৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam March 7/2023:-

1. নাগালেণ্ডত ১২জনীয়া মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান।
পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নেফিঅ’ ৰিঅ’ৱে।
নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰূপে শপত ল’লে ছালহাওতোনো ক্ৰুছেই।
দ্বিতীয়বাৰলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী ৰূপে শপত ললে কনৰাড চাংমাই।
উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, জে পি নাড্ডা, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্যমাণ্য ব্যক্তি।

2. ‘গণিৰগ্ৰাম পৰীক্ষা কেন্দ্ৰৰ পৰা সকলো কেন্দ্ৰই শিক্ষা লওক ।
সংশ্লিষ্ট কৰ্তৃপক্ষই সঠিক ব্যৱস্থা লোৱাৰ বাবেহে পোহৰলৈ আহিল ঘটনা।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কোনো প্ৰশ্নকাকত ভাইৰেল হোৱা নাই।
উৰাবাতৰিয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে।’
মন্তব্য শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

3. লুইতৰ বুকুত এখন চাৰিচকীয়া বাহন।
কমলাবাৰী ঘাটত কেনেকৈ ব্ৰহ্মপুত্ৰৰ পানীত বাহনখন পৰিল সেয়া জানিব পৰা হোৱা নাই বৰ্তমান।

4. ৫দিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত দৌল যাত্ৰা মহোৎসৱ।
দৌলযাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
ৰাজ্যবাসীৰ মংগলৰ বাবে প্ৰাৰ্থনা জনায় মন্ত্ৰীগৰাকীয়ে।
লগতে নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ ল’লে মন্ত্ৰী গৰাকীয়ে।

5. “ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেই ভঙা হ’ব গুৱাহাটীৰ দলং।
গুৱাহাটীৰ কৃত্ৰিম বান দূৰ কৰাৰ ক্ষেত্ৰত ৰাইজেও কৰিব লাগিব সহযোগ।
কেৱল খন্দা-পোঁতা কৰি থাকিলেই সমাধান নহয় সমস্যা”- মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ।

6. মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু।
মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে দাখিল কৰিছে এজাহাৰ।
মহাৰাষ্ট্ৰ বিধানসভাত অসমৰ স্থানীয় লোকে কুকুৰৰ মাংস গ্ৰহণ কৰে বুলি মন্তব্য কৰিছিল বিধায়ক কাডুৱে।

7. মণিপুৰৰ ধনমঞ্জুৰী বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ঘটনা।
শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰিছে আৰক্ষী।
খেদি খেদি প্ৰহাৰ কৰে ছাত্ৰ-ছাত্ৰীক।
বিভিন্ন দাবীৰে শিক্ষাৰ্থীয়ে উত্তপ্ত কৰিছিল বিশ্ববিদ্যালয় চৌহদ।
তাকে লৈ প্ৰতিবাদী শিক্ষাৰ্থীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচাৰ্জ।

8. হাওৰাঘাটত গ’ল্ডেন বেবী ফুটবল লীগৰ শুভ উদ্বোধন।
কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থা আৰু হাওৰাঘাট ক্ৰীড়া সন্থাৰ সহযোগত আয়োজন কৰা হয়।
এই লীগ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে’ই।

9. বঙাইগাৱত ৮ মাৰ্চত দৌল উৎসৱ উপলক্ষে স্থানীয় বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ।

10. ‘মই গৌৰব অনুভৱ কৰিছো’।
‘মাননীয় প্ৰধানমন্ত্ৰী অসমলৈ যোৱা এটা বছৰত যিমান বাৰ আহিলে বোধকৰো এইটো এটা History’- মন্তব্য কুইন ওজাৰ।

11. ‘বৃটিছ অহাৰ আগলৈ ৭০ শতাংশ ভাৰতীয় শিক্ষিত আছিল’।
বৃটিছ অহাৰ পূৰ্বে দেশত নিবনুৱা নাছিল’।
কিন্তু ইংলেণ্ডৰ মাত্ৰ ১৭ শতাংশ নাগৰিকহে শিক্ষিত আছিল’।
ভাৰতত চলি থকা শিক্ষা ব্যৱস্থাক ‘বৃটিছৰ শিক্ষা’ আখ্যা মোহন ভাগৱতৰ।

12. গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ সোণ জব্দ কৰা হৈছে।
GRPৰ অভিযানত জব্দ কৰে ৩২০ গ্রাম সোণ।
আৰক্ষীয়ে আটক কৰে চম্পট ৰাও নামৰ এজন ব্যক্তিক।

13. তামুলপুৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্ৰেক্টৰ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন লোক ।
দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

14. বিশিষ্ট শিক্ষাবিদ, নিৱন্ধকাৰ ইন্দিবৰ দেউৰীৰ দেহাৱসান।
GMCHত শেষনিশ্বাস ত্যাগ বিশিষ্ট শিক্ষাবিদগৰাকীয়ে।

15. মৰিগাঁও জিলাৰ ধৰমতুল আঞ্চলিক বন বিভাগৰ অন্তৰ্গত শিলচাঙত শোকাবহ ঘটনা।
বনাঞ্চলত উপদ্ৰৱ চলোৱা বন্যহস্তীক খেদি পঠিয়াবলৈ গৈ হাতীৰ আক্ৰমণত মৃত্যু হয় এগৰাকী বনকৰ্মী আৰু আহত আন এজন ব্যক্তি।
বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে আনগৰাকী আহত বনকৰ্মী গৰাকী।

16. হিমালচল প্ৰদেশৰ ধৰ্মপুৰত মৰ্মান্তিক দুৰ্ঘটনা।
ধৰ্মপুৰৰ কলকা-শিমলা ৰাষ্ট্ৰীয় ঘাইপথত কেইবাজনো প্ৰৱাসী শ্ৰমিকক এখন তীব্ৰবেগী ইনোভা বাহনে মহটিয়াই নিয়াত থিতাতে মৃত্যু হয় ৫ শ্ৰমিকৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

17. চাপৰৰ ধীৰঘাটত শোকাৱহ ৰে’ল দুৰ্ঘটনা।
মালবাহী ৰে’লৰ খুন্দাত থিতাতে নিহত এজন যুৱক।
যুৱকজনৰ নাম চিৰাজুল হ’ক।

18. ডুমডুমাৰ সমীপৰ চামডাং চাহ বাগিচাত অঘটন।
কলঘৰৰ CTC মেচিনত সোমাল এজন শ্ৰমিক।
গুৰুতৰভাৱে আহত হয় শ্ৰমিক শম্ভু তাঁতী।
সংকটজনক অৱস্থাত শ্ৰমিকজনক ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰে।
বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে হোলীৰ বন্ধৰ দিনটোত শ্ৰমিকক কাম কৰোৱাৰ অভিযোগ।

19. কাছাৰৰ জিৰিঘাটত পুনৰ বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক জব্দ কৰা হৈছে।
ট্ৰাকৰ গোপন চেম্বাৰেৰে সৰবৰাহ কৰা ৪ হাজাৰ কেজি বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰে আৰক্ষীয়ে।
পথৰ দাঁতিতে ট্ৰাক এৰি পলায়ন কৰে সৰবৰাহকাৰী এ।

20. বিশ্ব বক্সিং চেম্পিয়নশ্বীপলৈ প্ৰস্তুতি অব্যাহত লাভলীনা বৰগোহাঁইৰ।
দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত কঠোৰ অনুশীলনত ব্যস্ত বক্সাৰগৰাকী।
১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব IBA মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বীপ।

Leave a Reply

Your email address will not be published. Required fields are marked *