৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com February 8/2023:-
1. বিশ্বজিৎ দৈমাৰীৰ নামত ভুৱা ফেচবুক একাউণ্ট।
ভুৱা একাউণ্টৰ পৰা আৰ্থিক সহায় বিচাৰি অনুৰোধ।
এনেধৰণৰ অনুৰোধৰ প্ৰতি সহাঁৰি নজনাবলৈ ছ’চিয়েল মিডিয়াযোগে আহ্বান জনাই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী এ।
2. আজি সামৰণি পৰিল গুৱাহাটীত অনুষ্ঠিত Y20 সন্মিলন।
উপস্থিত থাকে কেন্দ্রীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু কেইবাগৰাকী মন্ত্ৰী বিধায়ক।
3. “উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো কোণত এতিয়া সুখ আৰু শান্তি”- মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
4. শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ‘শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা’।
সংবাদমেলযোগে এই কথা সদৰি কৰে শিৱদৌল উন্নয়ন পৰিষদে।
১৭ ফেব্ৰুৱাৰীত কাৰ্যসূচী উদ্ধোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
5. আজিৰ পৰা অসমত পৱন হংস হেলিকপ্টাৰ সেৱা।
উড়ান আঁচনিৰ অধীনত ৬ টাকৈ স্থানলৈ চলিব এই সেৱা।
ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব এই সেৱা।
প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা।
6. মুকালমুৱাত সদৌ অসম দেৱদামোদৰ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি চলি আছে।
অহা ১১, ১২ ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশন।
বৰক্ষেত্ৰীৰ দেৱদামোদৰ সত্ৰত অন্তিম দিনৰ কাৰ্যসূচীত অংশ ল’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
7. অসমৰ ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ৷
মহিলাৰ IPLৰ বাবে নিলামৰ তালিকাত অন্তৰ্ভুক্ত হৈছে দুগৰাকীকৈ মহিলা খেলুৱৈৰ নাম৷
জিণ্টিমানী কলিতা আৰু উমা চেত্ৰীৰ নাম নিলামলৈ নিৰ্বাচিত হৈছে৷
অসম ক্ৰিকেট সংস্থাই উল্লেখ কৰে এই কথা৷
২০২৩বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত মুম্বাইত হ’ব নিলাম৷
8. ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন দে’ নহয়, সকলোৱে পালন কৰক গৰু আলিংগন দিৱস।
ভাৰতীয় পশু কল্যাণ পৰিষদে জনালে এই আহ্বান।
9. ‘মুখ্যমন্ত্ৰীয়ে সংসাৰত জুই জ্বলাইছে।
বাল্য বিবাহৰ প্ৰসংগত গ্ৰেপ্তাৰ কৰা কোনো লোককে শাস্তি দিব নোৱাৰে।
পুলিচেও কোনো চাৰ্জ চীট দিব নোৱাৰে, কৰ্টত প্ৰমাণ নহয়।
এক বিশেষ সম্প্ৰদায়ৰ ওপৰত বাল্য বিবাহৰ আইনখন প্ৰয়োগ কৰা দেখা গৈছে’ – মন্তব্য ৰিপুন বৰাৰ।
10. ১১, ১২ তাৰিখত চৰকাৰী বন্ধৰ ঘোষণা শিক্ষামন্ত্ৰীৰ।
“পিতৃ-মাতৃ বা শাহু-শহুৰৰ লগত কটাবলৈ দিয়া হৈছে ছুটী, নিজৰ অৱসৰ – বিনোদনৰ বাবে এই ছুটী দিয়া নাই” বুলি মন্তব্য কৰে মন্ত্ৰী ৰণোজ পেগুৱে।
11. বিধায়ক আশ্রাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ গোচৰ।
দিচপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।
