৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ । - RnewsIndia24
Skip to content
Rnewsindia24.com , Assam February 19/2023:-
1. কাৰ্যকাল সামৰি নিজ গৃহলৈ ৰাওনা হ’ল ৰাজ্যপাল জগদীশ মুখী।
বৰঝাৰ বিমান বন্দৰত বিদায় জনোৱা হয় জগদীশ মুখীক। বিদায় ক্ষণত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, অশোক সিংঘাল, উৰ্খা গৌৰা বহ্ম আৰু বহু গণ্য মান্য ব্যক্তি।
2. কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।
এইবৰ্ষত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩ লাখ ৪২ হাজাৰ ৮৬৯গৰাকী পৰীক্ষাৰ্থী।
3. প্রবীণ চিত্রশিল্পী কিৰণ শংকৰলৈ “প্রণৱ বৰুৱা শিল্পী বঁটা ২০২২”।
গুৱাহাটী আৰ্টিছ গীল্ডত এক বিশেষ অনুষ্ঠানৰ আয়োজনেৰে কিৰণ শংকৰলৈ আগবঢ়োৱা হয় এই সন্মান।
4. অযোধ্যাৰ অভিলেখ ভংগ কৰি গিণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে মধ্যপ্ৰদেশৰ উজ্জয়িনীয়ে।
মহাশিৱৰাত্ৰিৰ নিশা একেলগে ১৮ লক্ষাধিক বন্তি জ্বলাই নতুন অভিলেখ উজ্জয়িনীৰ।
লাখ লাখ বন্তিৰে আলোকিত হৈ পৰিল চিপ্ৰানদীৰ দুয়োপাৰ।
5. পামহীত থকা ভীমাশংকৰ জ্যোতিৰ্লিংগত উপস্থিত হৈ মহাদেৱৰ আশিস ল’লে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
মহাৰাষ্ট্রৰ NCP আৰু কংগ্রেছে জ্যোতিৰ্লিংগ সন্দৰ্ভত কৰা দাবীৰ প্রত্যুত্তৰ দিলে ড° হিমন্ত বিশ্ব শৰ্মাই।
শিৱ পুৰাণ পঢ়ি মহাৰাষ্ট্রৰ বিৰোধীক মুখ্যমন্ত্রীয়ে ক’লে- ভগৱানৰ নামত ৰাজনীতি কৰিব নালাগে।
6. উত্তৰ-পূবৰ বস্ত্রশিল্পক আন্তঃৰাষ্ট্রীয় স্তৰত জিলিকাই তোলাৰ উদ্দেশ্যে দিল্লীত আয়োজন কৰা হয় চেলিব্রেটীং নৰ্থ-ইষ্ট-২০২৩।
উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ অৰ্গেনিক বস্ত্র উদ্যোগক থীম হিচাপে লোৱা এই বাৰ্ষিক মহোৎসৱত অংশগ্রহণ কৰে কেইবাগৰাকীও ফেশ্বন ডিজাইনাৰে।
7. বিহাৰৰ পাটনাত হিংসাত্মক কাণ্ড।
একাংশ লোকৰ সৈতে আৰক্ষীৰ সংঘাতৰ সূত্ৰপাত হয়।
কেইবাটাও স্থানত অগ্নি সংযোগ কৰে উত্তেজিত লোকে।
নিহত হয় দুজন ব্যক্তি, গুৰুত্বৰভাৱে আহত হয় ৩ জন লোক।
পাৰ্কিঙৰ বাবেই সংঘটিত এই ঘটনা।
8. ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
সমান্তৰালভাৱে চলি আছে ড্ৰাগছৰো সৰবৰাহ।
হাইলাকান্দিত হেৰ’ইন আৰু গোৱালপাৰাত নিচাযুক্ত টেবলেট জব্দ কৰে আৰক্ষীয়ে।
9. ‘ৰাজনীতিয়ে ভাগ কৰে, সংস্কৃতিয়ে জোৰা লগায়।
ৰাজনীতিৰে সমাজখন চিন্ন-ভিন্ন নকৰিব।
মই মুখ্যমন্ত্ৰী হৈ থাকোতে বৰাক-ব্ৰহ্মপুত্ৰ একেলগ হৈ থকাৰ চেষ্টা চলাইছিলো।
অসমৰ ৩ কোটি ৪০ লাখ মানুহ ঐক্যবদ্ধ কৰা মোৰ লক্ষ্য আছিল’- মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
10. গোৱালপাৰাৰ সূৰ্য পাহাৰত ২৮ বিদেশী পৰ্যটক।
গোৱালপাৰাৰ বিখ্যাত পাতি শিল্প পৰিদৰ্শন কৰে বিদেশী পৰ্যটকসকলে।
সূৰ্য পাহাৰৰ শিৱ লিংগৰ লগতে হিন্দু, বৌদ্ধ, জৈন মন্দিৰ পৰিদৰ্শন কৰে পৰ্যটকসকলে।
বিদেশী পৰ্যটকক ৰাভা সম্প্ৰদায়ৰ পাজাৰে আদৰণি জনাই।
সূৰ্য পাহাৰৰ মনোমহা প্ৰাকৃতিক দৃশ্য দেখি আপ্লুত ছুইজাৰলেণ্ড, জাৰ্মানীৰ পৰ্যটক সকল।
11. ‘বিজেপি-কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷
ভূপেন বৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাল বন্ধু৷
