৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com January 31/2023:- 

1. আজি টাই আহোমসকলৰ পবিত্ৰ মে-ডাম-মে-ফি।
ডিব্ৰুগড়ৰ টিপামত চৰকাৰৰ উদ্যোগত মে-ডাম-মে-ফীৰ আয়োজন।
মে-ডাম-মে-ফীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা, বিধায়ক তেৰছ গোৱালা, বিধায়ক তৰংগ গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।
লগতে নটবমাৰ চুকাফা নগৰত আয়োজন কৰা মে-ডাম-মেফিৰ মুকলি সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

2. আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ১১৪সংখ্যক জন্ম-বাৰ্ষিকী।
তেজপুৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰতো গীতে-মাতে শিল্পীগৰাকীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ সভা।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত দাস, শিল্পীগৰাকীৰ পুত্ৰ তথা তেজপুৰ বিধায়ক পৃথ্বীৰাজ ৰাভা।

3. “ক’ভিডকালীন জৰুৰী পৰিস্থিতিৰ অন্ত পেলাব আমেৰিকাই।
১১ মে’ত আমেৰিকাত অন্ত পৰিব এই পৰিস্থিতিৰ”- ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ।

4. আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী অনুষ্ঠান।
২৫খন পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয় বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি।
মুকলি সভাত উপস্থিত থাকিব বিত্তমন্ত্ৰী অজন্তা নেওগ।

5. অসুস্থ হৈ আছে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁই।
গুৱাহাটীৰ হেলথ চিটী হাস্পতালত সম্প্ৰতি কেইবাগৰাকী চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলি আছে।

5. আজি DGP ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকালৰ সামৰণি পৰিল।
আনুষ্ঠানিকভাৱে DGPৰ দায়িত্ব গ্ৰহণ কৰিলে জি পি সিঙে।
অৱসৰপ্ৰাপ্ত DGP ভাস্কৰজ্যোতি মহন্তই অৰ্পণ কৰিলে এই দায়িত্ব৷

6. ‘শীতকালত জুই ধৰি হাত সেকাৰ বাবে প্ৰদূষণ বৃদ্ধি পাইছে দিল্লীত’- প্ৰদূষণৰ সন্দৰ্ভত মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।

7. কাইলৈ উদ্বোধন কৰা হ’ব ফাঁচীবজাৰৰ নৱনিৰ্মিত পদসেতু।
প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ পদসেতুখন।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই পদসেতুখন।

8. পাকিস্তানত সোমবাৰে সংঘটিত ভয়াৱহ বিস্ফোৰণৰ ঘটনাত নিহতৰ সংখ্যা ৮৫জনলৈ বৃদ্ধি পাইছে।
মঙলবাৰে প্রধানমন্ত্রী শ্বাহবাজ শ্বৰিফে বিস্ফোৰণথলী পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়লৈ গৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়।
জেহাদী সংগঠন পাক তালিবান বা তেহৰিক-ঈ-তালিবানে এই আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

9. “মই আগতে ধুবুৰীৰ ৰজা আছিলো, এতিয়া বাদশ্বাহ হ’ম”- বদৰুদ্দিন আজমল।

10. ১ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত বাঢ়িব ফেৰী সেৱাৰ টিকটৰ দাম।
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱাৰ দাম বৃদ্ধি।
আঢ়ৈ টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা টিকটৰ দাম হ’ব ৫ টকা।
এতিয়াৰ পৰা দুচকীয়া বাহনসহ ব্ৰহ্মপুত্ৰ পাৰ হ’বলৈ ভৰিব লাগিব ১৫ টকা।
আভ্যন্তৰীণ জল পৰিবহণৰ সঞ্চালকালয়ে দিছে নিৰ্দেশনা।

11. কাইলৈৰ পৰা ৰাজ্যৰ ১৪ জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।
দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ১৫ হাজাৰ ৫৫৬খন বিদ্যালয়।
ইয়াৰ বাবে নিয়োজিত হৈছে ৬ হাজাৰ ৩৬৫ গৰাকী বহিঃনিৰীক্ষক।

12. “নাহৰকটীয়াৰ টিপাম হ’ব পৰ্যটনস্থলী।
টিপামত নিৰ্মাণ হ’ব স্বৰ্গদেউৰ বিশাল প্ৰতিমূৰ্ত্তি”।
ডিব্ৰুগড়ৰ টিপামত আয়োজিত মে-ডাম-মে-ফীৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।

