অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তি কীৰ্তিনাথ শৰ্মা বৰদলৈৰ জীৱন যাত্ৰাঃ

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

কীৰ্তিনাথ শৰ্মা বৰদলৈ অসমৰ এগৰাকী সংগীতজ্ঞ, সুৰকাৰ আৰু গীতিকাৰ আছিল।
তেখেত অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথমজন ব্যক্তি।

১৮৭৮ চনৰ ৭ নৱেম্বৰত দৰং জিলাৰ কুৰুৱা গাঁৱত কীৰ্তিনাথ শৰ্মা বৰদলৈৰ জন্ম হৈছিল।

পিতৃৰ নাম আছিল দেহিৰাম শৰ্মা বৰদলৈ আৰু মাতৃ আছিল মহেশ্বৰী দেৱী।

শৈশৱতেই তেওঁ দেউতাকক হেৰুৱাইছিল।
তেওঁৰ পঢ়া জীৱন আৰম্ভণি কৰে গুৱাহাটীত।

১৮৯৬ চনত কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।

তাৰপিছত এফ এ পঢ়িবলৈ কলিকতাৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজলৈ যায়।

কীৰ্তিনাথ শৰ্মা বৰদলৈৰ সংগীত জীৱন মঙলদৈতে আৰম্ভ হৈছিল।

সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাৰ সান্নিধ্যত তেওঁ শাস্ত্ৰীয় সংগীতৰ শিক্ষাগ্ৰহণ কৰিছিল।

ক্লৰিয়’নেটৰ পৰা আৰম্ভ কৰি নাগাৰালৈকে প্ৰায়বোৰ বাদ্য-যন্ত্ৰয়েই তেওঁ বজাব পাৰিছিল।

কুৰুৱা অঞ্চলত তেওঁ নাগাৰাক জনপ্ৰিয় কৰি তুলিছিল বুলি ক’ব পাৰি।

সাহিত্যিক বেণুধৰ ৰাজখুৱাই মঙলদৈত আৰম্ভ কৰা ‘মঙলদৈ মজলিছ’ নামৰ সভাৰ এগৰাকী অন্যতম সদস্য আছিল কীৰ্তিনাথ শৰ্মা বৰদলৈ।

সেইসময়ত তেওঁ মঙলদৈ হাইস্কুলৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

বেণুধৰ শৰ্মাই ৰচনা কৰা বাঁহী নামৰ সংকলনখনত সন্নিৱিষ্ট গীতবোৰত বৰদলৈয়ে সুৰ সংযোজন কৰিছিল।

বাঁহীৰ পিছত বেণুধৰ ৰাজখোৱাৰ পুথি সৰু ল’ৰাৰ গানৰ গীতত তেওঁ সুৰ সংযোজন কৰে।

তাৰপিছত পদ্মধৰ চলিহা, মিত্ৰদেৱ মহন্ত, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, চন্দ্ৰধৰ বৰুৱা আদি ব্যক্তিসকলৰ কিছুমান গীত তেওঁ সুৰেৰে সজায়।

চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাই ভ্ৰমি ফুৰোঁতে তেওঁ সুৰ সংগ্ৰহ কৰিছিল আৰু সেই সুৰ অসমীয়া আধুনিক গীতত প্ৰয়োগ কৰিছিল

তেওঁৰ দ্বাৰা ৰচিত ‘সুৰবিজয়’ গীতি-নাটিকাখনত শৰ্মা বৰদলৈয়ে শুকনাৰায়ণী, মাহুৰ, বৰো কৌ, দুৰ্গাবৰী মালশ্ৰী আদি কেইবাটাও পুৰণি সুৰ নতুনকৈ প্ৰচলন কৰিছিল।

১৯০৭ চনত তেজপুৰৰ বাণ থিয়েটাৰত তেওঁ বেহেলা বজাইছিল।
সেই সময়ত জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আগৰৱালাকে ধৰি অসমৰ বহুকেইগৰাকী প্ৰখ্যাত শিল্পী জড়িত আছিল।

কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত ‘কামৰূপীয় সংগীত’ আৰু ‘সুৰ পৰিচয়’ নামৰ গ্ৰন্থ দুখন লিখি উলিয়াইছিল।

ইয়াৰ উপৰি তেওঁ কেইবাখনো গীতি আলেখ্যও লিখি উলিয়াইছিল।

অসমীয়া ভাষাত একাধিক অপেৰা সৃষ্টি কৰি তেওঁ অসমৰ সংগীত জগতলৈ নতুন চিন্তাৰ আমদানি ঘটাইছিল।

তেওঁ সৃষ্টি কৰা কেইখনমান অপেৰা হৈছে- বাসন্তীৰ অভিষেক, সুৰবিজয়,
লুইত কোঁৱৰ, সুৰবিজয়,
মেঘাৱলী।

১৯৪৬ চনত তেওঁ ‘জাগৰণী’ নামৰ এখনি গীতৰ সংকলন উলিয়াইছিল।

এইখন সংকলনত আজান ফকীৰৰ প্ৰায় একুৰি জিকিৰ সন্নিৱিষ্ট হৈছিল

তেওঁ গ্ৰাম’ফোনত ৰেকৰ্ডিং কৰা গীতসমূহত এডিথ্ আৰমিনা, ওৱালাং, চুনী মিঞা, তৰুণ হাজৰিকা, বন্দনা বৰুৱা, ৰাজবালা দেৱী, সমৰ দেকে ধৰি বহুতো শিল্পীয়ে কণ্ঠ নিগৰাইছিল।

তেতিয়াৰ ৰক্ষণশীল সমাজ ব্যৱস্থাৰ কঠোৰ বাধা-নিষেধক প্ৰতিহত কৰি কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে অসমৰ চুকে-কোণে থকা বহুতো সাংগীতিক প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই আনিছিল।

গীতিকাৰ হিচাপে কীৰ্তিনাথ শৰ্মা বৰদলৈৰ অনন্য খ্যাতি আছে।
তেওঁৰ গীতত প্ৰকৃতি বন্দনা, দেশপ্ৰেম, জাতীয়তাবোধ, ভ্ৰাতৃত্ববোধ আদিৰ সুৰ উজ্জ্বল ৰূপত শুনিবলৈ পোৱা যায়

সেই সময়ত আকাশবাণীযোগে প্ৰচাৰিত হোৱা ৰাইজৰ মেলঅনুষ্ঠানত তেওঁ লিখা ‘ৰাইজ মোৰ ৰজা ঐ’ গীতটিয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

গীতটোত কণ্ঠদান কৰিছিল সাৰদা শৰ্মাই।

নামে মন্দাকিনী,সৰগৰে পৰা/গায় সমীৰণে ধীৰে ধীৰে/নাচে তৰুলতা তেওঁৰ আন এটি জনপ্ৰিয় গীত।
এই গীতটি তেওঁ ১৯২৬ চনত লিখিছিল।

তেওঁৰ আন কেইটিমান শ্ৰুতিমধুৰ গীত হৈছে-

অ’ অসমীয়া বীৰ ডেকা ল’ৰা,
পৰ্বতত জুৰ পানী, কিহেৰে পূজিম দুখানি চৰণ, সুৰ মৌ-সৰগেৰে, আমি ভাই নতুন যুগৰ, অসমীয়া মোৰ বুকুৰ আপোন, এয়া দুনীয়া দৰদী বন্ধু/গোৱা প্ৰাণখুলি নতুনৰ গান (গজল)।

১৯৩৭ চনত গুৱাহাটীৰ জজ ফিল্ডত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সংগীত শাখাৰ সভাপতি আছিল।

পুত্ৰ মুক্তিনাথ শৰ্মা বৰদলৈৰ লগতো তেওঁ সংগীতৰ ভালেমান কাম কৰিছিল।

জীৱনৰ শেষ সময়খিনি তেওঁ শদিয়াত অতিবাহিত কৰে।

১৯৫০ চনত স্থাপন হোৱা শদিয়া সংগীত মহাবিদ্যালয়ত তেওঁ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল।

তেখেতে সংগীত জগতলৈ যিখিনি অৱদান আগবঢ়ালে তাৰ বাবে চিৰস্মৰণীয় হৈ থাকিব।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

১৯৫২ চনৰ ২৩ ফেব্ৰুৱাৰীত তেখেত মৃত্যু হয়।

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *