৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com January 30/2023:- 

1. আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু তিথি।
আজিৰ দিনটোতে জাতিৰ পিতাক হত্যা কৰিছিল নাথুৰাম গডছে।
ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে।

2. আজি সামৰণি পৰিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা।
১৪ খন ৰাজ্যৰ ৪,০৮০ হাজাৰ কিঃমিঃ পথ অতিক্ৰম কৰিলে ৰাহুল গান্ধীয়ে।
২০২২ বৰ্ষৰ ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা।
কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ শ্ৰীনগৰত সামৰণি অনুষ্ঠান।
শ্বেৰ-ই-কাশ্মীৰ ষ্টেডিয়ামৰ পৰা উলিওৱা হ’ব বিশাল ৰেলী।
সমগ্ৰ যাত্ৰাকালত ১২ খন ৰাজহুৱা সভা, ১৩ খন সংবাদমেল আৰু ১০০ খনৰো অধিক দলীত সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে।

3. ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব G-20 SUMMIT।
১ ফেব্ৰুৱাৰীত উপস্থিত হ’ব আমন্ত্ৰিত দেশৰ প্ৰতিনিধিসকল।
চৰকাৰে ৰং তুলিকাৰে সজাই-পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ।

4. অসমৰ ‘নাইটিংগল’ কোকিলকণ্ঠী গায়িকা দীপালি বৰঠাকুৰৰ আজি ওপজা দিন।
৮২ সংখ্যক জন্ম-বাৰ্ষিকীৰ পবিত্ৰ ক্ষণত শিল্পীগৰাকীলৈ Rnewsindia24 ৰ তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি।

6. আজি ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
দিনৰ ২ বজাৰ পৰা আৰম্ভ হয় কেবিনেট।
জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় কেবিনেট বৈঠক।
বৈঠকৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয় কেইবাগৰাকী মন্ত্ৰী।
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকক লৈ আশাবাদী ডিব্ৰুগড়বাসী।
বৈঠকৰ বাবে সজাই-পৰাই তোলা হৈছে ডিব্ৰুগড় চহৰ।

7. শোণিতপুৰৰ অসম অৰুনাচল সীমান্তৱৰ্তী ভালুকপুঙত সীমান্ত মহোৎসৱ।
নিশা সাংস্কৃতিক অনুষ্ঠান উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় কণ্ঠশিল্পী জেলী কায়ীয়ে গালে, কে ৰাতা লম্বিয়া লম্বিয়া ৰে।

8. মুকালমুৱাত কুংফু, উশ্চু প্ৰতিযোগিতা।
ভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। প্ৰতিযোগিতাখন উদ্বোধন কৰে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই।

9. পাকিস্তানত বোমা বিস্ফোৰণ।
পেছোৱাৰৰ পুলিচ লাইনছ এলেকাত এই বিস্ফোৰণ।
বিস্ফোৰণত বহু লোক হতাহত হোৱাৰ আশংকা।
ঘটনাস্থলীত নিৰাপত্তাৰক্ষী, উদ্ধাৰকাৰী দলে চলাই আছে অভিযান।

10. ‘মোগলৰ বিৰুদ্ধে একেলগে যুদ্ধ কৰিছিল বাঘ হাজৰিকাই।
ৰঞ্জীত এই কথা লিপিবদ্ধ আছে’।
মুখ্যমন্ত্ৰীৰ মন্তব্যক নস্যাৎ ৰমাকান্ত দেউৰীৰ।

11. ডিব্ৰুগড়ৰ বকুল উচ্চ ইংৰাজী বিদ্যালয়ত হঠাৎ উপস্থিত হয় শিক্ষামন্ত্ৰী।
বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ বুজ ল’লে ৰণোজ পেগুৱে।
কেবিনেটৰ পূৰ্বে ডিব্ৰুগড়ৰ একাধিক শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু এ।
বিদ্যালয়খনৰ কাম কাজত অসন্তুোষ্টি প্ৰদান কৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে।

12. মনোনয়ন দাখিলৰ দিনাই নিৰ্বাচনত নিজৰ জয় ১০০ শতাংশ নিশ্চিত বুলি দাবী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ।
আজি ত্ৰিপুৰা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী মানিক সাহাই।
সাহাক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে।

13. বঙাইগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত এখন অল্ট’সহ জব্দ কৰে প্ৰায় ১১.৪৬ গ্ৰাম হেৰ’ইন ।
চাপৰাকাটাৰ পৰা দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

14. বোকাজানত অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ কৰে।
বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত জব্দ কৰে ১০০০ কাৰ্টন সুৰা।
অৰুণাচলৰ পৰা মণিপুৰলৈ চোৰাংভাৱে নিছিল সুৰাখিনি।
নিমখৰ বস্তাত লুকুৱাই সৰবৰাহৰ চেষ্টা চলাইছিল সুৰাখিনি।
জিতেন সিং আৰু শিৱ কুমাৰ নামৰ ২ সৰবৰাহকাৰী আটক কৰে।
জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১৪ লাখ টকা।

15. মহানগৰীৰ কাহিলিপাৰাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী আদিত্যাদি নৱগ্ৰহ মহাযজ্ঞ।
বিশ্ব শান্তিৰ বাবে যুগশ্ৰী নগৰত অনুষ্ঠিত মহাযজ্ঞৰ আজি অন্তিম দিন।
পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে শক্তি মহাযজ্ঞ সম্পন্ন হৈছে।

16. কলকাতাৰ ফৰ্ট উইলিয়াম ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে ষ্টেটছমেন ভিণ্টেজ কাৰ ৰেলী।
ভিণ্টেজ কাৰ ৰেলী উদ্বোধন কৰিলে AWWAৰ আঞ্চলিক সভাপতি নিশা কলিতাই।
ৰেলীৰ ফ্লেগ অফ কৰিলে লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাই।
৮৮ খন ভিণ্টেজ কাৰ আৰু ২৬ খন দুচকীয়া বাহনে অংশগ্ৰহণ কৰা এই ৰেলীৰ বিভিন্ন শ্ৰেণীত বঁটা লাভ কৰে ৩৩ খন বাহনে।

17. গুৱাহাটীত বন্ধ হ’ব OLA, UBER কেব সেৱা।
কেব সেৱা বন্ধৰ সিদ্ধান্ত কেব মজদুৰ সংঘৰ।
১ ফেব্রুৱাৰীৰ পৰা কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত সংঘৰ।

18. ডবকাত বৃহৎ পৰিমাণৰ ড্রাগছসহ দুই সৰবৰাহকাৰী আটক কৰা হয়।
দুই সৰবৰাহকাৰী হৈছে আব্দুল শ্বহীদ আৰু ইক্রাম উদ্দিন।
অভিযুক্তৰ ঘৰত তালাচী চলাই উদ্ধাৰ কৰে ৩টাকৈ কণ্টেইনাৰ।

19. তেজপুৰত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
১৬টা গৰুসহ এখন ট্রাক আৰু চুইফট ডিজায়াৰ বাহন জব্দ কৰে।
আৰক্ষীয়ে আটক কৰে ৰাজীৱ আলী নামৰ চামগুৰিৰ এজন লোকক।

20. সহকৰ্মী মহিলা আৰক্ষী কনিষ্টবলক গুলীয়াই হত্যা কৰাৰ পিছত নিজেও আত্মঘাতী হ’ল এগৰাকী আৰক্ষী।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফিৰোজপুৰত।
জানিব পৰা মতে, ফিৰোজপুৰ কেণ্টনমেণ্ট থানাত কম্পিউটাৰ অপাৰেটৰ হিচাপে নিযুক্ত হৈ থকা মহিলা কনিষ্টবল অমনদ্বীপ কৌনক নিজৰ চাৰ্ভিছ পিষ্টেলেৰে গুলীয়াই হত্যা কৰে পঞ্জাৱ আৰক্ষীৰ স্বাট টীমৰ সদস্য গুৰসেৱাক সিঙে।
এই হত্যাকাণ্ড সংঘটিত কৰিয়েই আৰক্ষী জোৱানজনে পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত মোগা জিলাত জোৱানজনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়।
আৰক্ষীয়ে জোৱানজনে চাৰ্ভিছ পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

 

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Leave a Reply

Your email address will not be published. Required fields are marked *