৰ জীৱনযাত্ৰাঃ

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

ইন্দ্ৰেশ্বৰ শৰ্মাৰ জন্ম হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে যোৰহাট জিলাৰ গৰিয়াহাবিত ।
বৰ্তমান এই অঞ্চল যোৰহাটৰ লহপহীয়াত অৱস্থিত।

তেখেত ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক আছিল।

তেওঁৰ পিতৃৰ নাম গোপাল চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা দেৱী।

গোপাল চন্দ্ৰ শৰ্মা যোৰহাট সংগীত বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।

শৈশৱৰ পৰায়ে তেওঁৰ সংগীতৰ প্ৰতি বিশেষ ৰাপ আছিল।

সেয়ে আনুষ্ঠানিক শিক্ষা শেষ কৰি ১৯৪৭ চনত যোৰহাট সংগীত বিদ্যালয়ত যোগদান কৰে।

১৯৫২ চনত তেওঁ অসম চৰকাৰৰ পৰা ‘মৰিচ কলেজ অফ হিন্দুন্থানী মিউজিক’ আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ত বেহেলা শিক্ষাৰ বাবে ৬০ টকীয়া জলপানি লাভ কৰিছিল।

তেওঁ ১৯৫৬-৫৭ চনৰ ভিতৰত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা “বেহেলা বাদ্য বিশাৰদ” উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হয়।

সেইসময়ত তেওঁ বিখ্যাত তবলা ওস্তাদ মুন্না খানৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল।

তেওঁ লক্ষ্ণৌত শিক্ষা গ্ৰহণ কৰি থাকোঁতে ‘জনমভূমি’ৰ সংবাদদাতা ৰূপেও সেৱা আগবঢ়াইছিল।

১৯৫৮ চনত সংগীত শিক্ষা সমাপ্ত কৰি অসম কলেজ অফ মিউজিক, গুৱাহাটীত সংগীত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।

পৰৱৰ্তী সময়ত তেওঁ ১৯৫৯ চনত তিতাবৰৰ জনতা কলেজত সংগীত শিক্ষক ৰূপে যোগদান কৰে।

তাৰপিছত ১৯৬২ চনত তেওঁ যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৮৯ চনৰ ফেব্ৰুৱাৰী মাহত তাৰ পৰা অৱসৰ গ্ৰহণ কৰে।

তেওঁ সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰৰ ১৯৬৯ চনৰ পৰা বেহেলাৰ একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত শাস্ত্ৰীয় সংগীতজ্ঞ আছিল।

১৯৭২ চনত তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বও গ্ৰহণ কৰিছিল।

তেওঁ ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি ‘সন্ধ্যাৰাগ’ আৰু ‘ইতিহাস’ৰ সংগীত পৰিচালক আছিল।

ইন্দ্ৰেশ্বৰ শৰ্মায়ে অসম সাহিত্য সভাৰ প্ৰতীক সংগীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ স্বৰলিপি সৃষ্টি কৰিছিল।

তদুপৰি তেওঁ অসম সাহিত্য সভাৰ বিশেষ তথ্যচিত্ৰত সংগীত পৰিচালনা কৰিছিল।

তেওঁ কেইবাটাও দেশ-প্ৰেমমূলক গীত ৰচনা কৰিছিল।

আকাশবাণী যোৰহাট কেন্দ্ৰ স্থাপনকালত প্ৰচাৰ হোৱা প্ৰথম গীত তেওঁ পৰিচালনা কৰিছিল।

ইয়াৰ লগতে যোৰহাটৰ ২০০ বছৰীয়া জয়ন্তীত প্ৰচাৰিত গীতটি তেওঁ পৰিচালনা কৰিছিল।

তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ওপৰত পাঁচখন গ্ৰন্থ ৰচনা কৰিছিল।

তেওঁ কেইবাখনো বাতৰি-কাকতত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল।

অসম চৰকাৰৰ তৰফৰ পৰা ১৯৯৬ চনত তেওঁক শিল্পী পেঞ্চন আগবঢ়াই।

১৯৯৭ চনত তেওঁক ‘সংগীতপ্ৰাণ’ উপাধি লাভ কৰে।

২০০৩ চনত গুৱাহাটীৰ জিতেন্দ্ৰ নাথ সংগীত মহাবিদ্যালয়ে ‘সংগীতাচাৰ্য’ উপাধিৰে সন্মানিত কৰে।

২০০৯ চনত অসম চৰকাৰে সংগীত ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ‘শিল্পী বঁটা’ প্ৰদান কৰে।

২০১৪ চনত তেওঁ তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠানত “চাতক” সন্মান লাভ কৰিছিল।

যোৰহাট সংগীত শিল্পী সন্থাই প্ৰকাশ কৰা ‘সংগীতপ্ৰাণ’ শীৰ্ষক এখন গ্ৰন্থৰ জৰিয়তে বিগত ২০১৯ বৰ্ষৰ ২৯ ডিচেম্বৰত তেওঁক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হৈছিল।

২০২০ চনৰ ৯ জুন তাৰিখে তেখেত মৃত্যু হয়।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *