৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com, Assam, March- 9/2023:-

1. আজিৰে পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টেষ্ট।
মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ সৈতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
লগতে মেচ উপভোগ কৰে আহমেদাবাদত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

2. আজি ডিব্ৰুগড় কয়লাঘাটৰ খহনীয়া হোৱা স্থান পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

3. ৰচনা প্ৰতিযোগিতাৰে বিশ্ব অভিলেখ গঢ়িলে ৰাজ্য চৰকাৰে।
লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে আয়োজন কৰিছিল ৰচনা প্ৰতিযোগিতা।
অংশ লৈছিল ৫৭ লাখ প্ৰতিযোগীয়ে।
বিশ্ব অভিলেখৰ বাবে বিবেচিত হয় ৪২.৯৪ লাখখন ৰচনা।
অসমীয়াকে ধৰি অন্যান্য ৩০টা ভাষাত অংশগ্ৰহণ কৰিছিল প্ৰতিযোগীয়ে।
গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰা বিশ্ব অভিলেখৰ প্ৰমাণ-পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

3. আগন্তুক দুবছৰলৈ ৰাজ্যত অনুষ্ঠিত নহয় টেট পৰীক্ষা।
শিক্ষাৰ্থী, শিক্ষা বিভাগৰ বোজা কমোৱাৰ বাবে এই সিদ্ধান্ত।
আনহাতে শীঘ্ৰে শিক্ষা বিভাগৰ ৮ হাজাৰ পদত নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰী ৰণোজ পেগুৱে।

4. গুৱাহাটীত পুনৰ সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ।
ফাকুৱাৰ দুটা দিনত বিক্ৰী হ’ল ৫ কোটিতকৈও অধিক টকাৰ সুৰা।
এই পৰ্যন্ত হিচাপ সম্পূৰ্ণ কৰিব পৰা নাই আবকাৰী বিভাগে।
৭-৮ কোটি টকালৈকে বৃদ্ধি পাব পাৰে সুৰা বিক্ৰীৰ পৰিমাণ।

5. “দুজন বিধায়ক থকা ৰাজ্যতো বিজেপিয়ে চৰকাৰ থকা বুলি দাবী কৰে।
মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো পঞ্চায়ত নিৰ্বাচন SYMBOLত পাতক।
বিজেপিয়ে বহুত ঠাইত প্ৰাৰ্থীয়েই নাপাব”- মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

6. আজি বিশ্ব কিডনী দিৱস।
এই উপলক্ষ্যে GMCHৰ নেফ্ৰ’লজী বিভাগৰ উদ্যোগত বিশেষ আয়োজন।
বৃক্ক ৰোগৰে মোকাবিলাৰ বাবে সজাগতা বৃদ্ধিৰ চেষ্টাৰে উলিওৱা হয় ৰেলী।

7. বলীউডৰ জনপ্ৰিয় অভিনেতা সতীশ কৌশিকৰ মৃত্যু।
৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।

8. কবিতাৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক ‘জীৱন নৰহলৈ’ ৰাষ্ট্ৰীয় বঁটা।
কলকাতাৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ কাব্য আলোচনী ‘যাপনচিত্ৰ’ই আগবঢ়াইছে এই বঁটা।

9. অসম আৰক্ষীৰ আন এক সফলতা।
Bureau of Police Research & Development( BPRD)ৰ ২০২২ৰ ৰেংকিংৰ শীৰ্ষস্থানত All Woman Police Station.
মহানগৰ আৰক্ষী বিষয়ববীয়াৰ উপস্থিতিত AWPSৰ OCৰ হাতত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু গৃহ সচিবৰ দ্বাৰা স্বাক্ষৰিত মানপত্ৰ প্ৰদান কৰে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে।

10. নগাঁৱত চোৰাং গৰুভৰ্তি ট্রাক জব্দ কৰা হৈছে।
বৰঘাট আৰক্ষীয়ে ২৪টা গৰুসহ জব্দ কৰে ট্রাকখন।
লগতে আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰীক।

11. নিশা শিলচৰত বিধ্বংসী অগ্নিকাণ্ড।
জুইত ভস্মীভূত হয় চাৰিটাকৈ বাসগৃহ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতি হয়।

