সন্মিলিত গণশক্তি অসমৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক আৰু সন্মিলিত নাৰীশক্তি অসমৰ তৃতীয় ত্ৰি- বাৰ্ষিক সাধাৰন অধিৱেশনৰ সবিশেষ।

Spread the love

সন্মিলিত গণশক্তি অসমৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক আৰু সন্মিলিত নাৰীশক্তি অসমৰ তৃতীয় ত্ৰি- বাৰ্ষিক সাধাৰন অধিৱেশন তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে
ঢকুৱাখনাৰ স্বৰ্গীয় তিতাৰাম গগৈ ক্ষেত্ৰত।

প্ৰথমদিনা অৰ্থাৎ ১০ মাৰ্চ তাৰিখে সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ অন্তিম বৈঠক আৰু প্ৰতিনিধি সভা অনুষ্ঠিত কৰে।

১১ মাৰ্চ তাৰিখে ২৭ খন ব্লক সমিতিৰ সভাপতি সকলক লৈ ২৮ খন পতাকা উত্তোলন কৰে গনশক্তি অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়াই।

পুৱা ১০ বজাত স্মৃতি তৰ্পন কৰে সন্মিলিত গনশক্তি অসমৰ সাধাৰণ সম্পাদক হিৰণ্য দত্তই।

১১ বজাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক সকলক লৈ
কৃষি আৰু উদ্যানশস্য (ভূট জলকীয়া আৰু ক’লা চাউল)।বিষয়ত
কৰ্মশালা অনুষ্ঠি কৰে।

সমল ব্যক্তি হিচাপে উপস্থিত থাকে- মাজুলী জিলা কৃষি বিষয়া ড৹ ইৰশ্বাদ আলি, ধেমাজি মহকুমাৰ কৃষি বিষয়া, ভৱজিৎ দলে আৰু লখিমপুৰ জেষ্ঠ কৃষি উন্নয়ন বিষয়া ঘনশ্যাম দত্ত।

খ) বিজ্ঞানসন্মত মীন পালন।

ৰ্শীষক কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে- লখিমপুৰ চিয়াজুলিৰ মধুকোল্য একোৱাটিক ৰ্ফামৰ
স্বত্বাধিকাৰী বিকুল গোস্বামী।

গ) ৰেচম শিল্প।

ৰ্শীষক কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে- ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্প অধীক্ষক অশ্বিনী কলিতা।

ঘ) জীৱন-জীৱিকা অভিযান কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে- সন্মিলিত গণশক্তি, অসমৰ সভাপতি তথা MAC মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

১২ মাৰ্চ তাৰিখে নাৰী অধিকাৰ আৰু আইনী সুৰক্ষা আলোচনা চক্ৰ অনুষ্ঠিত কৰে।

কাৰ্যসূচী সঞ্চলনা কৰে সন্মিলিত নাৰীশক্তি অসমৰ সভানেত্ৰী ভৱানী দুৱৰাই।

সমল ব্যক্তি হিচাপে উপস্থিত থাকে – জেষ্ঠ অধিবক্তা বুলুমণি দত্ত।

     লগতে পশু পালন ৰ্শীষক এক বিশেষ কৰ্মশালা অনুস্থিত কৰে। সমল ব্যক্তি হিচাপে উপস্থিত থাকে- গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ অনিল কুমাৰ পেগু।

 

আজি অন্তিম দিনা সন্মিলিত গণশক্তি আৰু নাৰীশক্তি অসমৰ পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰে।

উল্লেখ্য যে পূৰ্বৰ সভাপতি পৰমানন্দ চায়েঙীয়াক পুনৰ বাৰ সন্মিলিত গণশক্তি অসমৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে।

সন্মিলিত গণশক্তি অসম এক ৰাজনৈতিক দল যদিও অসমৰ থলুৱা কৃষক, শ্ৰমিক তথা নিৰিহ জনতাৰ স্বাৰ্থক আগত ৰাখি জন্ম লগ্নৰে পৰা বিভিন্ন ধৰনৰ কাৰ্যসূচী গ্ৰহন কৰি আহিছে।

সেয়েহে সন্মিলিত গণশক্তি অসমৰ এই ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিবেশনত কৃষক আৰু শ্ৰমিক ৰাইজৰ স্বাৰ্থত বিজ্ঞান সন্মতভাৱে কৃষি আৰু বিভিন্ন শ্ৰম ক্ষেত্ৰত সজাগতা তথা সহায়ৰ উদ্দেশ্যে কৃষক শক্তি আৰু শ্ৰমিক শক্তি নামেৰে দুটাকৈ সংগঠন গঠন কৰা হয় বুলি জানিব দিয়ে গনশক্তি অসমৰ নেতৃবিন্দই।

সন্মিলিত গণশক্তি অসমৰ ব্লক সমিতি আৰু পঞ্চায়ত সমিতি সমূহৰ নাম সলনি কৰি খণ্ড শক্তি আৰু পঞ্চায়ত শক্তি নামেৰে নতুনকৈ নামাকৰন কৰা হৈছে বুলি Rnewsindia24 ক জানিব দিয়ে সভাপতি পৰমানন্দ চায়েঙীয়াই।

 

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।
News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *