৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council .

Rnewsindia24.com ।January 10/2023 ;-

1. দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাই।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে হাস্পতালখনত উপস্থিত হৈ বাঁহীবাদকগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মন্ত্ৰী হাজৰিকাই ১ লাখ টকাৰ চেক প্ৰদান কৰে শিল্পীগৰাকীক।

2. জাগীৰোডৰ শিলচাঙত দুৰ্ঘটনাত পতিত হয় মুখ্যমন্ত্ৰীৰ মাতৃ আৰু ভাতৃ থকা বাহন৷
এখন স্ক’ৰপিঅ’ই খুন্দিয়াই মুখ্যমন্ত্ৰীৰ মাতৃ আৰু ভাতৃ থকা ইন’ভাখনত৷
গুৱাহাটীৰ পৰা ডিফুৰ সভালৈ গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো৷
দুৰ্ঘটনা সংঘটিত কৰা স্ক’ৰপিঅ’ৰ সন্ধান লাভ কৰিছে নেলী আৰক্ষীয়ে৷

3. আজি গুৱাহাটীত মুকলি কৰা হল JIOৰ 5G সেৱা।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে JIOৰ 5G সেৱা।
সচিবালয়ৰ CM ব্লকত অনুষ্ঠিত হয় এই অনুষ্ঠান।
প্ৰথমবাৰৰ বাবে JIO-এ গুৱাহাটীত মুকলি কৰিছে এই সেৱা।

4. আজি উন্মোচন হল মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ স্মাৰক ভেটি৷
জন্মস্থান উজীৰৰ টোলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উন্মোচন কৰে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ স্মাৰক ভেটি ৷
ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে স্মাৰক ভেটিৰ নিৰ্মাণ কাৰ্য৷

5. বাজপেয়ী ভৱনত বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক।
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আলোচনা হয় এই বৈঠকখনিত৷
৩০খন জিলা সন্দৰ্ভত বিতং আলোচনা হয়।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ৰঞ্জিত দাস, পৰিমল শুক্লবৈদ্য, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ফনি শৰ্মা ।

6. আজি ঋত্বিক ৰোশনৰ জন্মদিন ৷
৪৯ বছৰত ভৰি দিলে বলীউড অভিনেতা ঋত্বিক ৰোশনে ৷
১৯৭৪চনৰ আজিৰ তাৰিখতে মুম্বাইত জন্মগ্ৰহণ কৰিছিল অভিনেতাগৰাকীয়ে।

7. অৰুণাচলী সুৰা সৰবৰাহ কৰি গ্ৰেপ্তাৰ হল কনিষ্টবল।
জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কনিষ্টবল অনন্ত বৰাক।
দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি চলাইছিল সুৰাৰ সৰবৰাহ।
পূৰ্বেও সুৰা সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল জিতু মেচ নামৰ এজন।

8. ND 24লৈ শ্ৰেষ্ঠ নিউজ চেনেলৰ সন্মান।
ROYAL AFFAIRৰ উদ্যোগত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হয় বিজু ফুকন স্বীকৃতি বঁটা।
ND24ৰ হৈ বঁটা গ্ৰহণ কৰে মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই।
বঁটা গ্ৰহণৰ সময়ত সংগ দিয়ে ND24ৰ COO জ্যোতিষ পৱন বৰদলৈয়ে।

9. ৰাজ্যৰ চৌদিশে ভোগালী বিহুৰ প্ৰস্তুতি আৰম্ভ৷
শোণিতপুৰ জিলাৰ বালিপৰাৰ মোলানপুখুৰী গাঁৱৰ যুৱতী-বোৱাৰীসকল ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাৰ বাবে৷
গোৱালপাৰা জিলাৰ ৰংজুলিৰ ডাকুৱাকাটা গাঁৱৰ ভোগালী বিহুৰ ব্যাপক আয়োজন৷
ৰংজুলিৰ ডাকুৱাকাটা গাঁৱত এইবাৰ হেলিকপ্তাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ৷

