৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
Mising Autonomous Council .
1. অসমলৈ গৌৰৱ কঢ়িয়ালে নয়নমণি শইকীয়াই।
এছিয়ান চেম্পিয়নশ্বিপ- ২০২৩ত সোণৰ পদক অৰ্জন কৰে ভাৰতীয় লনবল দলে।
মালয়েছিয়াত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপৰ
ভাৰতীয় দলটোত আছে স্বৰ্ণকন্যা নয়নমণি শইকীয়া।
2. নগাঁও মেডিকেল কলেজৰ সহকাৰী অধ্যাপকক নিলম্বন।
কৰ্তব্যত অনুপস্থিতিৰ বাবে চিকিৎসক ৰাস্কিন ফুকনক নিলম্বন কৰা হৈছে।
কৰ্তৃপক্ষৰ পৰা ছুটী নোলোৱাকৈ অনুপস্থিত আছিল চিকিৎসকজন।
3. জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন খেৰাক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।
প্ৰধানমন্ত্ৰী মোদীক অপমান কৰা বুলি খেৰাৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈছিল গোচৰ।
দিল্লীৰ বিমানবন্দৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনক।
4. দিছপুৰ আৰক্ষীৰ জিম্মাত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ আন এজন অভিযুক্ত।
জিতুমণি বৰ্মনক ৫ দিনৰ বাবে জিম্মাত লৈ গৈছে আৰক্ষীয়ে ।
পূৰ্বে কমলপুৰ আৰক্ষীৰ জিম্মাত আছিল ধৃত জিতুমণি বৰ্মন।
ৰঞ্জিত বৰা হত্যাকাণ্ডৰে জড়িত গেং অব ছিক্সৰ সদস্য জিতুমনি।
5. অসমৰ ক্ৰীড়া জগতৰ বাবে দুখবৰ।
‘টাইকোৱানড’ অসম দলৰ প্ৰশিক্ষকৰ মৃত্যু।
হাইদৰাবাদৰ ৰাজপথত যাত্ৰীবাহী বাছে মহটিয়াই নিয়ে দিগন্ত বৰাক।
থিতাতে নিহত হয় প্ৰশিক্ষক দিগন্ত বৰা।
6. ‘ৰাজনীতিত LP স্কুলেই পাছ কৰা নাই ভূপেন বৰাই।
ভাং নাখালে ডিব্ৰুগড়ৰ দৰে SEAT জিকিম বুলি নকয়’- মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ।
7. জাগীৰোডৰ ২নং বঙালবড়ীত নিশা চাঞ্চল্যকৰ ঘটনা।
এটা পৰিয়ালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এজন যুৱকে।
গুৰুতৰভাৱে আহত হয় পৰিয়ালটোৰ ৩ গৰাকী মহিলা।
অতৰ্কিতে চোকা অস্ত্ৰৰে আক্ৰমণ চলায় নিজাম আলীয়ে।
প্ৰথমে মুজাম্মিল হ’ক নামৰ এজন যুৱকৰে তৰ্কাতৰ্কি।
তাৰপাছত পৰিয়ালটোৰ মহিলাসকলক আক্ৰমণ কৰে নিজাম আলী এ।
জাগীৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত সকলক।
নিজাম আলীৰ বিৰুদ্ধে চুৰি-ডকাইতিৰো অভিযোগ স্থানীয় লোকৰ।
8. উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বিধায়ক।
পাঞ্জাৱৰ আপ বিধায়ক অমিত ৰতন কোটফাট্টাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ঠিকাদাৰৰ বিল মোকলোৱাৰ নামত ৪লাখ টাকা উৎকোচ লোৱাৰ অভিযোগ।
9. প্ৰথমবাৰলৈ উত্তৰ-পূবত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতা।
২০২৩ বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়ালৈ নিৰ্বাচিত হৈছে অসমৰ জীয়ৰী অনুষ্কা লেখাৰু।
10. আজিৰে পৰা মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন।
পাঁচদিনীয়াকৈ অনুষ্ঠিত নেলীৰ অধিৱেশনস্থলীত উখল-মাখল পৰিৱেশ।
পতাকা উত্তোলনেৰে আৰম্ভ হয় প্ৰথমদিনৰ কাৰ্যসূচী।
