সাহিত্যিক ত্ৰৈলোক্য নাথ গোস্বামী দেৱৰ জীৱনযাত্ৰাঃ

Spread the love

Mising Autonomous Council
Mising Autonomous Council.

১৯০৬ চনৰ আজিৰ দিনটোতে চৈতন্যপন্থী নলবাৰী সত্ৰত ত্ৰৈলোক্য নাথ গোস্বামীদেৱৰ জন্ম হৈছিল।

তেখেত একাধাৰে সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ আছিল।

তেখেতৰ পিতৃৰ নাম সিদ্ধেশ্বৰ গোস্বামী আৰু মাতৃৰ নাম আছিল পদ্মপ্ৰিয়া গোস্বামী আছিল।

১৯২৬ চনত নলবাৰীৰ গৰ্ডন হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজত নাম লগায়।

১৯৩০ চনত দৰ্শন বিভাগত সন্মানসহ স্নাতক উপাধি লাভ কৰে।
১৯৩২ চনত কটন কলেজৰপৰাই ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।
আৰ্ল ল’ কলেজৰ পৰা ১৯৩৫ চনত বি. এল. পৰীক্ষা পাছ কৰে।

তেখেতে প্ৰথমে “অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ”ত কাৰ্যাধ্যক্ষৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।
পাছলৈ নলবাৰীৰ গৰ্ডন হাইস্কুলত সহকাৰী শিক্ষক হিচাপে সোমায়।
কিছুদিন কলিকতাৰ “অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ”ত কাৰ্যাধ্যক্ষৰ সহায়কাৰীৰূপে কাম কৰাৰ পাছত নলবাৰী গৰ্ডন স্কুলত শিক্ষক হিচাপে যোগদান কৰি শিক্ষক জীৱনৰ পাতনি মেলে।

তাৰপাছত উত্তৰ গুৱাহাটীৰ কমলেদেৱ ইনষ্টিটিউটত প্ৰধান শিক্ষকৰূপে আৰু যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰূপে, মাজতে কটন কলেজ আৰু শ্ৰষট্টৰ মুৰাৰীচাঁদ কলেজতো অধ্যাপনা কৰে।

তেওঁ ধুবুৰী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়তো শিক্ষকতা কৰিছিল।
১৯৪৫ চনত নলবাৰী মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাত, উক্ত মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে তেওঁ যোগদান কৰে আৰু একেৰাহে ২৩ বছৰ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি ১৯৬৮ চনৰ ১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰে।

গোস্বামীদেৱ জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বাধীন সমাজবাদী দলৰ এগৰাকী ৰাজনৈতিক কৰ্মীও আছিল।
তেওঁ ১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত পূৱ নলবাৰী সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে অসম বিধানসভালৈ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল।
তাৰ পাছৰপৰাই তেওঁ ৰাজনীতি ত্যাগ কৰে।

১৯৬০ আৰু ১৯৬১ চনত ক্ৰমে পলাশবাৰী আৰু গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰে।

ত্ৰৈলোক্য নাথ গোস্বামীয়ে সাহিত্য সমালোচক হিচাপে খ্যাতি অৰ্জন কৰিছিল।
প্ৰথমে কবিতাৰে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল আৰু পাছলৈ গল্প লিখিবলৈ আৰম্ভ কৰে।

তেওঁ ‘ঘৰ জেউতি’ত ‘ভাৰত ৰমণী’ কবিতাটি লিখি সাহিত্য জগতত প্ৰথম আত্মপ্ৰকাশ কৰে।
তাৰপাছত তেওঁ আৱাহন আৰু বাঁহীত গল্প আৰু সমালোচনা লিখিছিল।

১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীদেৱে ১৯৬৭ চনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
এই গ্ৰন্থখনক ১৯৬১-৬৫ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ গ্ৰন্থৰূপেও অসম সাহিত্য সভাই পুৰস্কৃত কৰে।

তেখেতে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান সমূহ হৈছে-
উপন্যাস- পমিলা ।

প্ৰকাশিত কাব্য পুথি- মানসী।

গল্প পুথি- অৰুণা, মৰীচিকা,
শিল্পীৰ জন্ম, জীৱনৰ জীয়া জুই।

ব্যংগ উপন্যাস- জীয়া মানুহ।

সমালোচনা মূলক গ্ৰন্থ-
সাহিত্য আলোচনা,
আধুনিক গল্প সাহিত্য,
সমুদ্ৰ মণ্ঠন, ইংৰাজী সমালোচনাৰ ধাৰা আৰু অসমীয়া সাহিত্যত ইয়াৰ প্ৰভাৱ, সাহিত্যকলা আৰু তাৰ বিচাৰ, নন্দনত্তত্ত্বঃ প্ৰাচ্য আৰু পাশ্চাত্য, চিন্তা তৰংগ।

সম্পাদিত গ্ৰন্থ- প্ৰবন্ধ চয়ন,
মন্দাকিনী, জীৱনী চয়ন,
আধুনিক অসমীয়া গল্প সংগ্ৰহ।

অপ্ৰকাশিত নাটক- পদুম কুঁৱৰী, বজাৰৰ এফাল।

১৯৬৫ চনত আধুনিক গল্প সাহিত্যৰ বাবে সাহিত্য সভা বঁটা।
১৯৬৭ চনত আধুনিক গল্প সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা।নন্দনতত্ত্ব-প্ৰাচ্য আৰু পাশ্চাত্য গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।

১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে মৃত্যু হয়।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

Mising Autonomous Council
Mising Autonomous Council .
News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *