৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com, Assam, February 16/2023:- 

1. নতুন দিল্লীৰ মেজৰ ধ্যান চাঁদ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে ৰাষ্ট্রীয় জনজাতি উৎসৱ ‘আদি মহোৎসৱ’।
দেশৰ আদিবাসী সমাজৰ অগ্রণী স্বাধীনতা সেনানী বীৰছা মুণ্ডাৰ প্রতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে এই আদি মহোৎসৱৰ শুভ উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে।
১২ দিনীয়াকৈ আয়োজিত আদি মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রী অৰ্জুন মুণ্ডা উপস্থিত থাকে।

2. কাছাৰৰ আইৰংমাৰা এম ই স্কুলত গুণোৎসৱৰ নিৰীক্ষক হিচাপে অংশগ্ৰহণ কৰে IPS বিষয়া আনন্দ মিশ্ৰই।
জাগীৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
দৰং জিলাৰ তিনিখন বিদ্যালয়ত গুণোৎসৱত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এ।
সীতাজখলা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

3. আজিৰ পৰা ডিফুৰ তাৰাংলাংছত’ আৰম্ভ হ’ল ৪৯ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ।
৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ শুভাৰম্ভ কৰে CEM তুলিৰাম ৰংহাঙে।
এইবাৰ কাৰ্বি যুৱ মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰিব ৫ হাজাৰ শিল্পীয়ে।

4. “ৰান্ধনীৰ কষ্ট কম কৰাৰ বাবে অক্ষয় পাত্ৰক ভাত ৰন্ধাৰ দায়িত্ব দিছো।
ৰান্ধনী-সহায়িকাৰ চাকৰি নাযায়, বৰ্তমানে লাভ কৰা মাননীয়ে লাভ কৰি থাকিব”- জাগীৰোডত ঘোষণা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ।

5. কোকৰাঝাৰত অনুষ্ঠিত হ’ব International Knowledge Festival.
বি টি আৰ প্ৰশাসন আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

6. ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ মুখ্য কাৰ্যালয় “বাজপেয়ী ভৱন”ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পিযুষ হাজৰিকা।
অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই, জিলা সভাপতি অভিজিত কুমাৰ নাথ, অসম পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণব জ্যােতি লহকৰ লগতে কাৰ্যকৰ্তা সকল।

7. বাৰাণসীৰ পৰা বাংলাদেশ হৈ ডিব্ৰুগড় অভিমুখী বিশ্বৰ সৰ্বাধিক দূৰত্বৰ বিলাসী জাহাজ গংগাবিলাস
কাইলৈ ধুবুৰী পাবহি।
ধুবুৰী জিলা প্ৰশাসনে জাহাজখনৰ যাত্ৰীসকলক আদৰাৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে।

8. ধুবুৰীত শিক্ষকৰ প্ৰতিবাদত উত্তাল।
টিউটৰৰ পৰা শিক্ষকলৈ উন্নীতকৰণৰ দাবীত শিক্ষকৰ এই প্ৰতিবাদ ।
জিলা প্ৰাথমিক বিষয়া কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদত অংশগ্ৰহণ কৰে জিলাখনৰ শ শ শিক্ষকে।

9. পশ্চিম কাৰ্বি আংলঙৰ উমচৱাই সাপ্তাহিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত জাহ যায় ১৯০খনকৈ বজাৰৰ দোকান৷
অগ্নিকাণ্ডত শতাধিক ব্যৱসায়ীৰ বিস্তৰ ক্ষতি হয়।
বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰন।

10. গহপুৰৰ ডিপৰা তিনিমুখনিত গঁড়ৰ সন্ত্ৰাস।
গঁড়ৰ আক্ৰমণত দুগৰাকী মহিলাসহ ৩ জন আহত হয়।
জানিব পৰা মতে সৰিয়হৰ খেতিত বিচৰণ কৰি গঁড়টোৱে সন্ত্ৰাস চলাই আছিল।

11. আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ।
প্ৰতীক হাজেলাৰ পৰা কেলেংকাৰীৰ ভাগ হিচাপে সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰতি মাহে লৈছিল ১৬ লাখকৈ টকা।
ছচিয়েল মিডিয়াত NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ এই বিস্ফোৰণ।

12. “কংগ্ৰেছত চলে তৈলমৰ্দনৰ ৰাজনীতি।
যোগ্যতাৰ ভিত্তিত নহয়, তৈলমৰ্দন-লবীৰ ভিত্তিতহে স্থান পায় কংগ্ৰেছৰ কমিটীত।
চুকৰ ৰুম এটাত আলোচনা হয় আৰু তৈল মৰ্দন কৰা লোক সকলক লৈ বনায় কমিটী।
পূৰ্বৰে পৰা এনেকৈ চলি আহিছে”- মন্তব্য বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ।

13. দুলীয়াজানৰ নেহৰু ময়দানত বুধবাৰে আৰম্ভ হয় ১৮ সংখ্যক কেপ্টেইন জিণ্টু গগৈ বীৰচক্ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা।
অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত ভাৰতীয় সেনাৰ আয়োজন কৰে ফুটবল টুৰ্ণামেণ্ট প্ৰতিযোগিতাখন।

14. মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাৰ ৩ সদস্যক গ্ৰেপ্তাৰ।
ধন দাবীৰ অভিযোগত নেলীৰ পৰা গ্ৰেপ্তাৰ হয় ৩ সদস্য। ব্যৱসায়িক প্ৰতিষ্ঠানত কৰিছিল ধন দাবী কৰিছিল তিনিও গৰাকীয়ে।

15. ৰাজ্যত চলি আছে বাল্যবিৱাহ বিৰোধী অভিযান।
তাৰ মাজতে পুনৰ মুখ খুলিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
“বাল্যবিৱাহত আটক হোৱা স্বামীক সমৰ্থন কৰা একাংশ অধিবক্তা জধামূৰ্খ, যিসকলে ইয়াক সমৰ্থন কৰিছে তেওঁলোক সকলো জধামূৰ্খ”- মন্তব্য বিধায়ক গৰাকীৰ।
‘বাল্যবিৱাহৰ নামত মানুহক জধে-মধে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
চৰকাৰে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবেই এই কাম কৰিছে।’
বাল্যবিৱাহবিৰোধী অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ ।

16. পাঠশালাৰ কৃষ্ণনগৰত চাঞ্চল্যকৰ ঘটনা।
পেয়িং গেষ্ট হাউছৰ ছাদৰ পৰা পৰি নিহত এগৰাকী ছাত্ৰী।
নিহত ছাত্ৰীগৰাকী বাঘমাৰাৰ হৃষিতা দাস।
উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী আছিল হৃষিতা দাস।
ছাদত কাপোৰ মেলিবলৈ গৈছিল ছাত্ৰীগৰাকী।
কৃষ্ণনগৰৰ ধীৰেণ চৌধুৰীৰ পেয়িং গেষ্টৰ আৱাসী আছিল হৃষিতা।
মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৃতদেহ।

17. মেঘালয়ত ৩.৯ প্ৰাৱল্যৰ ভূমিকম্প।
পুৱা ৯.২৬ বজাত অনুভূত হয় ভূঁইকঁপৰ জোকাৰণি।
ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ পূব খাচী পাহাৰ।

18. বঙাইগাঁৱত বজৰং দলৰ দুই সদস্যক গ্ৰেপ্তাৰ।
ধন দাবী কৰি গ্ৰেপ্তাৰ হয় সঞ্জীৱ মণ্ডল আৰু দেৱজিৎ মণ্ডল।
ভোলানাথ নামৰ এজনক দাবী কৰিছিল ৩০ হাজাৰ টকা ।
অভিযোগকাৰীৰ এজাহাৰৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৮৪/৫০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ।
দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।

19. ‘অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত বেদখলকৃত ভূমিত উচ্ছেদ চলিবই৷
কংগ্ৰেছে নীতি-নিয়ম নামানি য’ত-ত’ত মানুহ বহুৱাইছিল৷
কংগ্ৰেছৰ দিনতে কাজিৰঙাত বেদখলকাৰীয়ে গঁড় হত্যা কৰিছিল, গঁড় হত্যাত সহায় কৰিছিল কংগ্ৰেছে৷
খিলঞ্জীয়া লোক, গঁড়, বনাঞ্চল ৰক্ষা আমাৰ দায়িত্ব আৰু তেনেস্থলত এই উচ্ছেদ অভিযান চলিয়েই থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

20. দিছপুৰ প্ৰেছ ক্লাবত টাই আহোম যুৱ পৰিষদৰ সংবাদমেল।
২ এপ্ৰিলত বীৰাংগনা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি সোণাৰিত প্ৰদান কৰা হ’ব মূলাগাভৰু বীৰাংগনা বঁটা।

Mising Autonomous Council
Mising Autonomous Council .

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *