৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam March 10/2023:-
1. আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন।
ৰাজ্যপালৰ অভিভাষণেৰে ৯ বজাৰ পৰা আৰম্ভ হয় বাজেট অধিৱেশন।
প্ৰথমবাৰৰ বাবে বিধানসভাত অভিভাষণ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ।
১৬ মাৰ্চত বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে।
2. কলাক্ষেত্ৰত আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্যসূচী।
‘ৰত্নম’ৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হয়।
অনুষ্ঠানটোৰ উদ্যোগত ৫ গৰাকী সফল নাৰীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বঁটা প্ৰদান কৰে।
3. তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি হিচাপে মনোনীত জি জিনপিং।
নেচনেল পিপ’লছ কংগ্ৰেছৰ চতুৰ্দশ সংখ্যক বৈঠকত এই সিদ্ধান্ত ।
জিনপিঙক ৰাষ্ট্ৰপতিৰ দায়িত্ব অৰ্পণ কৰিছে নেচনেল পিপ’লছ কংগ্ৰেছে।
4. তিনিচুকীয়াৰ ডাঙৰিৰ পঞ্চ শ্বহীদলৈ ন্যায়।
১৯৯৪ত ডাঙৰিত সেনাই হত্যা কৰিছিল ৫ নিৰীহ অসমীয়াক।
২৯ বছৰীয়া আইনী যুঁজৰ অন্তত ন্যায় লাভ কৰিলে শ্বহীদৰ পৰিয়ালে। প্ৰতিগৰাকী শ্বহীদক ২০লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
5. পুৱাই মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনা।
দলঙৰ ৰেলিং ভাগি তলত পৰিল চিমেন্টভৰ্তি ট্ৰাক।
দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ট্ৰাকৰ চালক।
6. ‘১০খন বাদ দিয়ক, ০ আসন পাব কংগ্ৰেছে। দুবাৰহে বিধায়ক হৈছে, ৩ বাৰ হাৰিছেই, তেওঁ কি দিব হিচাপ।’
ভূপেন বৰাই নিৰ্বাচনৰ হিচাপ-নিকাচ নাজানে।
ভূপেন বৰাক লৈ মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।
7. MBBS চূড়ান্ত পৰীক্ষাৰ এদিন পূৰ্বে হৃদৰােগত ভুগি মৃত্যু এগৰাকী ছাত্ৰী।
নিহত ছাত্ৰী গৰাকীৰ নাম অনিতা কানোৱাৰ।
এই ঘটনা সংঘটিত হৈছে ৰাজস্থান জয়পুৰত।
8. বায়েকৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ মৃত্যু দুই ভাতৃৰ।
এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ তামাৰহাট।
নিহত যুৱক দুজন হৈছে- আলোকঝাৰীৰৰ ৰামগোপাল ৰায় আৰু মনভোলা ৰায়।
9. গহপুৰত পিতৃৰ হাতত প্ৰাণ গ’ল এবছৰীয়া সন্তান পৰাগজ্যোতিৰ।
পিতৃ শচীন বৰদলৈৰ বিৰুদ্ধে পুত্ৰক হত্যাৰ অভিযোগ পত্নী, গাঁওবাসীৰ।
পুৱাই গহপুৰ আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আটক কৰে শচীন বৰদলৈক।
10. কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত ড্রাগছসহ আটক কৰে ৩ সৰবৰাহকাৰীক।
জব্দ কৰা হৈছে ১.৩ কিলোগ্ৰাম ড্ৰাগছ।
১০০ টা চাবোনৰ বাকচত অনা হৈছিল ড্ৰগছখিনি।
12. বিধানসভাত প্ৰৱেশত বাধা বিধায়ক তেৰছ গোৱালাক।
চাইকেলত অহাৰ বাবে বাধা বিধায়কগৰাকীক।
তদন্ত বিচাৰি অধ্যক্ষৰ ওচৰত দাখিল কৰিছে অভিযোগ।
13. মধ্য অসমৰ নগাঁৱত লাম্পিৰ প্ৰাদুৰ্ভাৱ।
ধিং, বটদ্ৰৱাৰ অধিকাংশ গো-ধনৰ শৰীৰত ভাইৰাছৰ সংক্ৰমণ।
লাম্পিত আক্রান্ত হৈ শতাধিক পশুধনৰ মৃত্যু হয়।
চিন্তিত হৈছে নগাঁৱৰ পশ্চিমাঞ্চলৰ গো-পালকসকল।
14. জামুগুৰিহাটৰ টলকাবাৰী গাঁৱত যুৱকৰ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো।
যুৱকজনৰ নাম বকুল বৰা।
দুৰ্বৃত্তই চোকা অস্ত্রৰে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
15. হাইলাকান্দিৰ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।
সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যুৰ অভিযোগ ।
হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়ালৰ।
16. বাংগালুৰুৰ লিংগাধীৰানাহল্লীত মৰ্মান্তিক ঘটনা।
নিশা ৰখাই থোৱা বাছৰ ভিতৰতে শুই থকাৰ সময়ত অগ্নিকাণ্ডত সংঘটিত হৈ মৃত্যু হয় বাছ কণ্ডাক্টৰ।
নিহত কণ্ডাক্টৰজনৰ নাম মুথৈয়া স্বামী বুলি চিনাক্ত কৰা হৈছে।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
17. সুৰাৰ ৰাগীত মাতাল দৰাৰ অৱস্থা দেখি অৱশেষত বিয়াত্ নবহো বুলি ক’বলৈ বাধ্য হৈ পৰে কইনা।
হোমৰ গুৰিত দৰাৰ অৱস্থা দেখি চকু থৰ লাগিল কইনা পক্ষৰ।
শেষত কইনাৰ ঘৰৰ পৰা উভতিবলগীয়া হ’ল দৰা।
মদাহী দৰাৰ নাম গোপালবজাৰৰ প্ৰসেনজিৎ হালৈ।
এই ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰখনাজানৰ এখন বিবাহথলীত।
18. চিকিৎসক প্ৰেয়সীক হত্যা কৰি নিজৰো আত্মহত্যাৰ চেষ্টা প্ৰেমিক যুৱকৰ।
জম্মুৰ জনীপুৰ অঞ্চলত সংঘটিত এই লোমহৰ্ষক কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
এই কাণ্ড সংঘটিত কৰাৰ পূৰ্বে অভিযুক্ত যুৱকজনে ফেচবুকযোগে আত্মহত্যাৰ কথা সদৰী কৰিছিল।
যুৱকজনৰ নাম হৈছে জোহৰ গনাই।
চিকিৎসক প্ৰেয়সী গৰাকীৰ নাম ডাঃ সুধেমা।
অভিযুক্তৰ বিৰুদ্ধে ৩০২ ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে জনীপুৰ আৰক্ষীয়ে।
19. বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি কৰিব নোৱাৰিব ব্ৰয়লাৰ মুৰ্গী।
বিহাৰ আৰু ঝাৰখণ্ডত দেখা দিয়া মাৰাত্মক এভিয়ান ইনফ্লুৱেঞ্জা সংক্ৰমণৰ আশংকাত পশুপালন আৰু পশু চিকিৎসা বিভাগে জাৰি কৰিছে নিষেধাজ্ঞা।
এই নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ সীমামূৰীয়া জিলা প্ৰশাসনলৈ নিৰ্দেশ।
অৱশ্যে নিষেধাজ্ঞাৰ পাছতো ৰাজ্যলৈ আমদানি হৈয়ে আছে ব্রয়লাৰ মুৰ্গী।
আলিপুৰদুৱাৰেদি অসমত প্ৰৱেশ ব্ৰয়লাৰ মুর্গী কঢ়িওৱা বাহন।
20. পুনৰ ঘোচ লৈ জালত পৰিল ওদালগুৰিৰ আমগুৰি গাঁৱৰ গাঁওবুঢ়া দিলীপ বৰা আৰু ওদালগুৰিৰ লাট মণ্ডল কনক বৰুৱা।
গাঁওবুঢ়া দিলীপ বৰাই ৪,৫০০ টকা ঘোচ লৈছিল।