12. অসম-ত্ৰিপুৰা সীমান্তৰ চুড়াইবাৰীত জব্দ হয় ফেন্সিডাইল।
এখন ট্ৰাকৰ পৰা জব্দ কৰে ফেন্সিডাইলৰ ১৫টাকৈ কাৰ্টন আৰু ৩০০০ বটল নিষিদ্ধ কফছিৰাপ।
লগতে আটক কৰা হৈছে ট্ৰাকখনৰ চালক আৰু সহ-চালকক।

13. কাৰ্বি আংলঙৰ ডকমকাত অঘটন।
JCBৰে পাহাৰৰ মাটি খান্দি থাকোতে মাটিৰ তলত সোমাই চালক।
পাহাৰৰ মাটিৰে হেঁচি ধৰিলে JCBসহ চালকক।
থিতাতে নিহত হয় JCBৰ চালক গৰাকী।
নাম আহাদ আলী।

14. চামগুৰি তিনি আলিত চোৰৰ চাফাই অভিযান।
মা মনসা নামৰ জুৱেলাৰী দোকানত চোৰৰ লুটপাত।
চিলিং ভাঙি ভিতৰলৈ সোমাই চুৰ।
প্ৰায় ১৫ হাজাৰ টকাৰ সামগ্ৰী চুৰ কৰে।
দোকানখনত থকা CCTV ত আৱদ্ধ হয় চুৰিৰ সমগ্ৰ দৃশ্য।

15. ডুমডুমাৰ তালাপত চাঞ্চল্যকৰ হত্যাকাণ্ড।
দুবৃত্তৰ দলে হানি খুচি হত্যা কৰিলে চুক্ৰু প্ৰজাক।
মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে।
দুৰ্বৃত্তৰ দলক আটক কৰিবলৈ আৰক্ষীৰ অভিযান আৰম্ভ।

16. চিলাপথাৰৰ চিমেন চাপৰিৰ ষষ্ঠদশ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ আজি সামৰণি কাৰ্যসূচী।
অনুষ্ঠানত অংশগ্ৰহণ কৰে শিৱসাগৰ, যোৰহাট, তিনিচুকিয়া, লখিমপুৰ, ধেমাজিৰ ভকত বৈষ্ণৱসকলে।

16. হোলীৰ উছাহৰ মাজতে যোগীঘোপাৰ পাল্লীৰতল পালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড।
যুৱকৰ ছুৰিকাঘাতত প্ৰাণ গ’ল তৰণ দাস নামৰ লোকজন।
ৰবীন চন্দ্ৰ শীল আৰু সাধন পাল নামৰ আন দুজন লোকো আঘাতপ্ৰাপ্ত হয়।
ঘটনা সংঘটিত কৰিয়ে পলায়ন কৃষ্ণ শীল নামৰ যুৱকজনে।
দৌলগোবিন্দ মন্দিৰত হোলীৰ পূজাত সংঘটিত হয় এই ঘটনা।

17. শিলচৰৰ আংগুজুৰত নিশা অগ্নিকাণ্ড।
জুইত জাহ গ’ল ৪টাকৈ পৰিয়ালৰ বাসগৃহ।
হৰিভক্ত দাস নামৰ লোকজনৰ বাসগৃহৰ পৰা জুইৰ সূত্ৰপাত হয়।
জ্বলি ছাৰখাৰ হ’ল লিখন দাস, ৰাজেশ দাস, শান্ত ৰায়ৰ লগতে আন এটা পৰিয়ালৰ বাসগৃহ।
গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি প্ৰকাশ কৰে স্থানীয় লোকে।
বহু সা-সামগ্ৰীৰ লগতে নগদ ধনৰ ক্ষতি হয় এই বিধ্বংসী অগ্নিকাণ্ডত।
আনহাতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।

18.কাইলৈৰ পৰা মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন।
এই অধিৱেশনতে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট।

19. ‘ৱৰ্ল্ড ৰেকৰ্ডৰ নামত খৰছ কৰিবলগীয়া ১০০ কোটি টকা মোৰ সমষ্টিত দিয়ক চৰকাৰে’- মন্তব্য বিধায়ক অখিল গগৈৰ।

20. কাইলৈৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব আজান পীৰ দৰগাহৰ বাৰ্ষিক অধিবেশন তথা জিয়াৰৎ আৰু দোৱা অনুষ্ঠান।
শিৱসাগৰ জিলাৰ আমগুৰিৰ স’ৰাগুৰি চাপৰিৰ হজৰত আজান পীৰ দৰগাহ শ্বৰীফত উদুলি-মুদুলি পৰিবেশ।

Leave a Reply

Your email address will not be published. Required fields are marked *