৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam February 18/2023:- 

1. ২০ ফেব্ৰুৱাৰীত নাগালেণ্ডলৈ আহিব অমিত শ্বাহ।
নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
২১ ফেব্ৰুৱাৰীত গীৰ্জাৰ মুৰব্বীসকলৰ সৈতে বহিব বৈঠকত।

2. আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে শ্বাহনৱাজ প্ৰধানে।
১৭ ফেব্ৰুৱাৰীত এক অনুষ্ঠানত অংশ লোৱাৰ সময়তে বুকুৰ বিষত আক্ৰান্ত হৈছিল যশস্বী অভিনেতাগৰাকী।
লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

3. নতুন দিল্লীৰ মতিবাগ ক্লাৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ‘চেলিব্যেটিং নৰ্থ-ইষ্ট’ মহোৎসৱ।
উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো বিপণিয়ে অংশ লৈছে এই মহোৎসৱত।
অনুষ্ঠানত সংগীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবলীয়ে।

4. ‘কিবাকিবি’ক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘাত।
বিজেপিত সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰশান্ত ফুকনৰ কি হ’ল বুলি পীযুষ হাজৰিকাক উভতি ধৰিলে ভূপেন বৰাই।
কংগ্ৰেছত নেতা উপেক্ষিত বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰ ভূপেন বৰাৰ।

5. মঙলদৈত ‘Black & White’ অসমীয়া চলচ্চিত্ৰৰ কলা-কুশলী সকল।
দুখনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছবিখনৰ প্ৰচাৰ।
মঙলদৈ মহাবিদ্যালয়তো ছবিখনৰ প্ৰচাৰ চলালে অভিনেতা ৰবি শৰ্মাই।

6. আজি মহাশিৱৰাত্রী।
ধেমাজি জিলাৰ ঐতিহ্যমণ্ডিত ঘূগুহা দৌলত ভক্তৰ পূজা-অৰ্চনা।
ঘূগ কুঁৱৰী আত্মা বিজড়িত ঘূগুহা দৌলত ৭১ সংখ্যক শিৱৰাত্ৰি পালন।
তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰতো দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে মহা শিৱৰাত্রী।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে শিৱসাগৰৰ শিৱৰাত্ৰি আৰু মেলা।

7. যোৰহাট চ’ক বজাৰৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
ক্ষতিগ্ৰস্ত পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পুনৰ সংস্থাপন আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

8. দৰং জিলাৰ ননৈ নদীৰ দুয়োপাৰৰ মথাউৰি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই।
জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা আন বিষয়া আৰু বিভাগীয় ঠিকাদাৰক লগত লৈ চাৰিটা স্থানত চলি থকা কামৰ প্ৰত্যক্ষ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

9. আজিৰে পৰা আৰম্ভ নৰ্থ ইষ্ট অ’পেন গ’ল্ফ চেম্পিয়নশ্বিপ।
নাৰেংগীৰ সেনাৰ গ’ল্ফ ক’ৰ্চত দুদিনীয়াকৈ এই প্ৰতিযোগিতা।
উত্তৰ পূৰ্বাঞ্চলৰ শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ।
গ’ল্ফ এছ’চিয়েশ্যনৰ সভাপতি সঞ্জীৱ জয়ছোৱাল উত্‍সাহী আয়োজনক লৈ ।
এই চেম্পিয়নশ্বিপে উত্তৰ পূৱত গ’ল্ফৰ প্ৰচাৰত সহায়ক হ’ব বুলি মন্তব্য কৰে জয়ছোৱালে ।

10. ” অসম চৰকাৰে উচ্ছেদক তেওলোকৰ পলিটিকেল এজেণ্ডা হিচাপে লৈছে।
মূলত সংখ্যালঘু মানুহৰ ওপৰত উচ্চেদ চলিছে।
উচ্ছেদ এতিয়া চৰকাৰখনৰ বাবে উৎসৱ।
” উচ্ছেদক লৈ কাজিৰঙাত এই মন্তব্য অখিল গগৈৰ।

11. ডিগবৈ বগাপানীত উচ্ছেদিত ছাত্র-ছাত্রীৰ প্রতিবাদ।
৩৮নং ৰাষ্ট্রীয় ঘাইপথত উচ্ছেদিত শিক্ষাৰ্থীৰ অৱস্থান ধৰ্মঘট।
HS আৰু HSLCৰ পৰীক্ষাৰ সু-ব্যৱস্থা কৰাৰ দাবীৰে প্রতিবাদী সাব্যস্ত কৰে শিক্ষাৰ্থী এ।

12. পাকিস্তানৰ কৰাচী আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ঈ-তালিবানৰ আক্ৰমণ।
কাৰ্যালয়টোত প্ৰৱেশ কৰি ধাৰাষাৰ গুলিবৰ্ষন সন্ত্ৰাসবাদী দলটোৰ।
৫ সন্ত্ৰাসবাসহ নিহত হয় ৯গৰাকী লোক।
T-e-Tৰ এই আক্ৰমণত আহত হৈছে ১৭গৰাকী লোক।

13. শোণিতপুৰৰ ৰঙাপৰাত অগ্নিকাণ্ড।
জাহ যায় এখন কাপোৰৰ দোকান।
অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ৩০ লাখ টকাৰ সা-সামগ্ৰী।
আনঘাতে দেৰগাঁৱত নিশা বিধ্বংসী অগ্নিকাণ্ড।
দিচৈ চাৰিআলিৰ জয়নুল আলীৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডত ভস্মীভূত দুটাকৈ বাসগৃহ।

14. আজি ভাৰতলৈ অনা হ’ব ১২টাকৈ চিতা।
দক্ষিণ আফ্ৰিকাৰ পৰা ইতিমধ্যে ৰাওনা হৈছে এখন বিশেষ বিমান।
বায়ুসেনাৰ গেলেক্সী গ্লোবমাষ্টাৰ চি-১২ত অনা হৈছে চিতাকেইটা।

15. শীঘ্ৰে ৰাজ্যৰ পশুপালন বিভাগত নিযুক্তি।
১৬১জন পশু চিকিৎসকক নিযুক্তি দিয়াৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ।
খানাপাৰাত ‘পশুধন আৰু হাঁহ-কুকুৰা’ মেলাৰ সামৰণি অনুষ্ঠানত এই ঘোষণা মন্ত্ৰী অতুল বৰাৰ।

16. আমেৰিকাত পুনৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ঘটনা।
গুলীবৰ্ষণত নিহত হয় মহিলাসহ ৬গৰাকীকৈ লোক।
আমেৰিকাৰ মিছিছিপিৰ গ্ৰামীণ অৰ্কাবুতলা অঞ্চলত এই ঘটনা সংঘটিত হৈছে।
গুলীবৰ্ষণ কৰা লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

17. এনকাউণ্টাৰত নিহত হয় ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ।
নিশা সোণাপুৰত এনকাউণ্টাৰত নিহত শ্বাহ আলম।
সম্প্ৰতি GMCHৰ মৰ্গত ৰখা হৈছে মৃতদেহ।
বৃহস্পতিবাৰে নিশা সাতগাঁও আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলায়ন কৰিছিল শ্বাহ আলম তালুকদাৰে।

18. চন্দ্ৰপুৰত সামাজিক বনানিকৰণৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ নামত ভয়াৱহ দুৰ্নীতি।
নিৰ্মাণ কাম চলি থাকোতে খহি পৰিল পকী দেৱাল ।
১৪ লাখ টকীয়া গৃহ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হোৱা অভিযোগ চন্দ্ৰপুৰ আছুৰ।

19. ৰঙিয়াত আৰক্ষীৰ ড্ৰগছ বিৰোধী অভিযান।
অভিযানত জব্দ কৰে ৭ কোটি টকাৰ নিষিদ্ধ হেৰ’ইন।
৬৭ টা পেকেটত লুকুৱাই আনিছিল হেৰ’ইনখিনি।
সৰবৰাহকাৰীটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

20. গুৱাহাটীৰ কামাখ্যা মটৰ্ছত নতুন টিয়াগো ইভি মুকলি।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে টুহিন শর্মাই, টাটা মটৰ্ছৰ আঞ্চলিক প্ৰবন্ধক সৌমেন পলৰো, কামাখ্যা মটৰ্ছৰ পৰিচালন সঞ্চালক ৰোহিত মালহোত্রা, উপেন শর্মাকে ধৰি বহু গন্য মান্য ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *