৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com January 9/2023:- 

1. চাবুৱাৰ মৰিছা গাঁৱত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
মৰিছাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ।
মুকলি সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। Sarbananda Sonowal

2. ১০ জানুৱাৰী অৰ্থাৎ কাইলৈ বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ মাজত হাইভল্টেজ মেচ।
আজি পৃথকে পৃথকে অনুশীলন চলায় দুয়োখন দেশৰ খেলুৱৈসকলে।
১বজাৰ পৰা শ্ৰীলংকাৰ খেলুৱৈ সকলে অনুশীলন চলায়।
শক্তিপীঠ কামাখ্যাত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ আজিংক্য ৰাহান।
খেলৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল’লে ক্ৰিকেটাৰ গৰাকীয়ে।
অসম-মুম্বাইৰ ৰঞ্জী মেচ খেলিবলৈ উপস্থিত ক্ৰিকেটাৰজন।

3. নলবাৰীৰ কোহিনুৰ যুৱ সংঘ আৰু পুথিভঁৰালৰ ৭৪ সংখ্যক বাৰ্ষিক অধিবেশন।
অধিবেশনত উপস্থিত আছু’ৰ উপদেষ্টা ড° সমুজ্বল ভট্টাচাৰ্য, জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি আৰু বহু গন্যমান্য ব্যক্তি।

4. দুৰ্ঘটনাত পতিত হয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা।
শিৱসাগৰৰ দিখৌ দলঙত দুৰ্ঘটনাগ্ৰস্ত হয় কণ্ঠশিল্পীগৰাকীৰ বাহনখন।
দলঙৰ কাষৰ এজোপা গছত খুন্দিয়াই বাহনখনে।
জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখী আছিল বাহনখন।
দুৰ্ঘটনাত আহত হয় কণ্ঠশিল্পীগৰাকী।
তেখেতক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
মূৰত ১২টাকৈ চিলাই পৰাৰ লগতে বুকু আৰু ভৰিত আঘাত পাইছে শিল্পীগৰাকীয়ে।

5. আজি স্বৰ্ণকন্যা হিমা দাসৰ জন্মদিন।
২০০০ চনৰ আজিৰ দিনটোতেই ধিঙত জন্মগ্ৰহণ কৰিছিল এথলিটগৰাকীয়ে।Hima Das

6. ‘শীঘ্ৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীত হ’ব বৃহৎ পৰিৱৰ্তন।
সলনি হ’ব অধিকাংশ জিলা কংগ্ৰেছৰ সভাপতি।
ভাল কাম নকৰাসকলক দায়িত্বৰ পৰা দিয়া হ’ব অব্যাহতি’- মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ।

7. গোগামুখৰ ডি কে ৰোডত ভয়ানক অগ্নিকাণ্ড।
পুৱাই জুই লাগিল ডি কে ৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বাসগৃহত লাগিল জুই।
অগ্নিকাণ্ডত ভস্মীভূত হ’ল দোকান, বাসগৃহ।

8. খুমটাইত গাঁওপ্ৰধান নিযুক্তিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে।
ৰাজহ চক্ৰ বিষয়াই গাঁও প্ৰধান নিযুক্তিৰ ক্ষেত্ৰত মইমতালি কৰাৰ অভিযোগত
স্থানীয় ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ।

9. দেৰগাঁৱৰ বাতিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী।
দুদিনীয়াকৈ পালন কৰা হৈছে সোণালী জয়ন্তী উৎসৱ।
পুৱা শোভাযাত্ৰাই আৰম্ভ কৰা কৰা হৈছে সোণালী জয়ন্তী উৎসৱ।

10. চামগুৰি আৰক্ষীৰ জালত পৰিছে ড্রাগছসহ দুই ড্রাগছ সৰবৰাহকাৰী।
বাজিয়াগাঁৱৰ পৰা আটক কৰে সৰবৰাহকাৰী দুটাক।
সৰবৰাহকাৰী দুটাৰ পৰা ৮৯ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ ৭ টা খালি কণ্টেনাৰ আৰক্ষীয়ে জব্দ কৰে।

11. সোণাৰিৰ নাফুকত বন বিভাগে জব্দ কৰে দুখন ডাম্পাৰ।
চালানবিহীনভাৱে শিল-বালি কঢ়িওৱাৰ অভিযোগত বন বিভাগে জব্দ কৰে ডাম্পাৰ দুখন ।

12. আজি চৰাইদেউ মহোৎসৱৰ সামৰণি অনুষ্ঠান।
অন্তিম দিনৰ অন্যতম আকৰ্ষণ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।
বহুসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।

13. আজি সামৰণি পৰিল গোৱালপাৰা জিলাৰ দুধনৈৰ অসম-মেঘালয় সীমান্তৰ দেউৰীপাৰাত অনুষ্ঠিত হোৱা ঐতিহাসিক শ্ৰীশ্ৰী আই ভাগৱতী আইথান মেলাৰ৷
প্ৰতিবছৰে পুহ মাহৰ ২১ তাৰিখৰ পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই আইথান মেলা৷
বৰ্তমান বহু ভক্তৰে ভৰি পৰিছে আইথান মেলা।

14. সোণাৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত।
নাফুক আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সমীপতে বন্যহস্তীয়ে ভাঙিলে দুটাকৈ বাসগৃহ।
দীনেশ ভূমিজ আৰু ৰামু মাঝিৰ বাসগৃহ ভাঙি চুৰমাৰ কৰিলে বন্যহস্তীয়ে৷

15. আজি চৰাইদেউ মহোৎসৱৰ তৃতীয় তথা অন্তিম দিন।
বাৰেৰহণীয়া জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী অতুল পাচনি আৰু চেতনা দাসে।

16. “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে উল্লেখযোগ্য সফলতা লাভ কৰিছে”- কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

17. কংগ্ৰেছে AIUDFৰে মিত্ৰতা নকৰাৰ হুংকাৰক লৈ বদৰুদ্দিন আজমলৰ উত্তৰ।
“এক ফু মাৰি দিম চব ঠিক হৈ যাব”।
এটা ফুতে মিত্ৰতা কৰাৰ ইংগিত দিলে বদৰুদ্দিন আজমলে।

18. “কংগ্ৰেছ অহংকাৰ মুক্ত হ’ব লাগিব কাৰণ কংগ্ৰেছ এতিয়া দুৰ্নীতিমুক্ত।
দুৰ্নীতি কৰা সকল বিজেপিলৈ গ’ল, তাত বিজেপিয়ে ৱাছিং মেচিনত ধুই লৈছে”- মন্তব্য ভূপেন বৰাৰ৷

19. অৰ্জুন ভোগেশ্বৰ বৰুৱা চিকিৎসাধীন ।
আঠুৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
বৰ্তমান শিৱসাগৰস্থিত অ’এনজিচিৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বৰ্ষীয়ান খেলুৱৈগৰাকী।

20. “কৃষকক বাদ দি দেশৰ প্ৰগতিৰ যাত্ৰা অসম্ভৱ”- মন্তব্য ৰাহুল গান্ধীৰ।

Mising Autonomous Council
Mising Autonomous Council .

 

Leave a Reply

Your email address will not be published. Required fields are marked *