কালজিৰাৰ ঔষধী গুণ আৰু উপকাৰীতা।

কালজিৰা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
কালজিৰা খালে শৰীৰৰ বহু মাৰাত্মক বেমাৰ নাশ হয়।
প্ৰায় সকলোৰে পাকঘৰত এইবিধ মছলা থাকেই।
আপুনি বাৰু দালি – ভাজিত কালজিৰা মছলা দি খায় নে কেতিয়াবা ?
কালজিৰাত ভিটামিন A, B1, B2, C, নিয়াচিন, কেলচিয়াম, আয়ৰন, চডিয়াম, আয়ৰন, মেংগানিজ, চেলেনিয়াম আদি পুষ্টিতত্বৰে ভৰপূৰ।
জানো আহক কালজিৰাৰ ঔষধী গুণসমূহঃ
1. কালজিৰাত কেঞ্চাৰ প্ৰতিৰোধক কেৰ’টিন আৰু শক্তিশালী হৰমন পোৱা যায়৷
2. কালজিৰাই চুলি, দাঁত আৰু ছালৰ সমস্যা দূৰ কৰে৷
লগতে চৰ্মৰোগ, ব্ৰণ, টনছিল, গলৰ বিষ নিৰ্মূল কৰে৷
3. কালজিৰাই কিডনী ষ্ট’ন, লিভাৰ আৰু প্লীহা, হৃদপিণ্ড আৰু ৰত্তপ্ৰবাহ আদিৰ সমস্যা নিৰাময় কৰে৷
4. কালজিৰাই ডায়েবেটিছ ৰোগীসকলৰ তেজত শৰ্কৰা কমাই ৰাখে।
5. ওজন হ্ৰাস বা মেদবহুলতা সমস্যাৰ বাবে কালজিৰা অতি উত্তম।
6. কালজিৰাই ৰক্তচাপ নিয়ন্ত্ৰন কৰে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে কালজিৰা খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
আপুনি যদি লিখনিটো পঢ়ি ভাল পালে তেন্তে চেয়াৰ কৰিবলৈ নাপাহৰিব।
লগতে আপোনাৰ মতামত জনাব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24

