৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com,  Assam February 20/2023:- 

1. নুনমাটিৰ হত্যাকাণ্ড সন্দৰ্ভত DGPৰ টুইট৷
ঘটনাৰ তদন্তত সাফল্যৰ বাবে গুৱাহাটী আৰক্ষীক প্ৰশংসা কৰে DGP জি পি সিঙে৷
ঘটনাক অমানৱীয় আখ্যা দিয়াৰ লগতে সামাজিক সচেতনতা সৃষ্টিৰ আহ্বান আৰু আমি সমাধান নোহোৱা গোচৰসমূহ সমাধান কৰিব লাগে বুলি টুইটত উল্লেখ কৰে জি পি সিঙে৷

2. কোকোৰাঝাৰ জিলাৰ অসম- পশ্চিমবংগ সীমান্তৰ বাঘদোক্ৰাত গঙ্গাধৰ নদীয়ে অঞ্চলটোত সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
অতি সোনকালে এই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।
লগতে উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিধায়ক জিৰণ বসুমতাৰ, কেইবাগৰাকী কাৰ্য্যবাহী সদস্য আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু আন আন বিষয়া সকল।

3. কীভত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে বাইডেনৰ বৈঠকত ইউক্ৰেইনলৈ ৫০০ মিলিয়ন ডলাৰৰ পেকেজ ঘোষণা কৰে জ’ বাইডেনে।

4. শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ উদ্যোগত সাংস্কৃতিক, সাহিত্য আৰু ক্ৰীড়া প্ৰতিভা সন্ধানী প্ৰতিযোগিতা অনুষ্ঠিত হয়।
শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানৰ মূল মঞ্চৰ লাইখুটা স্থাপন কৰে বিধায়ক অখিল গগৈ এ।
বৰ্তমানৰ চৰকাৰক আইনক হত্যা কৰা চৰকাৰ’ আখ্যা অখিল গগৈৰ।
‘মুখ্যমন্ত্ৰীজনে যদি নিজকে ৰজা বুলি ভাবিছে, আইন সকলো বন্ধ কৰি তেওঁৱেই বিচাৰ কৰক’ -মন্তব্য অখিল গগৈৰ।

5. ২৭ ফেব্ৰৱাৰীৰ পৰা ২ মাৰ্চলৈ বড়োলেণ্ড বিশ্বঃবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হ’ব বড়োলেণ্ড নোলেজ ফেষ্টিভেল। ফেষ্টিভেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বলিউডৰ তাৰকা বিবেক অবেৰয়।
এই উৎসৱত ভাৰতৰ ওপৰি বাংলাদেশ , ভূটান , নেপাল পৰা বহু কেইখন দেশে অংশগ্ৰহণ কৰিব।

6. গুৱাহাটীত উপস্থিত বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ ‘গংগা বিলাস’।
২৮ পৰ্যটকক পাণ্ডু প’ৰ্টত উষ্ম আদৰণি জনাই মহানগৰ প্ৰশাসনে।
কাৰ্বি আৰু তিৱা নৃত্যৰে আদৰণি বিদেশী পৰ্যটকৰ দলটোক।

7. ভাৰতীয় দলৰ উপ-অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰালে কে এল ৰাহুলক।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত দুৰ্বল প্ৰদৰ্শনৰ বাবে কে এল ৰাহুল বাদ পৰিল উপ-অধিনায়কৰ দায়িত্বৰ পৰা।

8. নাগালেণ্ডৰ মন জিলাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ।
মনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰীগৰাকীয়ে।
মন জিলাৰ সদৰতে নিশা কটাব অমিত শ্বাহে। মঙলবাৰে নাগালেণ্ডৰ টুৱেনছাঙৰ প্ৰচাৰ সভাত ভাগ ল’ব।
ইয়াৰ পিছতে ডিমাপুৰ হৈ শ্বিলঙলৈ যাব আৰু
শ্বিলঙতো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।

9. মহিলাৰ বিৱাহৰ বয়স ২১ বছৰলৈ বৃদ্ধিৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ।
পুৰুষ-মহিলা উভয়ৰে বিবাহৰ বয়স ২১ বছৰ নিৰ্ধাৰিত কৰিবলৈ উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছিল অধিবক্তা অশ্বিনী উপাধ্যায়ে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰসুদ, ন্যায়াধীশ পি এচ নৰসিমহা আৰু ন্যায়াধীশ জে বি পৰ্দিৱালাৰ বিচাৰপীঠে খাৰিজ কৰে আৱেদন।