10. GRPত চুৰি মোবাইলৰ মেলা৷
আৰক্ষীৰ তদন্তত উৎখাত মোবাইল চুৰি চক্ৰটো৷
উদ্ধাৰ কৰে ৪০টাকৈ চুৰি মোবাইল৷

11. অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ আজি উচ্চতম ন্যায়ালয়ত শুনানি ৷
সাংবিধানিক বিচাৰপীঠত হয় শুনানি ৷
অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ কৰাৰ আহ্বান একাংশ দল-সংগঠনৰ ৷
সন্মিলিত মহাসংঘ অসমে উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি ৷

12. সাতগাঁও থানাৰ OC – কনিষ্টবলক CIDৰ মাৰাথন জেৰা ৷
অপৰাধীক গ্ৰেপ্তাৰৰ বিনিময়ত ধন দাবী কৰিছিল দুয়োৱে ৷
OC মঞ্জিত বুঢ়াগোহাঁই, কনিষ্টবল নিপেন কলিতাক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে।
CIDৰ আগত সাক্ষ্যদান ভুক্তভোগী মহিলাৰ ৷

13. গহপুৰত শিশু উদ্যানৰ নামত ৰাজহুৱা ধনৰ অপব্যয়।
লক্ষাধিক টকা ব্যয়ৰে নিৰ্মাণ কৰা শিশু উদ্যানত তলা ওলমি আছে।
৪১লাখ ৩৪হাজাৰ ৬৫৯ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল শিশু উদ্যানখন। গহপুৰ ছোৱালী হাইস্কুলৰ সন্মুখত নিৰ্মাণ কৰা হৈছিল শিশু উদ্যানখন।

14. ইন্দোৰত কেইবাজনো লোকক প্ৰৱাসী ভাৰতীয় সন্মান প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

15. ‘বিজেপিয়ে অসমৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আছে।
অসমক ভাৰতৰ ৫ খনৰ ভিতৰত এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য’- মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।

16. শোণিতপুৰ খনামুখত জিলা কাৰাগাৰ স্থাপনক লৈ ৰাইজৰ প্ৰতিবাদ।
চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে।
কৃষিভূমিত কাৰাগাৰ স্থাপন কৰাক লৈ ৰাইজৰ ক্ষোভ।
কলদাৰীঘাটত নিৰ্মাণকৰা হৈছে কাৰাগাৰখন।
স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ।

17. মহানগৰীত ছুপাৰ ছাকাৰৰ কাম পৰিদৰ্শন কৰে পৌৰ আয়ুক্ত M N দাহালে।
কিছু সময়ৰ পিছতে কাম পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংহলে।
ৰুক্মিণীগাঁৱৰ বাহিনী নদীৰ পাৰত ছুপাৰ ছাকাৰৰ কাম-কাজ তদাৰক কৰিব মন্ত্ৰীগৰাকীয়ে।

18. লিডু মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান।
দুদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰে ৰূপালী জয়ন্তী অনুষ্ঠানৰ।
শোভাযাত্ৰাৰ পিছতে মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় মুকলি সভা।
মুকলি সভা উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

19. আজিৰে পৰা পাভ সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ।
৫০১ হেক্টৰ ভূমি দখলমুক্ত কৰিবৰ বাবে এই উচ্ছেদ।
বৃহৎ উচ্ছেদ চলাইছে আৰক্ষী-প্ৰশাসনে।
প্ৰায় ৩০৮টা পৰিয়ালে ৰাখিছে বনাঞ্চলখনৰ বৃহৎ এলেকা।

20. সামৰণি পৰিল ডিব্ৰুগড় সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ডিব্ৰুগড় সাহিত্য সভাৰ অধিবেশ

Mising Autonomous Council
Mising Autonomous Council.

 

Leave a Reply

Your email address will not be published. Required fields are marked *