৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com January 11/2023:-
1. “ৰাজ্যত ১৮ জানুৱাৰীৰ পৰা পুনৰ গুণোৎসৱ আৰম্ভ হব।
তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ”।
“ৰাজ্যত আৰু দুবছৰলৈ অনুষ্ঠিত নহয় LP-UP টেট”- সংবাদমেল যোগে সদৰি কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
2. মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰিলে সাংসদ প্ৰদান বৰুৱাই।
UP State Bridge Corporationৰ বিষয়াৰ সৈতে মত-বিনিময় কৰিলে প্ৰদান বৰুৱাই।
নিৰ্মাণ কোম্পানীটোক তীব্ৰগতিত কাম কৰিবলৈ আহ্বান জনাই সাংসদগৰাকীয়ে।
3. এপ্ৰিলত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘যোদ্ধা’।
মংগলবাৰে মহানগৰীত ছবিখনৰ পোষ্টাৰ মুকলি কৰিলে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে।
ছবিখন ৰাইজে আঁকোৱালি ল’ব বুলি আশাবাদী পৰিচালক, কলা-কুশলীৰ।
4. “মুছলমানসকলে খেতি কৰি আছে, আমাৰসকলে নাচ-গান কৰি আছে”।
“মহিলায়ো এতিয়া ৰাস পাতে, ভৰি দাঙি দাঙি নাচে’’- মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ।
5. গুৱাহাটীৰ তাজ ভিভাণ্টাত বেংক অৱ ইণ্ডিয়াৰ বিশেষ অনুষ্ঠান।
দেশৰ গ্ৰাহকৰ সেৱাত অগ্ৰণী ভূমিকা লৈ আহিছে বেংক অৱ ইণ্ডিয়াই।
অনুষ্ঠানত উপস্থিত থাকে পৰিচালন সঞ্চালক অতনু কুমাৰ দাস আৰু বেংকটোৰ বিভিন্ন শাখাৰ বিষয়া, কৰ্মচাৰীসকল।
6. পাভ বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ আজি দ্বিতীয় দিন।
উচ্ছেদস্থলীত উপস্থিত থাকে আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ বিশাল দল।
বুলড’জাৰেৰে চলিছে উচ্ছেদ অভিযান।
7. প্ৰাইড ইষ্ট এণ্টাৰটেইনমেনছৰ উদ্যোগত দীঘলীপুখুৰীপাৰত আয়োজন কৰা হৈছে ভোগালী মেলা-২০২৩।
কৃষি মন্ত্ৰী অতুল বৰা আৰু প্ৰাইড ইষ্ট এণ্টাৰটেইনমেনছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই উদ্বোধন কৰে ভোগালী মেলা ২০২৩।
8. হেকাৰৰ কবলত পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ টুইটাৰ একাউণ্ট।
মন্ত্ৰীগৰাকীৰ একাউণ্টৰ পৰা অজ্ঞাত লোকে পোষ্ট কৰিছে। বৰ্তমান একাউণ্টটো উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত।
9. ‘ছুপাৰ ছাকাৰ চলোৱাত ব্যৰ্থ গুৱাহাটী পৌৰ নিগম।
GMC-এ ইচ্ছাকৃতভাৱে চলোৱা নাই ছুপাৰ ছাকাৰ।
ফলত স্থৱিৰ হৈ পৰিছে মহানগৰৰ নলা নিষ্কাশনৰ কাম।
ত্ৰিপুৰাৰ পৰা ঠিকাদাৰ আনি প্ৰশিক্ষণ দিয়া হৈছিল গুৱাহাটীত।
GMCৰ বিষয়া-কৰ্মচাৰীয়ে কাম কৰিব নিবিচাৰে।
এনে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা।
কৃত্ৰিম বান ৰোধৰ বাবে মহানগৰীত চলিছে নলা নিষ্কাশনৰ কাম।
ছুপাৰ ছাকাৰ ব্যৱহাৰত বিফল GMC’।
GMCৰ বিৰুদ্ধে ক্ষোভ বিভাগীয় মন্ত্ৰী অশোক সিংঘালৰ।
10. কোকৰাঝাৰৰ ফকিৰাগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।
বেচিমাৰী গাঁৱৰ মন্তাজ আলী নামৰ এজন লোকক হত্যা।
মোনাকোষাত চলি আছিল ইছলাম লোকসকলৰ ধৰ্মীয় সভা, সভা চলি থকা অৱস্থাত সংঘটিত হয় এই হত্যাকাণ্ড।
হত্যাকাৰীৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।
11. শীঘ্ৰেই শোণিতপুৰৰ বুঢ়াচাপৰিত চলিব প্ৰশাসনৰ উচ্ছেদ।