বিধায়ক আৱাসত যুৱতীক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ।
ৰিতুল হুছেইন নামৰ যুৱকজনে যুৱতীগৰাকীক অপহৰণ কৰিছিল।
অপহৰণ কৰি লৈ অনা হৈছিল বিধায়ক আশ্রাফুল হুছেইনৰ আৱাসলৈ।
12. ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব ৩০সংখ্যক সমাৱৰ্তন অনুষ্ঠান।
মুঠ ৩,২৮৭গৰাকী শিক্ষাৰ্থী আৰু ৭৫গৰাকীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব।
13. ৬টাকৈ সোণৰ পদকেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়ক ঊশ্বু ক’শ্বিং চেন্টাৰে।
ক’শ্বিং চেন্টাৰৰ অধ্যক্ষ অৰূপ চেতিয়া আৰু প্ৰশিক্ষক দেৱজিত কোঁৱৰে জনোৱা অনুসৰি ৬ জন প্ৰশিক্ষাৰ্থীয়ে আগন্তুক অসম অলিম্পিকত জিলাখনৰ হৈ প্ৰতিনিধিত্ব কৰিব।
লগতে এই চেন্টাৰৰ এগৰাকী মহিলা প্ৰশিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে।
14. ত্ৰিপুৰা বিধান সভা নিৰ্বাচন উপলক্ষ্যে আজি ১৪ নং বাধাৰঘাট বিধানসভা সমষ্টিত এখনি বিশাল “বিজয় সংকল্প জনসভা ” সম্বোধন কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
উক্ত জনসভাত উপস্থিত থাকে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক সাহা, মন্ত্ৰী পিযুষ হাজৰিকা, বিধায়িকা মিমি মজুমদাৰ , পশ্চিম বংগৰ বিধায়িকা আগ্নিমিত্ৰ পাল আৰু কাৰ্যকৰ্তা সকল।
15. বিধায়ক অতুল বৰাক পগলা আখ্যা।
অতুল বৰাক মানসিক চিকিৎসালয়ত ৩২,৯২৫ গৰাকী আশা কৰ্মীয়ে নিজৰ খৰচতে চিকিৎসা প্ৰদান কৰিব।
শীঘ্ৰে দিছপুৰ সমষ্টিৰ বিধায়ক পদৰ পৰা অতুল বৰাক পদত্যাগ কৰাৰ দাবী সদৌ অসম আশা কৰ্মী সন্থাৰ।
16. গুৱাহাটীত ৫ দিনলৈ নহয় বৰষুণ। অত্যাধিক ধূলিময় হব গুৱাহাটীৰ আকাশ বতাহ। বৃদ্ধি হব পাৰে গৰমৰ মাত্ৰা। উজনি অসমত আৰু অৰুণাচলৰ কিছু ঠাইত পাতলীয়া বৰষুণৰ আগজাননী বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ।
17. ৰানৱে’ৰ পৰা উৰা মৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় এখন প্ৰশিক্ষণ বিমান।
বুধবাৰে কেৰালাৰ ৰাজীৱ গান্ধী একাডেমী ফৰ এভিয়েশ্যন টেকন’লজিত সংঘটিত হয় এই দুৰ্ঘটনা।
কথমপি প্ৰাণ ৰক্ষা পৰে বিমান পাইলটগৰাকীৰ।
18. কৰিমগঞ্জত জব্দ কৰা হয় বুজন পৰিমাণৰ য়াবা টেবলেট।
মুঠ দহ হাজাৰ য়াবা টেবলেট জব্দ কৰা হৈছে।
জব্দ হোৱা টেবলেটখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা।
বাংলাদেশলৈ সৰবৰাহৰ বাবে টেবলেটখিনি ৰখাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
19. মিজোৰামত জব্দ কৰা হৈছে ৩ কোটি ৪০ লাখ টকাৰ হেৰ’ইন।
এখন বাহনৰ পৰা জব্দ কৰে ৬০ টা ভৰ্তি চাবোনৰ বাকচ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই সৰবৰাহকাৰীক।
20. পাকিস্তানৰ খাইবাৰ পাখতুনখত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত হয় ৩০ জনকৈ লোক।
গুৰুত্বৰভাৱে আহত হয় ১৫জন লোক।
ঘটনাস্থলিত আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।