13. ঋষিকেশ আশ্ৰম দৰ্শন কৰিলে ক্ৰিকেটাৰ বিৰাট কোহলি আৰু অভিনেত্ৰী অনুষ্কাৰ শৰ্মাই।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলাৰ পূৰ্বে পত্নী অনুষ্কাৰ সৈতে ঋষিকেশৰ স্বামী দয়ানন্দ গিৰি আশ্ৰমত উপস্থিত হ’ল টীম ইণ্ডিয়াৰ
তাৰকা ক্ৰিকেটাৰগৰাকী।

14. আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন।
প্ৰথমবাৰৰ বাবে সংসদক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ।
সংসদত আজি দাখিল কৰা হ’ব অৰ্থনৈতিক সমীক্ষা।
দুটা খণ্ডত হ’ব বাজেট অধিৱেশন।
জেট অধিৱেশনৰ প্ৰথম খণ্ডৰ সামৰণি পৰিব ১৩ ফেব্ৰুৱাৰীত।

15. বদৰপুৰৰ বোন্দাশিল গাঁৱত কৰিমগঞ্জ আৰক্ষীৰ অভিযান।
নুৰুল হুদা নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে।
২৩ জানুৱাৰীত নিউ হাফলঙৰ পৰা আটক হৈছিল আন এটা সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক নুৰুল হুদাক।

16. ডিফুত গ্ৰেপ্তাৰ হল কাৰ্বি ছাত্ৰ সন্থাৰ নেতা।
ৰাকেশ তেৰাং নামৰ ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে।
অশ্লীল ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ হয় ছাত্ৰ নেতাজন।
ভিডিঅ’ ভাইৰেল কৰাক লৈ ডিফু থানাত এজাহাৰ দাখিল।
এগৰাকী ব্যৱসায়ীৰ পুত্ৰই ১০ জানুৱাৰীত দিছিল এজাহাৰ।
ৰাকেশ তেৰাঙৰ উপৰি পল তেৰাং নামৰ আন এজনৰ বিৰুদ্ধেও অভিযোগ।
যুৱতীৰ সৈতে অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি ধন দাবীৰ অভিযোগ।
বলপূৰ্বকভাৱে এখন গাড়ীত উঠাই নিয়াৰো অভিযোগ উঠিছে।

17. মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ দাহানুত ভয়ংকৰ পথ দুৰ্ঘটনা।
মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।
যাত্ৰীবাহী বাছৰে আন এখন বাহনৰ সংঘৰ্ষ।
ঘটনাস্থলীতে বাহনখনৰ ৪জন আৰোহীৰ মৃত্যু হয়।

18. প্ৰথমবাৰৰ বাবে গুৱাহাটীত ৭১ সংখ্যক ৰাষ্ট্ৰীয় পুৰুষ-মহিলাৰ ভলীবল চেম্পিয়নশ্বিপ।
২ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ নেহৰু ষ্টেডিয়াম হ’ব এই ভলীবল প্ৰতিযোগিতা।
দেশৰ ৩১ খন ৰাজ্যৰ ৩১ টা পুৰুষ আৰু ২৭ টা মহিলা দলে অংশগ্ৰহণ কৰিব।

19. দৰঙৰ নামখলাত মাৰণাস্ত্ৰসহ ৩ দুৰ্ধৰ্ষ ডকাইত কৰায়ত্ত।
জব্দ কৰা হৈছে ৫ জাঁই সক্ৰিয় গুলীসহ এটা পিষ্টল।
গোমঠাপাৰা গাঁৱৰ কালপানী নৈৰ পাৰত বাহৰ পাতিছিল দলটোৱে।
বিহাৰৰ পৰা আহি কৰিছিল ডকাইতিৰ পৰিকল্পনা।
ধৃত ডকাইতকেইটা বিহাৰৰ মণিলাল মণ্ডল, সুৰেন্দ্ৰ মণ্ডল।
ডকাইত দুটাক নেতৃত্ব দিছিল স্থানীয় যুৱক অজিত ডেকাই।
২৪ জানুৱাৰীত অসমত প্ৰৱেশ কৰিছিল বিহাৰৰ ডকাইত দুটাই।

20. লামডিং আৰক্ষীৰ জালত পৰিল সাধুকূটিৰ হনুমান মন্দিৰৰ পূজাৰী সুভম উপাধ্যায়।
আৰক্ষীৰ অভিযানত আটক কৰে আন দুজন সৰবৰাহকাৰী ক্ৰমে ডবকাৰ আবুল কালাম আৰু মোৰাঝাৰৰ দিলবৰ হুছেইন।
জব্দ কৰে প্ৰায় ১৩.৪৩ গ্ৰাম হেৰ’ইন।

Mising Autonomous Council
Mising Autonomous Council.

Leave a Reply

Your email address will not be published. Required fields are marked *