প্ৰায় এহেজাৰ লোকক উচ্ছেদ কৰিব শোণিতপুৰ প্ৰশাসনে।
বুঢ়াচাপৰিৰ ৫,৯৭৬ বিঘা ভূমি বেদখলমুক্ত কৰাৰ প্ৰচেষ্টা।
জামুগুৰিহাটত ঘোষণা কৰে বিধায়ক পদ্ম হাজৰিকাই।
12. গোলকগঞ্জৰ ভাৰত-বাংলা সীমান্তত গৰু জব্দ।
স্থানীয় ৰাইজে জব্দ কৰে ৬ টাকৈ গৰু।
বাংলাদেশলৈ সৰবৰাহ কৰা সময়তে জব্দ কৰে গৰু কেইটা।
জব্দ কৰা গৰুকেইটা স্থানীয় ৰাইজে আৰক্ষীক চমজাই দিয়ে।
13. ডিমাছা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল হাফিলাৰ দেহাৱসান।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল হাফিলা।
ডিমাছাসকলৰ উন্নয়ন, বিকাশৰ লগতে ডিমাছা ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব দিছিল প্ৰফুল্ল হাফিলাই।
হাফিলাৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোকপ্ৰকাশ কৰিছে।
14. আজিৰে পৰা ১৭ জানুৱাৰীলৈ ৰাজ্যত পথ সুৰক্ষা সপ্তাহ।
“দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰি লাভ কৰক দহ হাজাৰ টকা”।
ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহত ঘোষণা কৰে মৰিগাঁও জিলা প্ৰশাসনে।
মৰিগাঁও জিলা প্ৰশাসন, পৰিবহণ বিভাগৰ উদ্যোগত মৰিগাঁও জিলাৰ শিক্ষানুষ্ঠানসমূহত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।
15. গুৱাহাটীত শীঘ্ৰেই সংস্থাপন হ’ব ২ হাজাৰ CCTV কেমেৰা।
চৰকাৰীভাৱে লগোৱা হ’ব ২ হাজাৰ CCTV কেমেৰা।
মহানগৰীত বৃদ্ধি পোৱা অপৰাধ ৰুধিবলৈ তৎপৰ চৰকাৰ-প্ৰশাসনৰ।
16. পখিলা খেদাৰ বয়সত জটিল ৰোগত আক্ৰান্ত হৈছে মেৰাপানীৰ এটি কণমানি।
দুবাৰকৈ আক্ৰান্ত মগজুৰ টিউমাৰত কণমানি উৎপল দুৱৰা।
আৰ্থিক অনাটনৰ বাবে অসহায় হৈ পৰিছে মাতৃ।
শিশুটিৰ চিকিৎসাৰ বাবে বিধায়িকা অজন্তা নেওগ, মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাই মাতৃয়ে।
সদাশয় লোকে সহায় আগবঢ়াব পাৰে ।
Indian Bank গোলাঘাট শাখাৰ A/C নম্বৰ 7135127208, IFSC- IDIB000G57 আৰু Google Pay 9365326739 নম্বৰত।
17. নগাঁও বঢ়মপুৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।
চাৰিলেনযুক্ত ঘাইপথত ইউ টাৰ্ন বিচাৰি পথ অৱৰোধ কৰে ৰাইজে।
ইউ টাৰ্ন নথকাত প্ৰায় ২০ কিঃমিঃ পথ অতিক্ৰম কৰিবলগীয়া হয় ৰাইজে।
শ শ লোকে প্ৰায় আধাঘণ্টা অৱৰোধ কৰি ৰাখিছে পথছোৱা।
18. মেৰাপানী সীমান্তত বাৰ্মিজ চুপাৰী সৰবৰাহৰ ঘটনাত জড়িত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।
মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভেলৌগুৰি বাৰঘৰীয়াৰ ৰূপম গগৈ আৰু নলনীপথাৰৰ ছিদ্দিক আলীক।
ধৃত দুয়োজনকে আৰক্ষীয়ে গোলাঘাট ন্যায়িক আদালতত হাজিৰ কৰে।
19. ‘বিটিআৰত কোনো উগ্ৰপন্থীক আশ্ৰয় দিয়া নহ’ব।
কোনোদিনে হিংসাক প্ৰশ্ৰয় দিয়া নহ’ব বিটিআৰত।
বিটিআৰত পূৰ্বৰ পৰিৱেশ এতিয়া আৰু নাই।
বড়োলেণ্ডৰ বাসিন্দা হৈ হত্যা-হিংসা বহুদিন দেখিলোঁ।
এতিয়া বিটিআৰবাসীয়ে শান্তি বিচাৰে’- মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ।
20. ‘পৃথক কমতাপুৰ ৰাজ্য গঠন হ’লে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’ব AIUDF য়ে’ – মন্তব্য বদৰুদ্দিন আজমলৰ।