"আত্মনিৰ্ভৰ ধেমাজি"- জীৱিকা মেলা-২০২৩ । - R News India 24
Skip to content
Mising Autonomous Council.
“আত্মনিৰ্ভৰ ধেমাজি”
ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত ধেমাজি কাচাৰি মৈদানত যোৱাকালিৰে পৰা ১৪ জানুৱাৰী লৈকে চাৰি দিনীয়া কাৰ্যসূচীৰে “আত্মনিৰ্ভৰ ধেমাজি”- জীৱিকা মেলা-২০২৩ আয়োজন কৰা হৈছে।
উক্ত মেলা শুভ উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱা, জুনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে।
অনুষ্ঠানটিত উপস্থিত থাকে ধেমাজী উন্নয়ন প্ৰাধিকৰনৰ সভাপতি তোলন কোঁৱৰ, লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড৹ ধীৰেন চৌধুৰী, বিশিষ্ট সমাজকৰ্মী প্ৰেম দত্ত, ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড৹ গুঞ্জন গগৈ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ EM জহান দলে, পুৰুষোত্তম দলে, নৰেশ্চ কুম্বাং, মলেন্দ্ৰ নাৰ্জাৰি, MACৰ PS জয়ন্ত কুমাৰ বৰা, GM বানীকান্ত দলে, লাবণ্য মিলি, OSD অনিল কুমাৰ পেগুকে ধৰি কৃষি কাৰ্যত জড়িত বহু গন্য মান্য ব্যক্তি।

মুকলি সভাত মিচিং স্বায়ত্তশাসিত পৰিষদে কৃষি, উদ্যান শস্য, মীন, পশুপালন, কুটীৰ শিল্প, হস্ততাঁত বস্ত্ৰ বিভাগত গ্ৰহন কৰা বিভিন্ন আঁচনি বিষয়ে “জীৱিকা মেলাত অংশগ্ৰহনকাৰী সকওৰ লগতে কৃষক ৰাইজক উদ্দেশ্যি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।
Mising Autonomous Council .