৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council .

Rnewsindia24.com , Assam , February 22/2023:- 

1. গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান।
উক্ত অনুষ্ঠানত পশুপালন, পশু চিকিৎসা, মীন, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ২১০গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, পৰিমল শুক্লবৈদ্য, বিমল বড়া, নন্দিতা গাৰ্লোছা, সঞ্জয় কিষাণ, যোগেন মহন, সাংসদ কুইন ওজা আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া আৰু গণ্যমান্য ব্যক্তিসকল।

2. আজি শপত গ্ৰহন কৰে অসমৰ নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই।

গুলাব চান্দ কাটাৰিয়া
দিনৰ ১১ বজাত কলাক্ষেত্ৰত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান।
শপত বাক্য পাঠ কৰোৱাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বহু কেইবাগৰাকী মন্ত্ৰী বিধায়কৰ লগতে বিশিষ্ট ব্যক্তিসকল।

 

3. লখিমপুৰ জিলাৰ পানীগাওঁ ওম প্ৰকাশ দিনোদীয়া মহাবিদ্যালয়ত National Library and Information Services Infrastructure for scholarly content বিষয়ক এক অৰিয়েনতেশ্যন অনুষ্ঠান।

Rnewsindia24.com
অনুষ্ঠানটিত আত ধৰে গ্ৰন্থাগাৰিক পৰিণীতা টায়ে।
উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰেশ দত্ত আৰু মহাবিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকা।

4. বিশিষ্ট কবি, গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধিৰ দেহাৱসান।
GMCH ত শেষ নিশ্বাস ত্যাগ কৰে কবি গৰাকীয়ে।

5. টেলিকম খণ্ডত 5G পৰিসেৱাৰ গাইডলাইনত অনুমোদন।
আছাম ফ্লায়িং ক্লাব ছ’চাইটী পুনৰ গঠনত অনুমোদন।
ৰাইজৰ সুৰক্ষাৰ বাবে প্ৰণয়ন হ’ব এখন নতুন আইন।
আছাম পাব্লিক ছেফটী মিজাৰমেণ্ট বিধেয়কত অনুমোদন।
কেবিনেটৰ অন্তত সংবাদমেলত ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

6. আজি পুনৰবাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত কিলিং আৰু কপিলী নদীৰ সংযোগস্থলীত মাটি পৰ্বত নামৰ স্থানত নিমীৰ্য়মান অৱস্থাত থকা শ্লুইচ গেট আৰু নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
জলসম্পদ বিভাগৰ বিষয়া সকল আৰু ঠিকাদাৰক এই কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

7. “বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান ভূপেন বৰাৰ।
১০০ টকা লোৱা বুলিও যদি প্ৰমাণ কৰিব পাৰে, APCCৰ সভাপতিটো বাদেই ৰাজনৈতিক জীৱনো ত্যাগ কৰিম “- মন্তব্য ভূপেন বৰাৰ।

8. উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত আয়োজিত উদ্যম ২০২৩ মেলাৰ শুভাৰম্ভণি কৰে মন্ত্ৰী অশোক সিংহালে।
“শিপিনীৰ গামোছাত আবেগ অনুভুতি,ভক্তি সোমাই থাকে,যাৰবাবে হাতে বোৱা গামোছাৰ দাম অধিক হয় বুলি মন্তব্য আগবঢ়াই মন্ত্ৰী অশোক সিংহালে।

9. ধিঙৰ ধিং মহাবিদ্যালয়ৰ সন্মুখত শোকাৱহ পথ দুৰ্ঘটনা।
এখন মালবাহী ট্ৰাকে মহটিয়াই নিলে বাইক আৰোহী কলেজীয়া ছাত্ৰক।
লগতে গুৰুতৰভাৱে আহত হয় আন এজন ছাত্ৰ।
পৰৱৰ্তী সময়ত ঘটনাস্থলত ধিং আৰক্ষী উপস্থিত হৈ ট্ৰাকখনৰ চালক গৰাকীক আটক কৰে।

10. লখিমপুৰত ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে অভিযান।
আৰক্ষীক ড্ৰাগছ বিক্ৰী কৰিব আহি হাতেলোটে গ্ৰেপ্তাৰ হয় সৰবৰাহকাৰী।
আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী আইনুল ইছলাম।

11. দুৰ্নীতি নিবাৰক শাখাৰ জালত মাকাচৰৰ দক্ষিণ শালমৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল।
ধৃত লাট মণ্ডলজনৰ নাম আবু তালেব মিঞা।
১৩ হাজাৰ টকা উৎকোচ লৈছিল আবু তালেবে।

12. ডুবাইত বাংলাদেশৰ কনছুলেট জেনেৰেলত মাতৃভাষা দিৱস অনুষ্ঠিত হয়।
অনুষ্ঠানত শ্ৰীলংকা, কেনিয়া, UAE, বাংলাদেশ আৰু ভাৰতে অংশগ্ৰহণ কৰে।
আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানো।

13. ৰাষ্ট্ৰীয় মাষ্টাৰছ এথলেটিকছ চেম্পিয়নশ্বিপত উজলিল ৰমেশ বৰুৱা, বিজয় ভূঞা।
ডিব্ৰুগড় বাণীপুৰৰ ৰমেশ বৰুৱাই চাৰিটা স্বৰ্ণ পদক, বিজয় ভূঞাই দুটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদকেৰে অভিলেখ ৰচি লাভ কৰে দেশৰ শ্ৰেষ্ঠ খেলুৱৈৰ বিৰল সন্মান।

14. শালবাৰীৰ কালপানীত ভয়ংকৰ পথ দুৰ্ঘটনা।
ডাম্পাৰ আৰু পিলপিলিৰ মাজত সংৰ্ঘষ।
সংঘৰ্ষত এজন থিতাতে নিহত হয় আৰু আন এজন সংকটজনক অৱস্থাত আছে

15. গোসাইগাঁৱত আটক উগ্ৰপন্থী সংগঠন GCLOৰ ৬ জন সদস্য।
KLOৰে শান্তি আলোচনা যোগাত্মক নহ’লে কূটাঘাতৰ হুংকাৰ দিছিল GCLO-এ।
জীৱন সিংহৰ প্ৰত্যাৱৰ্তনৰ পাছতে আত্মপ্ৰকাশ ঘটিছিল GCLOৰ।

16. পাকিস্তানৰ আৰ্থিক সংকট। বিদেশী অভিযান হ্ৰাস কৰিব পাকিস্তান চৰকাৰে।
পাকিস্তানত খৰচৰ পৰিমাণ কমোৱাৰ বাবে এই সিদ্ধান্ত শ্বেহবাজ চৰকাৰৰৰ।
দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক বিদেশী অভিযান হ্ৰাস কৰাৰ লগতে কাৰ্যালয়ৰ কৰ্মচাৰী আৰু ব্যয় ১৫ শতাংশলৈ হ্ৰাস কৰাৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে।

17. ৰাজ্যত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে।
শিলচৰৰ মেহেৰপুৰ কাবিউৰাত স্বামীক ছুৰীৰে ঘপিয়াই হত্যা কৰে পত্নীয়ে।
হত্যাকাণ্ড সংঘটিত কৰি থানাত আত্মসমৰ্পণ কৰে পত্নীয়ে।
পত্নী মাপ্পী বেগমে ছুৰীৰে হানি-খুঁচি হত্যা কৰে ফাৰমিন উদ্দিনক।

18. খেৰণিত ড্ৰাগছসহ আটক দুই সৰবহকাৰীক।
জব্দ কৰে ৫.২০ গ্ৰাম ড্ৰাগছ, দুটা ছিৰিঞ্জ, ৪টা কন্টেনাৰ।
লগতে চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

19. কাছাৰৰ লায়লাপুৰত বার্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ হয়।
জব্দ কৰে ৮ হাজাৰ ২০০ কেজি চুপাৰি, গ্রেপ্তাৰ কৰে ২ সবৰাহকাৰী।
লায়লাপুৰ আৰক্ষীৰ নিয়মীয়া তলাচি অভিযানৰ সময়ত জব্দ কৰে বৃহৎ পৰিমাণৰ চুপাৰিখিনি।

20. শিলচৰৰ কালাইনত বোৱাৰীক নিৰ্মম আক্ৰমণৰ ঘটনা।
গ্ৰেপ্তাৰ হয় CRPFৰ জোৱান দেৱজিৎ সিংহ।
বৰ্তমানেও পলাতক মূল অভিযুক্ত থাম্বাল সিংহ নামৰ বৃদ্ধাগৰাকী।
নিশা কালাইন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেৱজিৎ সিংহক।

Leave a Reply

Your email address will not be published. Required fields are marked *