এলোভেৰাৰ অপকাৰীতাঃ

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

এলোভেৰা আমাৰ শৰীৰৰ বাবে উপকাৰিও আৰু অপকাৰিও।

এলোভেৰা ৰস খোৱা আৰু জেল ব্যৱহাৰ কৰাৰ ফলত শৰীৰত কিছুমান বেমাৰ হোৱাৰ সম্ভাৱনা থাকে।

জানো আহক এলোভেৰা আমাৰ শৰীৰৰ বাবে কিমান অপকাৰীতাঃ

1. এলোভেৰাৰ ৰসে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰিব পাৰে ।
ইয়াৰ বাবে ডায়েবেটিছ ৰোগীৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতাৰ সম্ভাৱনা থাকে ।

2. এলোভেৰাৰ ৰসে পটাছিয়ামৰ মাত্ৰা কমাই দিব পাৰে, যাৰ ফলত শৰীৰ হৃদস্পন্দন অনিয়মিত, দুৰ্বলতা আৰু ভাগৰুৱা হ’ব পাৰে।

3. এলোভেৰা জেলে কিছুমান মানুহৰ এলাৰ্জিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।
যাৰ ফলত ছালৰ দাগ, চকুত ৰঙা পৰা, চালত গুটি ওলোৱা, জ্বলা-পোৰা আৰু ফুলা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

4. এলোভেৰাৰ অধিক ব্যৱহাৰে ছালত খজুৱতি, ফুলি উঠা বা ৰঙা পৰা আদিৰ সমস্যাই দেখা দিয়ে।

5. গৰ্ভৱতী মহিলা সকলে এলোভেৰা জুচ খোৱাৰ পৰা বিৰত থাকিব লাগে।
এই জুচ খোৱাৰ ফলত গৰ্ভাশয় সংকুচিত হোৱাৰ আশংকা থাকে।

6. পুৱাই খালি পেটত বহু লোকে এলোভেৰা সেৱন কৰে।
যাৰ বাবে ডিহাইড্ৰেচনৰ সমস্যাই দেখা দিয়ে।

7.এলোভেৰা নিয়মিতভাৱে সেৱন কৰিলে ৰক্তচাপ একেবাৰে তললৈ নমাই দিয়ে। যি সকলৰ নিম্ন ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ এলোভেৰা সেৱনৰ পৰা বিৰত থাকিব লাগে।

গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে এলোভেৰাৰ জেল ত্যাগ কৰক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

আপুনি যদি লিখনিটো পঢ়ি ভাল পালে তেন্তে চেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আপোনালোকৰ উৎসাহ, প্ৰেৰণাই আমাক অধিক কর্মস্পৃহা যোগায়।
ধন্যবাদ।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *