বঙালী সাহিত্যিক শৰৎচন্দ্ৰ চট্টোপাধ্যায় দেৱৰ জীৱনযাত্ৰাঃ
শৰৎচন্দ্ৰ চট্টোপাধ্যায় জন্ম হৈছিল ১৮৭৬ চনৰ ১৫ ছেপ্টেম্বৰত বেংগল প্ৰেচিডেন্সিৰ হুগলী জিলাৰ দেৱানন্দপুৰ গাঁৱত ।
তেওঁৰ পিতৃৰ নাম মতিলাল চট্টোপাধ্যায় আৰু মাতৃৰ নাম ভুৱনমোহিনী দেৱী।
শৰৎচন্দ্ৰ চট্টোপাধ্যায় এজন বিখ্যাত বঙালী সাহিত্যিক আছিল।
শৰৎচন্দ্ৰৰ পাঁচ বছৰ বয়সকালত মতিলালে তেওঁক দেৱানন্দপুৰৰ প্যাৰী পণ্ডিতৰ পাঠশালাত ভৰ্ত্তি কৰে।
তাত তেওঁ দুই-তিনি বছৰ শিক্ষালাভ কৰে।
ইয়াৰ পিছত ভাগলপুৰ চহৰত থকা সময়ত তেওঁৰ মোমায়েকে স্থানীয় দুৰ্গাচৰণ বালক বিদ্যালয়ত ছাত্ৰবৃত্তিত ভৰ্তি কৰায়।
১৮৮৭ চনত শৰৎচন্দ্ৰক ভাগলপুৰ জিলা স্কুলত নাম লগায়।
১৮৮৯ চনত দেউতাকৰ চাকৰী গুচি যোৱাত তেওঁ পৰিয়াল লগত লৈ দেৱানন্দপুৰলৈ ঘুৰি অহাত শৰৎচন্দ্ৰয়ে জিলা স্কুল ত্যাগ কৰে।
তেতিয়া তেওঁ হুগলী ব্ৰাঞ্চ স্কুলত ভৰ্তি হয়, কিন্তু ১৮৯২ চনত দাৰিদ্ৰৰ বাবে স্কুলৰ মাচুল দিবলৈ নোৱাৰাৰ কাৰণে তেওঁক এই বিদ্যালয় ত্যাগ কৰিলগীয়া হয়।
এই সময় তেওঁ ‘কাশীনাথ’ আৰু ‘ব্ৰহ্মদৈত্য’ নামৰ দুটি গল্প লিখিছিল।
১৮৯৩ চনত মতিলালে পুনৰায় ভাগলপুৰ ঘুৰি যোৱাত প্ৰতিৱেশী সাহিত্যিক তথা তেজনাৰায়ণ জুবিলী কলেজিয়েট স্কুলৰ শিক্ষক পাঁচকড়ি বন্দ্যোপাধ্যায়ে শিক্ষালাভৰ প্ৰতি শৰৎচন্দ্ৰৰ আগ্ৰহ লক্ষ্য কৰি তেওঁক বিদ্যালয়ত ভৰ্তি কৰাই দিয়ে।
এই বিদ্যালয়ৰ পৰা ১৮৯৪ চনত দ্বিতীয় বিভাগত এন্ট্ৰেন্স পৰীক্ষা পাচ কৰি তেজনাৰায়ণ জুবিলী কলেজত ভৰ্তি হয়।
এই সময়ত তেওঁ তেওঁৰ মাতামহৰ কনিষ্ঠ ভ্ৰাতা অঘোৰনাথৰ দুই পু্ত্ৰ সুৰেন্দ্ৰনাথ আৰু গিৰীন্দ্ৰনাথক প্ৰতি নিশা পঢ়াইছিল আৰু তাৰ বিনিময়ত অঘোৰনাথে তেওঁক কলেজত পঢ়িবলৈ প্ৰয়োজনীয় অৰ্থৰ যোগান ধৰিছিল।
কিন্তু এফ.এ. পৰীক্ষাৰ মাচুল দিব নোৱাৰাৰ বাবে তেওঁ পৰীক্ষা দিবলৈ নোৱাৰিলে।
কলেজ ত্যাগ কৰাৰ পিছত শৰৎচন্দ্ৰ ভাগলপুৰ চহৰৰ আদমপুৰ ক্লাবৰ সদস্যৰ লগত খেলাধুলা আৰু অভিনয় কৰি সময় অতিবাহিত কৰিছিল।
সেই সময়ত প্ৰতিবেশী বিভূতিভূষণ ভট্টেৰ ঘৰত এটি সাহিত্যসভাৰ আয়োজন কৰা হৈছিল, তাত তেওঁ বহু চুটিগল্প লিখি উলিয়াইছিল।
তেওঁ কিছুদিন বনেলী ৰাজ-ষ্টেটত চাকৰি কৰিছিল। কিন্তু পিতাৰ ওপৰত কিবা কাৰণে অভিমানবশতঃ তেওঁ সন্ন্যাসী সাজি ঘৰ এৰি গুচি যায়।
তেতিয়া তেওঁৰ পিতাৰ মৃত্যু হোৱাত তেওঁ ভাগলপুৰ ঘুৰি আহি পিতাৰ শ্ৰাদ্ধ সম্পন্ন কৰি কলকাতা যাত্ৰা কৰে।
তেওঁ কলকাতা উচ্চ ন্যায়ালয়ৰ উকিল লালমোহন গঙ্গোপাধ্যায়ৰ ঘৰত হিন্দী কিতাপৰ ইংৰাজী তৰ্জমা কৰাৰৰ বাবে মাহিলী ৩০ টকাৰ চাকৰী পায়।
‘অনীলা দেৱী’ ছদ্মনামেৰে তেওঁ সাহিত্যচৰ্চা কৰিছিল।
তেখেতে ৰছনা কৰা উল্লেখযোগ্য উপন্যাস সমূহঃ
চৰিত্ৰহীন, পণ্ডিতমশাই, পল্লী-সমাজ, চন্দ্ৰনাথ,
দেৱদাস, গৃহদাহ, নৱ-বিধান,
পথেৰ দাবী, শেষ প্ৰশ্ন, শুভদা।
উল্লখযোগ্য গল্পসমূহঃ দৰ্পচূৰ্ণ, পৰিণীতা, বিন্দুৰ ছেলে, পথ-নিৰ্দেশ, আধাঁৰে আলো, স্বামী, অনুৰাধা, পৰেশ, সতী, নিষ্কৃতি, কাশীনাথ, অৰক্ষণীয়া, ছবি ।
নাটকঃ ৰমা, ষোড়শী, বিৰাজ বৌ, বিজয়া ইত্যাদি।
প্ৰবন্ধঃ তৰুণেৰ বিদ্ৰোহ, ভাৰতীয় উচ্চ সংগীত,
নাৰীৰ মূল্য, স্বদেশ ও সাহিত্য,
স্বৰাজ সাধনায় নাৰী, শিক্ষাৰ বিৰোধ, স্মৃতিকথা,অভিনন্দন, ভৱিষ্যৎ বংগ-সাহিত্য, গুৰু-শিষ্য সংবাদ, সাহিত্য ও নীতি, সাহিত্যে আৰ্ট ও দুৰ্নীতি।
তেওঁ সাহিত্যকৰ্মৰ বাবে তেওঁক ‘অপৰাজেয় কথাশিল্পী’ আৰু ‘সাহিত্য সম্ৰাট’ প্ৰভৃতি নামেৰে জনাজাত।
১৯৩৮ চনৰ ১৬ জানুৱাৰী তাৰিখে ৬১ বছৰ বয়সত মৃত্যু হয়।