৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam February 21/2023:-

1. কাইলৈ শপত ল’ব অসমৰ নতুন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই।
শংকৰদেৱ কলাক্ষেত্ৰত শপতবাক্য পাঠ কৰোৱাব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে।
আজি বিমান বন্দৰত উষ্ম আদৰণি জনাই ৰাজ্যপালগৰাকীক।

2. মেঘালয়ৰ প্ৰাক্তন গৃহমন্ত্ৰী এইচ ডি আৰ লিংডোৰ মৃত্যু।
নিৰ্বাচনী প্ৰচাৰ সভাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় মেঘালয়ৰ UDP প্ৰাৰ্থী গৰাকী।
UDP দলৰ পৰা পূৱ খাচী হিলছৰ ছোহিয়ং সমষ্টিৰ প্ৰাৰ্থী আছিল লিংডো।
এনে ঘটনাই মেঘালয়ৰ ৰাজনীতিত শোকৰ ছাঁ পেলাইছে।

3. মুম্বাইত সংগীতানুষ্ঠান মাজতেই কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ।
শিৱসেনাৰ বিধায়কৰ পুত্ৰই আক্ৰমণ কৰাৰ অভিযোগ।
ইতিমধ্যে বিধায়কগৰাকীৰ পুত্ৰৰ বিৰুদ্ধে কণ্ঠশিল্পীগৰাকীয়ে দাখিল কৰিছে এজাহাৰ।
বৰ্তমান চিকিৎসালয়াধীন হৈ আছে ছনু নিগম।

4. তুৰস্ক-ছিৰিয়া বৰ ভূঁইকঁম্প।
ভূমিকম্পৰ ফলত প্ৰাণ গৈছে ৩জনৰ।
ঘটনাত ২০০ৰো অধিক লোক আহত হৈছে।
বৃদ্ধি পাব পাৰে নিহতৰ সংখ্যা।
বৰ্তমান চলি আছে উদ্ধাৰ অভিযান।

5. কলিয়াবৰত খিলঞ্জীয়া লোকলৈ ভূমিপট্টা ।
২ শতাধিক লোকক ভূমিপট্টা প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।
আমগুৰিৰ ফুলগুৰি চাঙৰ ২০০ ভূমিহীন পৰিয়াললৈ মাটিৰ পট্টা ।
নতুনকৈ আবেদন কৰা সকলেও শীঘ্ৰে পাব ভূমিপট্টা।
খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ এই পদক্ষেপ।

6. কোকৰাঝাৰ জিলাৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ক খহনীয়াৰ পৰা ৰক্ষা কৰিবৰ বাবে জলসম্পদ বিভাগে নদী খনৰ এটা সুঁতি নিৰ্মাণৰ লগতে স্থায়ী প্ৰতিৰোধ ব্যৱস্থা হাতত লৈছিল।
আজি সেই স্থান পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

7. “ভূপেন বৰাই ধুবুৰীত নিৰ্বাচন খেলাৰ প্ৰত্যাহ্বান জনোৱাৰ লগতে ভূপেন বৰাৰ নিচিনা বজৰুৱা ৰাজনৈতিক নেতা আজমল নহয়’, ভূপেন বৰাৰ নিচিনা ফাল্টু মানুহক লৈ ভাবিবলৈ সময় নাই”- মন্তব্য কৰে বদ্দৰুদিন আজমলে।

8. কাৰ্বি আংলঙত স্নিফাৰ ডগৰ সহায়ত জব্দ হ’ল ২০ কোটি টকাৰ হেৰ’ইন।
কুকুৰে সন্ধান দিয়ে এই হেৰ’ইনখিনি।
লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দুই সৰবৰাহকাৰীক।
কাৰ্বি আংলং জিলাৰ ডিফুত ভয়ংকৰ পথ দুৰ্ঘটনা।
ছুইফ্ট আৰু অটোৰিক্সা বাহনৰ মাজৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় দুয়োখন বাহনৰ চালক।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত দুয়োজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰে।

9. কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা।
কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সমূহীয়া অব্যাহতি।
বৰ্তমান কটনত আছুৰ কোনো গোট নাই।
কেন্দ্ৰীয় নেতৃত্বৰে সাংগঠনিক মতবিৰোধৰ বাবেই এই সিদ্ধান্ত।
আছুৰ বেনাৰত কটনত কোনোধৰণৰ অনুষ্ঠান পাতিব নোৱাৰিব বুলিও ঘোষণা।
আছুৰ কেন্দ্ৰীয় সমিতিয়ে দীৰ্ঘ সময়ৰ পৰা কটন বিশ্ববিদ্যালয়ক বঞ্চনা কৰি অহাৰো অভিযোগ উঠিছে।

10. পত্নী বন্দনা কলিতাই হত্যা কৰা অমৰজ্যোতি দে’ৰ মৃতদেহৰ সন্ধানত মেঘালয়ৰ দুৰ্গম পাহাৰত আজি অভিযান চলাই।
৩ অভিযুক্তই দুৰ্গম পাহাৰৰ তললৈ পেলাই দিছিল মৃতদেহ।
অৱশেষত উদ্ধাৰ কৰে অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট ।

11. ছাগলীয়াত জব্দ কৰা হৈছে চোৰাং চেগুন কাঠ সহ ট্ৰাক।
আৰক্ষীয়ে আটক কৰে ট্ৰাক চালক জগতাৰ সিঙক।
নাগালেণ্ডৰ পৰা পঞ্জাৱলৈ কঢ়িয়াই নিছিল চোৰাং কাঠখিনি।

12. নুনমাটিৰ ভৱানীপুৰত উদ্ধাৰ কৰা হৈছে মৃতদেহ।
নিজৰ ঘৰৰ চৌহদতে উদ্ধাৰ কৰা হয় গৌতম গোহাঁইৰ মৃতদেহ।
মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

13. মৰিয়ণিত জব্দকৃত থাইলেণ্ড মাগুৰ মাছ নষ্ট ।
১৯ ফেব্ৰুৱাৰীত জব্দ কৰা হৈছিল মাছখিনি।
ভোগদৈ নদীৰ পাৰত নষ্ট কৰা হয় মাছখিনি।
উপস্থিত থাকে মীন বিভাগ, তিতাবৰ মহকুমা দণ্ডাধীশ, মৰিয়ণিৰ আৰক্ষী।

15. মাৰ্কশ্বীট পোৱাত পলম হোৱাৰ বাবেই পেট্ৰ’ল ঢালি অধ্যক্ষৰ গাত অগ্নিসংযোগ কৰিলে এজন ছাত্ৰই।
ইন্দোৰৰ বিএম কলেজৰ এজন প্ৰাক্তন ছাত্ৰই সংঘটিত কৰিছে এই কাণ্ড। অধ্যক্ষগৰাকীৰ শৰীৰৰ ৯০ শতাংশ অগ্নিদগ্ধ।
ইতিমধ্যে ইন্দোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাত্ৰজনক।

16. কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অধীনৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত গুইমাৰাত জঘন্য কাণ্ড।
মাত্ৰ ৫ দিন পূৰ্বে এটি পুত্ৰ সন্তান জন্ম দিয়া মহিলাক হাত বান্ধি নিৰ্যাতনৰ অভিযােগ আত্মীয়ৰ।
নির্যাতিত মহিলাগৰাকী হৈছে গুইমাৰাৰ সমীন দাসৰ পত্নী তৰালি কলিতা দাস।
মহিলাগৰকীৰ ওপৰত চলােৱা এনে নিৰ্যাতনৰ বিৰুদ্ধে এজাহাৰৰ পিছতে স্বামী, শাহু শহুৰসহ চাৰিজনক আটক কৰে আৰক্ষীয়ে।

17. গুৱাহাটীৰ বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড।
গণেশনগৰত সংঘটিত হৈছে এই ঘটনা।
মন্দিৰত জ্বলোৱা চাকিৰ পৰাই অগ্নিকাণ্ডৰ সূত্রপাত হয়।
ৰবীন চৌধুৰী নামৰ ব্যক্তিৰ বাসগৃহ জুইত ভষ্মীভূত হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ ৩ খন বাহনে জুই নিৰ্বাপন কৰে।
লক্ষাধিক টকাৰ সা সম্পত্তি জুই জাহ যায়।

18. নগাঁৱত আৰক্ষীৰ নামত ড্রাগছ সৰবৰাহকাৰীৰ পৰা ধন সংগ্রহ।
ৰঙাঘৰৰ আলহী হয় খুঁটিকটীয়াৰ শংকুমণি গোস্বামী নামৰ এজন যুৱক।
পলাতক ড্রাগছ সৰবৰাহকাৰীৰ আত্মীয়ক দাবী কৰিছিল ১লাখ টকা।
বৰ্তমান নগাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শংকুমণি গোস্বামীক।

19. বোকাজানত ২৪ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ।
হেৰ’ইনসহ আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰীক।
জব্দকৃত হেৰ’ইনখনৰ ওজন ৪ কেজি ১০৯ গ্রাম।
ডিমাপুৰ দিশৰ পৰা অহা এখন ট্ৰাকৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।

20. দেশৰ ৭০টাতকৈয়ো অধিক স্থানত NIAৰ অভিযান।
উত্তৰ প্ৰদেশ, গুজৰাট, পঞ্জাৱত অভিযান NIAৰ।
গেংষ্টাৰ আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে চলিছে এই অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *