সমল ব্যক্তি হিচাপে উপস্থিত থাকে – জেষ্ঠ অধিবক্তা বুলুমণি দত্ত।
লগতে পশু পালন ৰ্শীষক এক বিশেষ কৰ্মশালা অনুস্থিত কৰে। সমল ব্যক্তি হিচাপে উপস্থিত থাকে- গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ অনিল কুমাৰ পেগু।
আজি অন্তিম দিনা সন্মিলিত গণশক্তি আৰু নাৰীশক্তি অসমৰ পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰে।
সন্মিলিত গণশক্তি অসম এক ৰাজনৈতিক দল যদিও অসমৰ থলুৱা কৃষক, শ্ৰমিক তথা নিৰিহ জনতাৰ স্বাৰ্থক আগত ৰাখি জন্ম লগ্নৰে পৰা বিভিন্ন ধৰনৰ কাৰ্যসূচী গ্ৰহন কৰি আহিছে।
সেয়েহে সন্মিলিত গণশক্তি অসমৰ এই ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিবেশনত কৃষক আৰু শ্ৰমিক ৰাইজৰ স্বাৰ্থত বিজ্ঞান সন্মতভাৱে কৃষি আৰু বিভিন্ন শ্ৰম ক্ষেত্ৰত সজাগতা তথা সহায়ৰ উদ্দেশ্যে কৃষক শক্তি আৰু শ্ৰমিক শক্তি নামেৰে দুটাকৈ সংগঠন গঠন কৰা হয় বুলি জানিব দিয়ে গনশক্তি অসমৰ নেতৃবিন্দই।
সন্মিলিত গণশক্তি অসমৰ ব্লক সমিতি আৰু পঞ্চায়ত সমিতি সমূহৰ নাম সলনি কৰি খণ্ড শক্তি আৰু পঞ্চায়ত শক্তি নামেৰে নতুনকৈ নামাকৰন কৰা হৈছে বুলি Rnewsindia24 ক জানিব দিয়ে সভাপতি পৰমানন্দ চায়েঙীয়াই।