৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com January 27/2023:- 

1. “এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীত অনুষ্ঠিত হ’ব চূড়ান্ত পৰীক্ষা।
এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব দুয়োটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে।
চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হ’ব বিশেষ পৰীক্ষা।
এই পৰাক্ষীতো অনুত্তীৰ্ণ হ’লে একেটা শ্ৰেণীতে পুনৰ পঢ়িব লাগিব ছাত্ৰ-ছাত্ৰীয়ে”।
এই ঘোষণা শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ।

2. ‘তামোলৰ পিক পেলোৱা মানুহক দুই বেটমান লগাব লাগে’।
চাফা কৰিবলৈ এটা টীম নিয়োগ কৰি দিব লাগে।
তামোলৰ পিক পেলোৱা লোকক সকীয়নি DGP ভাস্কৰজ্যোতি মহন্তৰ।

3. অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে আলট্ৰা ৰান।
কাইলৈ পুৱাতে অনুষ্ঠিত হ’ব কাজিৰঙা আলট্ৰা ৰান ২০২৩।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ সংখ্যা শূন্যলৈ হ্ৰাস কৰাৰ ক্ষেত্ৰত যি সকল লোকৰ অপৰিসীম কষ্ট আৰু ত্যাগ জড়িত হৈ আছে সেই সকল লোকক উৎসাহিত কৰাৰ লগতে জন সজাগতাৰ উদ্দেশ্যে কাজিৰঙাত অনুষ্ঠিত হ’ব কাজিৰঙা আলট্ৰা ৰান।
কাজিৰঙাৰ বৈচিত্ৰ্যময় পথেৰে আয়োজন কৰা আলট্ৰা ৰান শনিবাৰে পুৱা ৫.৩০ত বৰগছ ৰিজ’ৰ্টৰ পৰা আৰম্ভ হ’ব।

4. ২৩ জানুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া ছেট্টী।
তাৰ পিছতেই চলিছিল বিয়াখনক লৈ চৰ্চা।
দুয়োৰে বিয়াত বহু দামী দামী উপহাৰ দিয়া বুলি খবৰ ওলাইছিল।
পিছে সেয়া হেনো মিছা।
সুনীল ছেট্টীয়ে দুয়োকে মুম্বাইত ৫০ কোটি টকাৰ ফ্লেট, ছলমান খানে অডি গাড়ী, বিৰাট কোহলীয়ে বিএমডব্লিউ গাড়ী, মহেন্দ্ৰ সিং ধোনীয়ে নিনজা বাইক দিয়া বুলি চলিছিল চৰ্চা।
পিছে এই সকলোবোৰ নস্যাৎ কৰিছে ছেট্টী পৰিয়ালে।

5. অভিনেতা অন্নু কাপুৰ অসুস্থ।
বুকু বিষৰ বাবে হৰ্ঠাৎ অসুস্থ হৈ পৰে অভিনেতাগৰাকী।
দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক।

6. নগৰবেৰা আৰক্ষী থানাৰ নৱনিৰ্মীত ভৱণটি ভাৰ্চুৱেলী
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু বহু গন্যমান্য ব্যক্তি।

7. আৰোহণৰ তৰফৰ পৰা ২০২২ বৰ্ষৰ বাবে সংগীত পৰিচালক, সুৰকাৰ, কণ্ঠশিল্পী নিলোৎপল বৰালৈ “ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা” ।
২০ ফেব্ৰুৱাৰীত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ একনৱতিতম ওপজা দিনত আৰোহণৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ব এই বঁটা।

8. ধিঙৰ উধানতলাৰ গুলীচালনাৰ ঘটনা।
গুলীচালনাৰ ঘটনাত জড়িত ২ যুৱকক গ্ৰেপ্তাৰ।
পিষ্টলসহ গ্ৰেপ্তাৰ অভিযুক্ত ছামীম আকতাৰ আৰু ৰাহুল আমীনক।
ধিঙৰ বৰবিল কছাৰীবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰা দুয়োজন যুৱক উচ্চতৰ মাধ্যমিকৰ ছাত্র ।
ৱাহিদুৰ ইছলাম নামৰ এজন লোকক গুলীয়াইছিল যুৱকদ্বয়ে।
সম্প্ৰতি নগাঁৱত চিকিৎসাধীন গুলীবিদ্ধ ৱাহিদুৰ ইছলাম।
গণৰাজ্য দিৱসৰ দিনা সংঘটিত হৈছিল এই গুলীচালনা।

9. ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ’ব ১২টা চিতাবাঘ।
এক দশকজুৰি ভাৰতলৈ চিতা প্ৰেৰণৰ চুক্তিত স্বাক্ষৰ দক্ষিণ আফ্ৰিকাৰ।

