কমলাৰ ঔষধী গুণ আৰু উপকাৰীতা।

Spread the love
Mising Autonomous Council
Mising Autonomous Council .

কমলা এবিধ সুস্বাদু ফল।

কমলা খালে যিদৰে দেহৰ বহু বেমাৰ নাশ হয় ঠিক তেনেদৰে কমলাৰ বাকলি খালেও নাশ হয়।

আপুনি বাৰু কমলা খায় বাকলি পেলাই দিয়ে নেকি?

কমলাৰ বাকলিত প্ৰ’টিন, কেলচিয়াম, মেগনেচিয়াম, পটাচিয়াম, ভিটামিন এ, ভিটামিন চি, কেলৰি, পেকটিন, গ্লাইকোছাইড, পেনটোছেনছ, চাইট্ৰিক এচিড, ফাইবাৰ , মিনাৰেল আদি পুষ্টিতত্বৰে ভৰপূৰ।

জানো আহক কমলা বাকলিৰ ঔষধী গুণ সমূহঃ

1. কমলাৰ বাকলিয়ে ভোক বঢ়ায়, পাকস্থলী চাফা কৰে আৰু পেটৰ পেলুও নাশ কৰে।

2. কমলাৰ বাকলি কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ।
ইয়াত থকা limonene নামৰ ৰসায়ন বিধে শৰীৰৰ ৰোগ প্ৰতিৰোধক শক্তি বঢ়ায় , ওজন কম কৰে , হাত ভৰি ফুলা কমাই দিয়ে ।

3. মধুমেহ ৰোগীৰ বাবে কমলাৰ বাকলি অতি উপকাৰী।

4. কমলাৰ বাকলিত থকা চাইড্রিক এচিডে ছালৰ ৰং প্রাকৃতিকভাৱে উজ্জ্বল কৰি তোলে।
বিভিন্ন ধৰণৰ খৰ-খজুৱতি , কলা দাগ শালমইনাৰ দাগ , কলা চোম আদি নাইকিয়া কৰে।

5. দাঁতৰ বিষত ভোগা লোকে কমলাৰ বাকলিৰ গুড়ি কৰি দাঁত ঘঁহিলে বিষৰ পৰা উপশম পায়।

গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে কমলা বাকলি খাওঁক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।

News Editor Sangita Dutta R News India 24

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *