৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com January 16/2023:-
1. ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ঢেকীয়াজুলিৰ কিশোৰ উত্তম তাঁতী।
২০১৯ বৰ্ষত প্ৰলয়ংকৰী বানৰ পৰা ১০ বছৰীয়া উত্তমে উদ্ধাৰ কৰিছিল এগৰাকী মহিলা আৰু তেওঁৰ ৫ বছৰীয়া সন্তানক।
এই সাহসিকতাপূৰ্ণ পদক্ষেপৰ বাবে এই বছৰ উত্তমলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সাহসিকতা বঁটা।
২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনা উত্তমক ৰাষ্ট্ৰপতিয়ে নিজ হাতে প্ৰদান কৰিব সাহসিকতাৰ পুৰস্কাৰ ।
2. ‘মোক বৰ্জন কৰিয়েই থাকে, সেইবোৰত মোৰ আপত্তি নাই।
কিন্তু অসমখন ভাগ-ভাগ হোৱাটো মই নিবিচাৰো, মই বৰ অসম বিচাৰো।
কিন্তু বৰ অসম এতিয়া মাথো সপোন’- মন্তব্য কণ্ঠশিল্পী জুবিন গাৰ্গৰ।
3. পবিতৰা ৰাষ্ট্রীয় উদ্যানত উচ্চ পদস্থ বন বিষয়াৰ উদ্ভণ্ডালি।
পবিতৰাৰ ভিতৰত ছিগাৰেট খাই উদ্ভণ্ডালি সপত্নীক বিষয়াগৰাকী।
বনৰক্ষী, ড্ৰাইভাৰ, গাইডক অসভ্য ব্যৱহাৰ কৰে।
বিষয়াগৰাকী হৈছে বন বিভাগৰ আয়ুক্ত সচিব আকাশদ্বীপ।
4. জনপ্ৰিয় অভিনেতা মহেশ দেউৰীৰ দেহাৱসান।
হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জনপ্ৰিয় অভিনেতাগৰাকীৰ।
ল’কেল কুংফু ছবিখনত এটা খুহুতীয়া চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল অভিনেতাগৰাকী।
5. ‘জুবিনে অনতি পলমে ক্ষমা খোজক, জুবিন গাৰ্গৰ মতে নচলে কোনো দল সংগঠন’।
প্ৰস্তাৱিত পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰি মঞ্চত জুবিন গাৰ্গে উষ্মা প্ৰকাশ কৰাৰ পিছত এই প্ৰতিক্ৰিয়া কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনৰ।
6. কাইলৈ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী।
গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী।
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে মৃত্যু বাৰ্ষিকী।
7. মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।
গুৰুতৰভাৱে আহত হৈছে ৩ গৰাকী ছাত্ৰী।
আহত ছাত্ৰী কেইগৰাকীক উন্নত চিকিৎসাৰ বাবে GMCHলৈ নিয়া হয়।
আহতকেইগৰাকীক উন্নত চিকিৎসাৰ বাবে GMCHত বিশেষ দল গঠন উপস্থিত থাকে।
8. ভোগালী বিহুৰ সমান্তৰালভাৱে ৰাজ্যত উদযাপিত হৈছে টুচু পূজা।
চাহ জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে পালন কৰে টুচু পূজা।
দেৱীক মূৰত লৈ ঝুমুৰ নৃত্য গীতেৰে আনন্দ কৰে লোক সকলে।
নামঘৰে নামঘৰে দেৱীক লৈ মংগল ধ্বনি দি বিসৰ্জন নদীত দিয়ে।
9. মেৰাপানীৰ কাছমাৰীত দুৰ্বৃত্তৰ তাণ্ডৱ।
কাটি তহিলং কৰিলে ২০০ৰো অধিক তামোলৰ পুলি।
দক্ষিণ নেঘেৰীৰ ৰঞ্জিত বৰাই ৰোপণ কৰিছিল তামোলৰ পুলিখিনি।
10. কাছাৰৰ ধলাইত আৰক্ষীৰ তালাচী অভিযান৷
অভিযানত জব্দ কৰে বাৰ্মিজ চুপাৰিভৰ্তি এখন ট্ৰাক ৷
ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হৈছে ১২০০ কেজি চুপাৰি।
11. ইণ্ডোনেছিয়াত পুৱতি নিশা ভূমিকম্পৰ জোকাৰণি।
৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ইণ্ডোনেছিয়া।
দেশখনৰ উত্তৰ সোমাত্ৰাত অনুভূত হয় কম্পন।
12. বিহুৰ আনন্দৰ মাজতে হোজাইৰ যমুনামুখত ভয়ংকৰ অগ্নিকাণ্ড।
ব্ৰয়লাৰ ফাৰ্মত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই।
অগ্নিকাণ্ডত ৫ লক্ষাধিক টকা সম্পত্তি ক্ষতিসাধন কৰে।
প্ৰায় ৩ হাজাৰ ব্ৰয়লাৰ মুৰ্গী আছিল ফাৰ্মখনত৷
13. বটদ্ৰৱাৰ উচ্ছেদিত ভূমিত বেদখলকাৰীয়ে পুনৰ আৰম্ভ কৰিছে নিৰ্মাণকাৰ্য।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতে সৃষ্টি হয় উত্তেজনাৰ। আৰক্ষী-প্ৰশাসনৰ বাহন আবদ্ধ কৰি ৰাখে উত্তেজিত ৰাইজে।
14. পহিলা মাঘৰ দিনা উখল-মাখল ৰংঘৰৰ বাকৰি ৷
টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা। পৰম্পৰাগৰত খেল-ধেমালিৰে আয়োজন কৰা হৈছে ৰংঘৰৰ বাকৰিত৷
15. আজি হাজোত আয়োজন কৰা হৈছে মণিকূট উৎসৱ।
হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই উৎসৱৰ আয়োজন কৰা হৈছে৷
16. মৰিগাঁৱৰ ধৰমতুলত শোকাৱহ ঘটনা ৷
ৰৈ থকা ট্ৰাকত খুন্দা মাৰে তীৰ্থযাত্ৰীৰ বাহনে ৷
দুৰ্ঘটনাত ৩গৰাকী তীৰ্থযাত্ৰী মৃত্যু হোৱাৰ লগতে আন ১৯গৰাকী গুৰুতৰভাৱে আহত হয় ৷
বহুকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷
ঘনকুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
বাক্সাৰ পৰা পৰশুৰাম কুণ্ডলৈ গৈছিল দলটো, উভতি অহাৰ সময়তে ধৰমতুলত সংঘটিত হয় দুৰ্ঘটনা ৷
17. “কংগ্ৰেছে ৩০বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে কৰি দেখুৱাইছে”- মন্তব্য বদৰুদ্দিন আজমলৰ।
18. গোৰেশ্বৰত ৯ জুৱাৰী আটক কৰে আৰক্ষীয়ে৷
মাঘ বিহুৰ দিনাই গোৰেশ্বৰৰ ৰৌমাৰী গাঁৱত চলিছিল জুৱাৰ আড্ডা ৷
গোৰেশ্বৰ আৰক্ষীয়ে অভিযান চলাই বাইক আৰু নগদ ২৬,৯২০ টকা উদ্ধাৰ কৰাৰ লগতে আটক কৰে জুৱাৰীকেইজনক৷
19. দুলীয়াজানৰ টিংৰাইত বিধ্বংসী অগ্নিকাণ্ড ৷
তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণত ভস্মীভূত হ’ল ব্যৱসায়িক প্ৰতিষ্ঠান ৷
বহু লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয়।
20. তিনিচুকীয়াৰ গুঁইজানত পথ দুৰ্ঘটনা।
ছুইফট আৰু অটোৰ মুখামুখি সংঘৰ্ষত নিহত হয় অটোচালক আৰু আন তিনিজন লোক আহত হয়।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জ্বলাই দিয়ে ক্ষুব্ধ ৰাইজে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে তিনিচুকীয়া আৰক্ষীয়ে।