10. মিজোৰামৰ খাউজাউলত ভয়াৱহ ভূমিস্খলন।
ভূমিস্খলনত নিহত হয় ৩ শ্ৰমিক।
চেলিং-চাম্ফাই ঘাইপথ নিৰ্মাণত কৰ্তব্যৰত আছিল শ্ৰমিককেইজন ।
নিহত শ্ৰমিককেইজন পশ্চিমবংগৰ ৰতন মণ্ডল, অলক মণ্ডল আৰু প্ৰেম কুমাৰ মণ্ডল আছিল।

11. চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে ৰংজুলি বন বিভাগৰ অভিযান।
কুশধোৱা মাজপাৰাত শালগছৰ কুণ্ডাভৰ্তি এখন বাহন জব্দ জব্দ কৰে বন বিভাগৰ লোকে।
ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়াৰ নেতৃত্বত চলিছিল অভিযান।

12. নগৰবেৰাৰ পিজুপাৰাত নিশা পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে তীব্ৰবেগী বাহনে।
দুৰ্ঘটনাত শিশুসহ আহত চাৰিজনকৈ লোক।
আহত সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

13. আজিৰে পৰা তিনিদিনীয়াকৈ ৰহাত অনুষ্ঠিত হৈছে চুতীয়া যুৱ সন্মিলন।
অসমৰ মহাৰজত জয়ন্তীৰ সাংস্কৃতিক যুৱ মহোৎসৱ।
ৰহাৰ বাতমাৰী পথাৰত অনুষ্ঠিত হৈছে এই সাংস্কৃতিক যুৱ মহোৎসৱ।

14. শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে গোলাঘাটৰ মৰঙিত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভাওনা প্ৰতিযোগিতা।
১৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন জিলাৰ ২৫টাকৈ নাট্যদলে।

15. গোলকগঞ্জৰ আগমনিত ট্ৰাকভৰ্তি অবৈধ ইউৰিয়া জব্দ কৰা হৈছে।
বংগৰ পৰা ধুবুৰী অভিমুখী আছিল ট্ৰাকখন।
ট্ৰাকখনৰ পৰা জব্দ কৰিছে ৬৯৬ বস্তা ইউৰিয়া।
ঘটনাৰ সন্দৰ্ভত ট্ৰাক চালকক আটক কৰিছে আৰক্ষীয়ে।

16. মুকালমুৱাৰ ৰামপুৰত ৰাস মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন।
প্ৰায় ৮০ লাখ টকা ব্যয়ৰে আটকধুনীয়াকৈ মন্দিৰটো নিৰ্মাণৰ পৰিকল্পনা।
ধৰ্মীয় ৰীতি নীতিৰে জেষ্ঠ ব্যক্তি সকলে ভূমি পূজন।
ৰাইজৰ দান-বৰঙনিৰে ৰাস মন্দিৰটোৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছে।
ভূমি পুজন অনুষ্ঠানত উপস্থিত থাকে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন।

17. আমগুৰিত নাহৰফুটুকীৰ আক্ৰমণত আহত হয় কিশোৰ।
অভয়পুৰীয়া নৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
কিশোৰটিৰ হাত-ভৰিত আক্ৰমণ কৰে নাহৰফুটুকীটোৱে।
বৰ্তমান আমগুৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

18. সৰস্বতী পূজা আৰু গণৰাজ্য দিৱস ধুবুৰীত শোকাবহ পথ দুৰ্ঘটনা।
ধুবুৰীৰ গুৰু টেগ বাহাদুৰ পথত এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰখাই থোৱা দুখন বাইকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
থিতাতে নিহত হয় দুই কিশোৰী।
নিহত কিশোৰী দুগৰাকী গৌৰীপুৰৰ নিৰ্মালী ৰায় আৰু শিৱাংগী ৰায় বুলি জানিব পৰা গৈছে।
এই দুৰ্ঘটনাটোৱে শোকাহত কৰিছে সমগ্ৰ ধুবুৰীবাসীক।

19. মানকাচৰৰ পিপুলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
পথৰ পৰা উফৰি পুখুৰীত সোমাল এখন যাত্ৰীবাহী টেম্প’।
পথৰ দুৰাৱস্থাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰে টেম্প’খন।
দুৰ্ঘটনাত নিহত হয় টেম্প’খনৰ চালকজন।
নিহত চালকজনৰ নাম ছিদ্দিক আলী।
দুৰ্ঘটনাত কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আন কেইবাজনো লোক।
আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

20. “পাঠানৰ নাম আচলতে ইণ্ডিয়ান পাঠান হ’ব লাগিছিল।
পাঠান এখন ভাৰতীয় ছবি, সেয়ে ইয়াত জয় শ্ৰী ৰাম ধ্বনিয়ে শুনিবলৈ পাব” বুলি মন্তব্য কৰে অভিনেত্ৰী কংগনা ৰাণাৱত এ।

Mising Autonomous Council
Mising Autonomous Council .

Leave a Reply

Your email address will not be published. Required fields are marked *