আজি ২১ ফেব্ৰুৱাৰী অৰ্থাৎ আন্তৰ্জাতিক মাতৃভাষা দিৱস।
প্ৰতিবছৰে আজিৰ দিনটোত বিশ্বৰ লগতে অসমৰ ভিন্ন প্ৰান্তত নিজৰ ভাষা দিৱস পালন কৰিছে।
আমি সকলোৱে নিজৰ মাতৃভাষাক হৃদয়েৰে ভাল পাওঁ।
মাতৃভাষা আমাৰ স্বাভিমান।
১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে।
কানাডাৰ ভেংকুভাৰ নগৰৰ দুজন বাঙালী লোক ৰফিকুল ইছলাম আৰু আব্দুছ চালামে ১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানৰ ওচৰত ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱসৰূপে স্বীকৃতি কৰিবলৈ আবেদন জনাইছিল।
২০০৯ চনৰ ১৬ মে’ তাৰিখে ৰাষ্ট্ৰসংঘই A/RES/61/266 নং সিদ্ধান্ত অনুসৰি সকলো সদস্য দেশকে “বিশ্বৰ মানৱে ব্যৱহাৰ কৰা সকলো ভাষাৰ সংৰক্ষণ আৰু সুৰক্ষা”ৰ বাবে অনুৰোধ কৰে।
একে সিদ্ধান্ত অনুসৰি সাধাৰণ সভাই ২০০৮ চনত “ভাষাৰ আন্তৰ্জাতিক দিৱস” হিচাপে গ্ৰহণ কৰে।
সকলোকে আন্তৰ্জাতিক ভাষা দিৱসৰ অলেখ শুভকামনা।