৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com January 13/2023:- 

1. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী আজি বিশ্বৰ আটাইতকৈ দীঘল নদীভ্ৰমণ এম ভি গংগা বিলাসৰ শুভাৰম্ভ কৰে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে গুৱাহাটীত সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধনৰ লগতে পাণ্ডুত এটি জাহাজ মেৰামতি কেন্দ্ৰ আৰু পাণ্ডু বন্দৰসমূহক ঘাইপথৰ সৈতে সংযোগ কৰা এলিভেটেড পথসমূহৰ শিলান্যাস কৰে।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱো ভাৰ্চুৱেলী এই শুভ কৰ্মত উপস্থিত আছিল।
পাণ্ডুত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পদ নায়ক, সাংসদ কুইন ওজা আৰু বহু গন্যমান্য ব্যক্তি।Narendra Modi

2. JDUৰ প্ৰাক্তন অধ্যক্ষ শাৰদ যাদৱৰ দেহাৱসান।
৭৫ বছৰ বয়সত দেহাৱসান ঘটে শাৰদ যাদৱৰ।
৭ বাৰকৈ লোকসভা আৰু ৩ বাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল শাৰদ যাদৱ।

3. গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মহাৰজত জয়ন্তী।
অহা ২২ জানুৱাৰীত বাণিজ্য বিভাগে আয়োজন কৰিছে মহা ৰজত জয়ন্তী অনুষ্ঠান।
আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলৰ জৰিয়তে মহাৰজত জয়ন্তীৰ কাৰ্যসূচী ঘোষণা কৰা হয়।
অনুষ্ঠানটো উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

4. ‘বাঘ হাজৰিকা সন্দৰ্ভত ইতিহাসবিদে ক’ব।
বাঘ হাজৰিকা নাথাকিলেও খিলঞ্জীয়া মুছলমানৰ অস্তিত্ব নাইকিয়া নহয়’।
বাঘ হাজৰিকা বিতৰ্ক সন্দৰ্ভত মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

5. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আলংকাৰিক মাছ সৰবৰাহৰ অপচেষ্টা।
গোপন খবৰৰ ভিত্তিত নিশা কলিয়াবৰ আৰক্ষীৰ অভিযান।
আৰক্ষীৰ জালত পৰিছে দুষ্প্ৰাপ্য চেং মাছসহ ২ সৰবৰাহকাৰী।
এখন এল্ট’ বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫টা চেং মাছ।
IUCNৰ দ্বাৰা চেং মাছ গুৰুতৰভাৱে বিপদাপন্ন বুলি মূল্যায়ন হৈছে।
আটক কৰা হৈছে খাৰুপেটীয়াৰ আতিবুৰ ৰহমান, হাকিবুল ইছলামক।লগতে জব্দ কৰা হৈছে ২টা মোবাইলসহ নগদ ২,৯০০ টকা।
মাছসহ ২ সৰবৰাহকাৰীক চমজাই দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক।

6. লামডিঙত ঠিকাদাৰৰ বাসগৃহত চোৰ।
হীৰাৰ আঙুঠি, ১৬ লক্ষাধিক টকাৰ সম্পত্তি লৈ উধাও হয় চোৰটো।
প্ৰথমে চোৰে সেৱন কৰিলে মদ, তাৰ পিছত বিড়ি, শেষত পেপচি, কাজু খাই লক্ষাধিক টকাৰ বয় বস্তু লৈ উধাও হয়।

7. অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান।
গড়গাঁও মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
প্ৰতিযোগিতাত চুড়ান্ত বিজয়ী হয় নাজিৰা ক্ৰিকেট একাডেমীৰ।

8. দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত আৰক্ষীৰ অভিযান।
বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ গ্রেপ্তাৰ কৰে সৰবৰাহকাৰীক।
আটক কৰে সৰবৰাহকাৰী দিদাৰুল ইছলামক।

9. দক্ষিণ কামৰূপৰ সোণতলীত আবকাৰী বিভাগৰ অভিযান।
সোণতলীৰ চৰাঞ্চলত আবকাৰী বিভাগৰ গাঞ্জা ধ্বংস অভিযান।
অভিযানত কেইবাটাও চাপৰিত জ্বলাই দিলে কেইবালক্ষাধিক টকাৰ ভাং গছ।

10. ধূপধৰা আৰক্ষীৰ অভিযানত গ্রেপ্তাৰ কৰে তিনি চোৰক।
কেইদিনমান পূৰ্বে এটা গুদামৰ পৰা চুৰি কৰিছিল ১.৭০ লাখ টকাৰ সা-সম্পত্তি।
আটক কৰে ধৃত ফৰিদূল ইছলাম, দীপনজিৎ ৰাভা, জাহিৰ খান।

11. চাবুৱাত উদ্ধাৰ কৰে ৩০টাকৈ গুলী।
এখন দোকানৰ পিছফালে পুতি থোৱা আছিল গুলীসমূহ।
নলা খান্দি থকা অৱস্থাতে উদ্ধাৰ কৰে গুলীসমূহ।
কোনে গুলি সমূহ তাত ৰাখিলে সেয়া আৱৰ্তত।
এই ঘটনাৰ সন্দৰ্ভত তদন্ত্ৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আনহাতে চটাইতো পুখুৰীত ওলাল পিষ্টল।
পুখুৰী সিঁচি থকা অৱস্থাত উদ্ধাৰ কৰে পিষ্টলটো।
ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ পিষ্টলটো উদ্ধাৰ কৰে।

12. দৰঙৰ নামখলাত পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুঁটাত খুন্দা মাৰে বাইক আৰোহীয়ে।
মৰিয়নিত নিয়ন্ত্রণ হেৰুৱাই পথত বাগৰিল এখন বেলেন’ বাহন।
নকছাৰি অভিমুখে আহি থকা অৱস্থাত আমতলত সংঘটিত হয় দুৰ্ঘটনাটো।
নিহত হয় ৩ জন যুৱক।

13. মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ ৰাতুল দাসলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তৰফৰ পৰা বঁটা প্ৰদান।
চিকিৎসক ডাঃ ৰাতুল দাসলৈ Highest performing Laparoscopic Surgeonৰ সন্মান প্ৰদান কৰা হৈছে।

14. ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ বিহুৰ উপহাৰ মন্ত্ৰী অতুল বৰাৰ ৷
৭ কেজি আৰু ৮ কেজি ওজনৰ দুটা ভকুৱা উপহাৰস্বৰূপে মুখ্যমন্ত্ৰীক দিয়ে অটুল বৰাই ৷

15. আজি হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত “স্বনির্ভৰ নাৰী” আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে ইউ জি ব্ৰহ্ম, নন্দিতা গাৰ্লোছা, অজন্তা নেওগ, পৰিমল শুক্লবৈদ্য, অতুল বৰা, যোগেন মোহন, সঞ্জয় কিষাণ, কুইন ওজা আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি।

16. বঙাইগাঁও জিলাৰ বিসৰ্জ্জন ঘাটত ‘দ্যা ইষ্ট ষ্টোৰী’ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত প্ৰথম চিলা মহোৎসৱ।
দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চিলা প্ৰতিযোগিতাৰ৷

17. জুৰীয়াৰ পৰমাইভেটী গাঁৱত অগ্নিকাণ্ড সংঘটিত হয়।
ফকৰউদ্দিন মৌলানা নামৰ এজন ব্যক্তিৰ ঘৰত নিশা ১১ বজাত অগ্নিকাণ্ড সংঘটিত হয়৷
মমবাতিৰ পৰা জুইৰ সূত্ৰপাত হয়।
জুইত জাহ যায় বাসগৃহৰ লগতে বহু সা-সম্পত্তি।

18. “আচলতে যিমানে সময় বাগৰিছে সিমানেই অসমৰ মুখ্যমন্ত্ৰীগৰাকী ৰাজনৈতিক ভাৱে অস্থিৰ হৈ পৰিছে”- মন্তব্য ভূপেন বৰাৰ।

19. ভোগালীৰ প্ৰাকক্ষণত কাজিৰঙাত ৰাজহুৱা মৎস্য চিকাৰত নিষেধাজ্ঞা ৷
কাজিৰঙাৰ সমীপৰ নৈ, বিল,¸জলাশয়ত মৎস্য চিকাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷
কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা ৷
অনাকাংক্ষিত ঘটনা প্ৰতিৰোধ কৰিবলৈ সষ্টম হৈ আছে বন বিভাগ ৷
সাজু কৰি ৰখা হৈছে দ্বিতীয় অসম বন সুৰক্ষা বাহিনী ৷
পৰম্পৰাৰ অজুহাতত মৎস্য চিকাৰ কৰিলে আইনমতে হ’ব দণ্ডনীয়, বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ ২৯ ধাৰা অনুসৰি লোৱা হ’ব ব্যৱস্থা ৷

20. দেৰগাঁৱৰ সমীপৰ বাদুলিপাৰাত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
গুলীচালনাত আহত হয় অকণি দাস নামৰ এটা ডকাইত।
আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ডকাইতটোৱে।
নগাৱৰ পৰা চুৰি সামগ্ৰী লৈ অনাৰ বাবে সংঘটিত হয় এই ঘটনা।
আৰক্ষী জোৱান নিপুন বৰুৱাক আক্ৰমনৰ চেষ্টা কৰিছিল ডকাইটোৱে।

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *