৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam March 6/2023:- 

1. মেট্ৰিকৰ প্ৰশ্নকাকত ভাইৰেলক লৈ তৎপৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছতে কঠোৰ মুখ্যমন্ত্ৰী গৰাকী।
ছেবাৰ সচিব নৰনায়াৰণ নাথক তলব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
তিনিদিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ।
প্ৰশ্নকাকত ভাইৰেল হোৱা কেন্দ্ৰৰ বিৰুদ্ধে লোৱা হ’ব বিহিত ব্যৱস্থা।

2. ৮ মাৰ্চত কামৰূপ (মেট্ৰ’)ত স্থানীয় বন্ধ ঘোষণা।
দৌল উৎসৱ উপলক্ষ্যে বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান।
৭ আৰু ৮ মাৰ্চত ন’ ড্ৰোণ ফ্লাই জ’ন ঘোষণা কামৰূপ মহানগৰ প্ৰশাসনৰ।
এই দুটা দিনত গুৱাহাটীত উৰুৱাব নোৱাৰিব কোনো ড্ৰোণ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি।

3. কাইলৈ মেঘালয় মন্ত্রীসভাৰ শপতগ্রহণ অনুষ্ঠান।
শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব প্রধানমন্ত্রী নৰেন্দ্র মোডী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহো।

4. পশ্চিমবংগত বৃদ্ধি পাইছে H3N2 ভাইৰাছৰ সংক্ৰমণ।
H3N2 ভাইৰাছত আক্ৰান্ত হৈ পশ্চিমবংগত এটি শিশুৰ মৃত্যু।
শিলিগুড়িৰ NBMC হাস্পতালত চিকিৎসাধীন হৈ আছে ২৬টি শিশু।

5. চিৰাঙৰ গৰাইমাৰী শিলকুঁৱেৰীৰ পৰা ড্ৰাগছসহ এজনক আটক কৰে আৰক্ষীয়ে।
পাণবাৰী আৰক্ষীৰ অভিযানত জব্দ হয় ড্ৰাগছখিনি।
এটা প্লাষ্টিকৰ বাকচৰ পৰা জব্দ কৰে ১২.৭০ গ্ৰাম ড্ৰাগছ।

6. বোকাজানৰ লাহৰীজানত দুটা গিবন জব্দ কৰা হৈছে।
মণিপুৰৰ পৰা এখন ট্ৰাকত সৰবৰাহৰ কৰিছিল গিবন দুটা।
নহৰুৰ মাজত লুকুৱাই আনিছিল গিবন দুটা।
লাহৰীজান আৰক্ষীৰ তালাচীত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন।
জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS01 PC3927।
মহম্মদ ৱাৰিছ আৰু নাওবা মেইটিক নামৰ ২ সৰবৰাহকাৰীক আটক কৰে।
আটক কৰা সৰবৰাহকাৰী দুটাৰ ঘৰ মণিপুৰত ।
গিবন দুটা প্ৰেৰণ কৰা হৈছে বনবিভাগৰ জিম্মালৈ।

7. আজিৰে পৰা জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা।
চাৰিদিনীয়াকৈ অনুষ্ঠিত বাৰেচহৰীয়া ভাওনা।
বাৰেচহৰীয়াৰ বাবে সাজু হৈ উঠিছে ২১ খন খলা।
পুৱা ১০বজাত ভাওনা মহোৎসৱৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।
মূল ভাওনা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

8. জব্দকৃত কফছিৰাপ বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ কনিষ্টবল।
গোলকগঞ্জৰ ছাগলীয়াত গ্ৰেপ্তাৰ হয় টাইমুৰ আলী সৰকাৰক।
ছাগলীয়া আৰক্ষীয়ে জব্দ কৰিছিল বুজন পৰিমাণৰ কফছিৰাফ।
জব্দকৃত এক কাৰ্টন কফছিৰাপ বিক্ৰীৰ অভিযোগ টাইমুৰৰ বিৰুদ্ধে।
জিলা আৰক্ষী অধীক্ষকৰ তদন্তত পোহৰলৈ এই তথ্য।
২৮ ফেব্ৰৱাৰীত ৰিজাৰ্ভ ক্ল’জ কৰা হয় কনিষ্টবলজনৰ।
ৰিজাৰ্ভ ক্ল’জ কৰি আৰক্ষীয়ে অব্যাহত ৰাখে তদন্ত ।
অভিযোগ সত্য প্ৰমাণিত হোৱাত নিশা গ্ৰেপ্তাৰ টাইমুৰক।

9. অসম-মিজোৰাম সীমান্তত গুলীচালনা।
দুই সহকৰ্মীক গুলীয়াই হত্যা এজন মিজো আৰক্ষী জোৱানৰ।
মিজোৰামৰ বুৱাৰচেপ পেট্ৰ’ল পাম্পত এই ঘটনা।
সুৰামত্ত অৱস্থাত জোৱানজনে গুলীয়ায় সহকৰ্মীক।
নিহত জে লালৰোহলুৱা আৰু ইন্দ্ৰ কুমাৰ ৰায়।
অভিযুক্ত আৰক্ষী জোৱান বিমল কুমাৰ চাকমাক আটক কৰে আৰক্ষীয়ে।

10. প্ৰেমিকাক হত্যাৰ অপচেষ্টা উদণ্ড প্ৰেমিকৰ।
আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়ালে প্ৰেমিকাক।
সম্প্ৰতি সংকটজনক অৱস্থাত AMCHত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই।
ড্ৰাগছ আসক্ত আছিল প্ৰেমিক আকাশ দত্ত।
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ কাণ্ড।

12. সামৰণি পৰিল জালুকবাৰীস্থিত ৰেডিচন ব্লু’ত অনুষ্ঠিত B2B সন্মিলন আৰু এক্সপ’।
আয়ুৰ্বেদ চিকিৎসাক প্ৰচাৰ আৰু প্ৰসাৰিত কৰাৰ লক্ষ্যৰে আয়োজিত সন্মিলন।
এক্সপ’ত অংশ লৈছিল ভাৰতকে ধৰি ১৭খন দেশৰ প্ৰায় দুই শতাধিক প্ৰতিনিধিয়ে।
এই এক্সপ’ৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ কোম্পানীসমূহৰ স্বতাধিকাৰীৰ।

13. মহানগৰীত মধ্যহ্ন ভোজন ৰান্ধনী, সহায়িকা সন্থাৰ প্ৰতিবাদ।
ৰন্ধন কৰ্মীৰ মজুৰী বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীৰে প্ৰতিবাদ।
১৬ খন জিলাৰ সহস্ৰাধিক কৰ্মীৰ প্ৰতিবাদত অংশগ্ৰহণ

14. আজিৰে পৰা উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত দৌলত্‍সৱ।
৫ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দৌলত্‍সৱক লৈ উখল-মাখল পৰিৱেশ।

15. ডিব্ৰুগড়ত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া।
ডিব্ৰুগড় চহৰৰ সুৰক্ষা বান্ধলৈ ভাবুকি।
মাত্ৰ ৮ মিটাৰ খহিলেই বিপদ নিশ্চিত বুলি জানিব পৰা গৈছে।
শনিবাৰৰ পৰা আজিলৈ খহিল ১০০ মিটাৰৰো অধিক।
কছাৰীঘাটৰ ভয়ংকৰ খহনীয়াত তৎ‍পৰ জলসম্পদ বিভাগ।

16. গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত পুৱাতে সুৰামত্ত চালকৰ উদ্ভণ্ডালি।
নিজকে মন্ত্ৰীৰ আত্মীয় বুলি পৰিচয় দিলে সুৰামত্ত চালকে।
AS03-Z-7777 নম্বৰৰ এণ্ডিভ’ৰে খুন্দিয়াই চিটি বাছক।
বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে।

17. নগাঁৱৰ জখলাবন্ধাত প্ৰায় ২৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰা হয়।
এখন গাড়ীৰ পৰা জব্দ প্ৰায় ১৮ কিলোগ্ৰাম হেৰ’ইন।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক।

18. বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ নাৰ্ছক আক্ৰমণ মেজিক চালকৰ।
নিশাৰ কৰ্তব্যৰ বাবে মেজিকখনত আহি আছিল নাৰ্ছগৰাকী ।আশ্চৰ্যজনকভাৱে আদবাটতে নাৰ্ছগৰাকীক আক্ৰমণ কৰে চালকজনে।
আক্ৰমণ কৰিয়েই ঘটনাস্থলিৰ পৰা পলায়ন কৰে চালকজন।

19. দৌল মহোৎসৱক লৈ বৰপেটাত উদুলি-মুদুলি পৰিৱেশ।
ৰাইজিং ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোলীগীত প্ৰতিযোগীতাত অংশগ্ৰহণ কৰে জনপ্ৰিয় কণ্ঠশিল্পী দিপলীনা ডেকা, ইউটিউবাৰ ডিম্পু বৰুৱাৰ।

20. পৰকীয় প্ৰেমৰ সন্দেহত পত্নীক হত্যা কৰিলে স্বামীয়ে। টুকুৰা-টুকুৰ কৰি ঘৰতে থকা পানীৰ টেংকিত পেলালে মৃতদেহ। ছত্তীশগড়ত সংঘটিত এই নৃশংস হত্যাকাণ্ড। আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী স্বামীক।

Leave a Reply

Your email address will not be published. Required fields are marked *