কংগ্ৰেছে সপোন দেখিছে, সপোন দেখাত বাধা নাই বুলি মন্তব্য কৰে ৰফিকুল ইছলামে।
12. মহানগৰীৰ হাতীগাঁৱত চিকিৎসক ডাঃ আইভি শৰ্মাৰ মৃত্যু।
GMCHত কৰ্মৰত আছিল চিকিৎসকগৰাকী।
দিল্লীত অধ্যয়নৰত নিজ কন্যাৰ কোঠাত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে চিকিৎসকগৰাকীক।
GMCHত ডাঃ আইভি শৰ্মাক মৃত ঘোষণা কৰে চিকিৎসকে।
13. হাৰিয়ানাৰ ৰে’লপথত থিয় হৈ চেলফি তুলি থকাৰ সময়তে তীব্ৰবেগী ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে লালাউডা গাঁৱৰ নিৱাসী ৰাকেশ আৰু খানাউৰা গাঁৱৰ গৰিমাই।
পিছত ৰে’লপথৰ দাঁতিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ দুটা।
14. ছিৰিয়াৰ ডামাস্কাছত ইজৰাইলৰ মিছাইল আক্ৰমণ।
এটা আৱাসিক ভৱন ধ্বংস, ১৫ জনৰ মৃত্যু হয়।
উন্নত নিৰাপত্তাসম্পন্ন অঞ্চল কাফ্ৰ ছৌচাত মিছাইল আক্ৰমণ।
15. সন্ধিয়া বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত ৰে’ল লাইন পাৰ হোৱাৰ সময়তে তীব্ৰবেগী ৰে’লৰ খুন্দাত নিহত হল সৰুপেটা বিএইচবি মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা অৰ্থনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° দুৰ্গেশ্বৰ বৰ্মনে।
সমগ্ৰ সৰুপেটা আৰু বিজনী উভয় অঞ্চলত এই ঘটনাই শোকৰ ছাঁ পেলাইছে।
প্ৰত্যক্ষদৰ্শীৰ মতে, ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়ত উপাধ্যক্ষগৰাকীয়ে ফোনত কথা পাতি অন্যমনস্ক হৈ থকাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা।
16. চৰকাৰী বসুন্ধৰা আঁচনিৰ বাবে উৎকোচ দাবী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে
তিনিচুকীয়া জিলাৰ উপায়ুক্তই নিলম্বন কৰে লাট মণ্ডল মণিধৰ মাউটক।
অভিযোগ অনুসৰি, মাটি-বাৰীৰ কাম কৰি দিয়াৰ বাবদ সাধাৰণ জনতাৰ পৰা ধন দাবী কৰি আহিছিল ডুমডুমাৰ এইগৰাকী লাটমণ্ডল মণিধৰ মাউটে।
17. আৰক্ষীৰ গুলীত কুখ্যাত ডকাইতৰ মৃত্যু।
চৰাইদেউৰ সোণাৰিত আৰক্ষীয়ে চলাইছিল গুলী।
সোণাৰিৰ চেঁচা সত্ৰত গুলীবিদ্ধ হৈছিল দুৰ্ধৰ্ষ ডকাইত সঞ্জু জয়ছোৱাল।
আৰক্ষীৰ সন্মুখৰ পৰা পলায়নৰ চেষ্টা কৰিছিল সঞ্জুৱে।
আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি বাইক লৈ পলায়ন কৰিছিল ডকাইতটোৱে।
সোণাৰিৰ চেঁচা সত্ৰৰ শহুৰেকৰ বাসগৃহত আশ্ৰয় লৈছিল সঞ্জুৱে।
সঞ্জু জয়ছোৱালক বিচাৰি চেঁচা সত্ৰত উপস্থিত হৈছিল আৰক্ষী।
আৰক্ষীক দেখিয়েই দিচাং নৈ পাৰ হৈ পলায়ন কৰিছিল।
সেইসময়তে সঞ্জুলৈ তিনিজাঁইকৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে।
18. অসম-ত্ৰিপুৰা সীমান্তত কোটি টকাৰ গাঞ্জাসহ আটক এগৰাকী ব্যক্তি।
ট্ৰাকেৰে কঢ়িয়াই আনিছিল গাঞ্জাখিনি।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাঞ্জাসহ চালকক।
19. গোলাঘাটৰ খুমটাইৰ শিৱৰাত্ৰি মেলত উত্তপ্ত পৰিস্থিতি।
আৰক্ষী আৰু স্থানীয় লোকৰ মাজত হতাহতি।
জুৱা খেল বন্ধ কৰিবলৈ গৈ সৃষ্টি হয় উত্তপ্ত পৰিৱেশৰ।
আন্ধৰাৰ সুযোগ লৈ আক্ৰমণ কৰে আৰক্ষীক।
20. নাগপুৰৰ পিছত এইবাৰ দিল্লীত ধাৰাসায়ী অষ্ট্ৰেলিয়া।
দ্বিতীয়খন টেষ্টত ৬ উইকেটত অষ্ট্ৰেলিয়াক পৰাষ্ট কৰে ভাৰতে।
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ২-০ অগ্ৰগতি লাভ ভাৰতৰ।