৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
1. “সকলো জনগোষ্ঠীৰ উৎসৱতে যদি বন্ধ দিয়া হয়, তেন্তে চৰকাৰে অসম চলোৱাত অসুবিধা হ’ব।
লৃগাঙৰ বাবে চৰকাৰী চাকৰিয়ালক ঐচ্ছিক ছুটী প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
এয়া চৰকাৰৰ সঠিক সিদ্ধান্ত”- মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।
2. কাইলৈৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ।
কাইলৈ স্বঃমূল্যায়ন আৰু ১৬-১৮ ফেব্ৰুৱাৰীলৈ বৰ্হিঃমূলায়ণ হ’ব বিদ্যালয়সমূহত।
তৃতীয় পৰ্যায়ৰ গুণোৎসৱক লৈ গোৱালপাৰাৰ বিদ্যালয়ত অন্তিম প্ৰস্তুতি।
3. ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩০সংখ্যক সমাৱৰ্তন অনুষ্ঠান।
এই সমাৱৰ্তনত অৱসৰপ্ৰাপ্ত অধ্যাপক দুলাল চন্দ্ৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী ড৹ মনিষা বেহাল আৰু বিশিষ্ট সাহিত্যিক বিশ্বজ্যোতি বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব।
4. “অসামাজিক কাৰ্য-কলাপ চলাই থাকিলে পুলিচ-প্ৰশাসনে কঠোৰ হাতৰে দমন কৰিব।
হাগ্ৰামা মহিলাৰীৰ হাতত প্ৰমাণ আছে যদি আদাতলৰ কাষ চাপক।
আবোল তাবোল বকি সমাজখন বিপথে নিব নোৱাৰিব” বুলি সকীয়নি প্ৰমোদ বড়োৰ।
5. আজিৰে পৰা শ্ৰী শ্ৰী মায়ামৰা পুৰণি মাটি আতাপাম সত্ৰত আৰম্ভ হৈছে বৰকীৰ্তন মহোৎসৱ।
৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত বৰকীৰ্তন মহোৎসৱত অগণন ভক্তৰ ভিৰ।
সত্ৰখন প্ৰতিষ্ঠাৰে পৰা পহিলা ফাগুনৰ দিনটোৰ পৰাই আৰম্ভ হয় এই বৰকীৰ্তন মহোৎসৱ।
6. প্ৰবীণ মুক্তিযুঁজাৰু, স্বাধীনতা সংগ্ৰামী জীতেন্দ্ৰনাথ শৰ্মাই গৰকিলে ১০০টা বসন্ত।
বাক্সাৰ বৰমাত প্ৰবীণ মুক্তিযুঁজাৰু জীতেন্দ্ৰনাথ শৰ্মাৰ জন্ম শতবাৰ্ষিকী পালন।
বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত কেক কাটি শতবৰ্ষত ভৰি থোৱা জীতেন্দ্ৰনাথ শৰ্মাই পালন কৰিলে ওপজা দিন।
7. বলীউডৰ অভিনেতা জাভেদ খান আমৰোহীৰ মৃত্যু।
মুম্বাইৰ ছাণ্টাক্ৰুজস্থিত সূৰ্য নাৰ্ছিং হোমত ৬০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে। শ্বাস-প্ৰশ্বাসজনিত অসুবিধাত ভুগি আছিল জাভেদ খান।
বলীউডৰ প্ৰায় ১৫০খন চিনেমাত অভিনয় কৰিছিলি জাভেদ খানে।
8. দেওবাৰে নিশা জু-ৰোডত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
৩ যুৱকে সুৰাপান কৰি মাৰপিট কৰিছিল গীতানগৰ থানাৰ OCক।
যুৱক ৩জন প্রশিক্ষণত থকা আৰক্ষী কনিষ্টবল।
ইতিমধ্যে ৩ যুৱকক গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্রেৰণ কৰে গীতানগৰ আৰক্ষীয়ে।
9. দিল্লী আৰু মুম্বাইস্থিত BBCৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান।
আয়কৰৰ দুটাকৈ বৃহৎ দলে অভিযান চলাইছে কাৰ্যালয় দুটাত।
কাৰ্যালয় দুটাৰ কৰ্মচাৰী সকলৰ পৰা মবাইল ফোন সমূহ জব্দ কৰা হৈছে।
10. মহানগৰীত পৰিবহণ বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে কেইবাকোটি টকাৰ ব্ৰাউন ছুগাৰ।
ঘটনাৰ লগত জড়িত চাহিদুৰ ৰহমান নামৰ এজনক গ্ৰেপ্তাৰ কৰে।
11. আজিৰে পৰা বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদ অভিযান।
বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান।
উচ্ছেদৰ বাবে ইতিমধ্যে সাজু নগাঁও, শোণিতপুৰ জিলা প্ৰশাসন।
কটকটীয়া নিৰাপত্তা বেষ্টনীৰে গঢ়ি তোলা হৈছে বনবিভাগৰ কাৰ্যালয়।
মোতায়েন বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী।
12. আজিৰে পৰা উচ্চতম ন্যায়ালয়ত নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ গোচৰৰ চূড়ান্ত শুনানি প্ৰক্ৰিয়া।
সাংবিধানিক বিচাৰপীঠত চলিব শুনানি প্ৰক্ৰিয়া।
প্ৰথমটো গোচৰ হিচাপে অন্তৰ্ভুক্ত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক গোচৰ।
মহাৰাষ্ট্ৰৰ গোচৰৰ শুনানি শেষ হ’লে অন্তৰ্ভুক্ত হ’ব ভিত্তিবৰ্ষৰ গোচৰ।
ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত হ’ব শুনানি।
13. বিশ্বজিৎ হাজৰিকাৰ অপহৰণ-হত্যাকাণ্ড সফলতাৰ বাবে পুৰস্কাৰ ঘোষণা আৰক্ষী আয়ুক্তৰ।
তদন্তকাৰী আৰক্ষী বিষয়ালৈ আৰ্থিক পুৰস্কাৰ ঘোষণা৷
তদন্তত জড়িত ২৪ বিষয়া, আৰক্ষীলৈ আগবঢ়াব এই পুৰস্কাৰ।
14. জুৰীয়াত বুজন পৰিমাণৰ ড্ৰাগছসহ জব্দ কৰা হৈছে এখন বাইক।
৫৫টা কণ্টেইনাৰৰ পৰা ৯ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।
জুৰীয়াৰ উদমাৰীত চলিছিল আৰক্ষীৰ অভিযান।
15. গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ কৰা হৈছে প্ৰায় ৬০ লাখ টকাৰ সোণ।
লগতে সোণ সৰবৰাহকাৰী আছলম শ্বেখ আৰু হাফিজ য়াছিমো জালত পৰিছে।
জব্দ কৰা হৈছে ২৫ লাখ টকাৰ আফিঙো।
16. শিৱসাগৰৰ আমগুৰিত খাৰুৱা তেলৰ পাইপ ফুটি তেল নিৰ্গমন৷
দিকচু খনিকৰ গাঁৱৰ সমীপৰ ধোদৰ আলিত এই ঘটনা।
অঞ্চলজুৰি সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ৷
ঘটনাস্থলীত আমগুৰি আৰু নামতি আৰক্ষী উপস্থিত হয়।
লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহনো উপস্থিত হয় ঘটনাস্থলীত৷
ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ স্থানীয় লোক৷
পুৰণি পাইপেৰে খাৰুৱা তেল সৰবৰাহ কৰি থকাৰ বাবেই ফুটিল পাইপ৷
17. নতুন দিল্লীৰ BBCৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে কৰ্মচাৰীৰ মোবাইল ফোন।
BBC-এ নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী মোদীৰ জীৱনভিত্তিক তথ্যচিত্ৰক লৈ সৃষ্টি হৈছিল বিতৰ্ক।
18. “AIUDFৰে মিত্ৰতাৰ কথা আৰু সুধিব নালাগে, কাগজ এখন আনক লিখি দিম৷
আৰু যদি AIUDFৰ লগত মিত্ৰতা কৰিব লাগে তেতিয়া হ’লে মুখ্যমন্ত্ৰীয়ে ক’ব লাগিব৷
মুখ্যমন্ত্ৰীৰ টেবুলত বহি কৰিম”- মন্তব্য ভূপেন বৰাৰ।
19. GRPৰ বৃহৎ সফলতা৷ গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ কৰে প্ৰায় ১ কেজি সোণ৷
সোণখিনিৰ মূল্য প্ৰায় ৬০ লাখ টকা৷
সোণৰ লগতে জব্দ কৰে ৪ কেজিতকৈও অধিক পৰিমাণৰ আফিং৷
জব্দকৃত আফিঙৰ মূল্য প্ৰায় ২৫ লাখ টকা৷
GRPৰ OC প্ৰসেনজিত দাসৰ নেতৃত্বত চলিছিল অভিযান৷
20. বাল্যবিৱাহৰ গোচৰক লৈ গুৱাহাটী উচ্চ ন্যয়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়।
POCSO আইনৰ ধাৰা সংলগ্ন কৰাত চৰকাৰক ভর্ৎসনা।
আদালতৰ ৰায়ৰ সমান্তৰালকৈ জিলাই জিলাই জামিন অভিযুক্তৰ।
ধুবুৰীত বাল্যবিৱাহৰ গোচৰত কাৰাবাস খটা ১০ জনক জামিন।
জামিন লাভ কৰাসকলৰ ভিতৰত আছে স্বামী আৰু অভিভাৱক।