11. “কাইলৈ মোৰ ভাগ্যলিপি লিখা হ’ব।
কাইলৈ যদি ছুপ্ৰিম ক’ৰ্টে মোক প্রটেকচন নিদিয়ে তেন্তে অহা মঙ্গলবাৰে মই জেললৈ যাব লাগিব”- মন্তব্য বিধায়ক অখিল গগৈৰ।
12. শিলচৰত দুদিনৰ ভিতৰত জব্দ হৈছে প্রায় ১৩ কোটি টকাৰ বাৰ্মিজ চুপাৰী।
কাছাৰ আৰক্ষীৰ অভিযানত জব্দ হয় ২৫ কেজি বাৰ্মিজ চুপাৰী।
বৰ্তমানলৈ গ্রেপ্তাৰ কৰা হৈছে ৮টাকৈ সৰবৰাহকাৰী।
13. ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা।
ধেমাজিৰ মৰিধলত জব্দ কৰা হয় ৪৬টা চোৰাং গৰু।
দুখন ট্রাকৰ পৰা জব্দ কৰে গৰুকেইটা।
লগতে জব্দ হয় গৰু ভৰ্তি ট্ৰাক দুখন।
লিকাবালিৰ পৰা নগাৱলৈ অনা হৈছিল চোৰাং গৰু কেইটা।
14. মহানগৰীৰ জালুকবাৰীত পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই ৰাষ্ট্রীয় ঘাইপথৰ ডিভাইদাৰত খুন্দা মাৰে ট্রাকখনে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ট্রাকখনৰ চালক-হেণ্ডিমেন।
সংকটজনক অৱস্থাত দুয়োজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
15. হাইলাকান্দিত জব্দ বাৰ্মিজ চুপাৰি।
বিলাইপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰে ৩৬ বস্তা চুপাৰি।
একে নম্বৰৰ দুখন ট্রাকত মিজোৰামৰ পৰা সৰবৰাহ কৰিছিল চুপাৰিখিনি।
ট্ৰাক এৰি পলায়ন কৰে চালক আৰু হেণ্ডিমেনে।
16. ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত ‘ভাৰত ৰংগ মহোৎসৱ’।
কলাক্ষেত্ৰ মাধৱদেৱ প্ৰেক্ষাগৃহত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই মহোৎসৱ।
৬দিনত ৬খন বিভিন্ন নাটক প্ৰদৰ্শিত হব এই মহোৎসৱত।
17. মূল সুঁতিলৈ উভতিল আলফা (স্বা)ৰ কেডাৰ বিক্ৰমজিৎ চেতিয়া ওৰফে ৰঞ্জিত অসমে।
আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ নিষিদ্ধ ঘোষিত সংগঠনটোৰ কেডাৰ বিক্ৰমজিৎ চেতিয়া ওৰফে ৰঞ্জিত অসমৰ।
তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ সমীপৰ চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত আত্মসমৰ্পণ কৰে কেডাৰজনে।
বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে আত্মসমৰ্পণকাৰী কেডাৰজনক।
18. বাইহাটা চাৰিআলিৰ টুলামাটি গাৱঁত চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড।
ধৰ্ষণ কাণ্ডত জড়িত হ’ল গাওঁপ্ৰধান।
গাওঁপ্ৰধান গৰাকীৰ নাম ৰুবুল আলী।
একে গাঁৱৰে এগৰাকী মহিলাক বলপূৰ্বক ভাৱে ধৰ্ষণ কৰিছিল।
19. নিশা ভঙাগড়ত অগ্নিকাণ্ড।
বৈদ্যুতিক খুঁটাত ওলমি থকা কেবল তাঁৰত লাগিল জুই।
শ্বৰ্টচাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ।
অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই।
উল্লেখযোগ্য, মুষলধাৰ বৰষুণৰ মাজতে সংঘটিত হয় এই অগ্নিকাণ্ড।
20. বৰপেটা মেডিকেল কলেজ হাস্পতালত পুনৰ ৩টাকৈ দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
তেজৰ দালালিকে ধৰি ৰোগীৰ পৰিয়ালক কৰিছিল ধন দাবী।
অৱশেষত জালত পৰিল মজিবুল হুছেইন, দিলবৰ হুছেইন আৰু আয়ুব আলী।
Post navigation
Go Top