10. ‘মিষ্টাৰ কলিয়াবৰ’ শীৰ্ষক জিলা ভিত্তিক দেহশ্ৰী আৰু শৰীৰ চৰ্চা প্ৰতিযোগিতা।
জখলাবন্ধাত অনুষ্ঠিত প্ৰতিযোগিতাত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত আৰু বহু গন্যমাণ্য ব্যক্তি।

11. বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান অসুস্থ।
জটিল ৰোগত আক্ৰান্ত হৈ দিছপুৰ হাস্পতালত গুৰুতৰ অৱস্থাত চিকিৎসাধীন হৈ আছে প্ৰাক্তন বিধায়কগৰাকী।
বৰ্তমান ভেণ্টিলেটৰত ৰখা হৈছে আব্দুৰ ৰহিম খানক।
মধুমেহ, বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছে আব্দুৰ ৰহিম খান।

12. অসম অৰুণাচল সীমান্তত গুলিয়াগুলিৰ ঘটনা সংঘটিত হয়।
উগ্ৰপন্থী সংগঠনে সংঘটিত কৰে এই ঘটনা।
উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে তিনিজনকৈ লোকক।

13. মিজোৰামত পুনৰ জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন।
মেক্সি কেব আস্থানৰ পৰা জব্দ কৰে ১৭ কোটি ৫০ লাখ টকাৰ হেৰ’ইন।
জব্দকৃত হেৰ’ইনখিনিৰ পৰিমাণ ৩ কেজি ৫০০ গ্ৰাম।

14. চিৰাঙৰ বিজনীত SSB ৰ অভিযান।
SSB ৰ 15 নং বেটেলিয়ানৰ ইন্সপেক্টৰ অনুপ সানাৰ নেতৃত্বত চলিছিল এই অভিযান ।
অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠৰ কুণ্ডা ভৰ্তি এখন বাহন ।

15. মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত।
থিতাতে নিহত TMCৰ ৫গৰাকী মহিলা সমৰ্থক।

16. চিৰাঙৰ কাজলগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।
অনুমতি নোহোৱাকৈ ভিপিআইৰ একাংশ সমৰ্থকে জিলাখনৰ কাজলগাঁৱস্থিত ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে প্ৰতিবাদকাৰীক চিৰাং জিলা আৰক্ষী এ আটক কৰে।

17. অসম-অৰুণাচল সীমান্তত ভয়ংকৰ ঘটনা সংঘটিত হয়।
তামোলবাৰীত দুৰ্বৃত্তৰ গুলীত ৩জনকৈ লোক নিহত হয়।
নিহতকেইজন উদয় অসমৰ চোৰাংচোৱাগিৰিৰে জড়িতৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

18. উত্তৰ প্ৰদেশৰ আলীগড়ৰ গাংগিৰীৰ ভিলেট ৰাম নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
বাইকেৰে বজাৰ কৰিবলৈ যোৱাৰ পথতে তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত মৃত্যুক সাৱটিলে দুই ভাতৃ ক্ৰমে ৰোহিত আৰু ছোটেলালৰ।
গুৰুতৰভাৱে আহত হয় আন এজন ব্যক্তি।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাত অভিযুক্ত চালকজনক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবীৰে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

19. নগাঁৱৰ পুৰণিগুদামৰ শিক্ষক উৎপল কুমাৰ ভূঞাৰ মৃত্যু।
জানিব পৰা মতে, কিছুদিন পূৰ্বে ঘৰত বহি টিভি চাই থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছিল উৎপল কুমাৰ ভূঞা।
গুৱাহাটীৰ হেল্থ চিটী হাস্পতালৰ ভেণ্টিলেশ্যনত চিকিৎসাধীন হৈ ৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কৃতি শিক্ষকগৰাকীয়ে।

20. কৰ্ণাটকত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
অৰ্ডাৰ দিয়া iPhone ৰ ৪৬ হাজাৰ টকা দিব নোৱাৰি ‘ডেলিভাৰী বয়’ক হত্যা।
হত্যা কৰি ৪ দিনলৈ ঘৰতে লুকুৱাই ৰাখি জ্বলাই দিলে মৃতদেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *