৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
1. ৩০ মাৰ্চত অনুষ্ঠিত হ’ব মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা।
ছেবা কৰ্তৃপক্ষই ঘোষণা কৰিলে পৰীক্ষাৰ নতুন দিন।
টুইটযোগে সদৰী কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱাৰ কথা আছিল মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা৷
কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে মাজনিশা বাতিল কৰা হৈছিল এই পৰীক্ষা৷
2. ২ এপ্ৰিলত অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
কেজৰিৱাল অসমলৈ অহা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য- ‘অসমলৈ কেজৰিৱাল আহিব, কোনো মহাপুৰুষ নাহে৷
তেনেকুৱা আয়াৰাম, গয়াৰাম নেতা অসমলৈ বহু আহি থাকে”।
3. জিলা একত্ৰীকৰণৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL।
ৰাজ্য চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী ন্যায়ালয়ৰ৷
এমাহৰ ভিতৰত জিলা একত্ৰীকৰণ সন্দৰ্ভত সবিশেষ জনাব লাগিব চৰকাৰে৷
APCCৰ সাধাৰণ সম্পাদক ড° সঞ্জু বৰুৱাই দাখিল কৰিছিল আবেদন৷
বিশ্বনাথ জিলা একত্ৰীকৰণৰ বিৰুদ্ধে দাখিল এই PIL ৷
ইয়াৰ পূৰ্বে হোজাই জিলা একত্ৰীকৰণ সন্দৰ্ভতো দাখিল হৈছিল PIL ৷
4. প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলক কেন্দ্ৰ কৰি লখিমপুৰত অভিনৱ প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ।
লখিমপুৰ জিলা সমিতিৰ সামুহিক মুণ্ডন কাৰ্যসূচী।
মুণ্ডন কাৰ্যসূচীৰে ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ পদত্যাগৰ লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পদত্যাগৰ দাবী সংগঠনটোৰ৷
5. ‘এটুপ এটুপ কৰি সাগৰ ভৰি থকা নাই, পানী ওলাই গৈ শেষেই হ’ব সাগৰ’৷
ভূপেন বৰাৰ কবিতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰূপজ্যোতি কুৰ্মীৰ৷
কবিতা আৰু কিমান শুনিম, ভূপেন বৰাই হিমালয়লৈ গৈ তপস্যা কৰাই ভাল বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে৷
6. “ছেবাত চলে ব্যাপক ধনৰ লেনদেন।
পৰীক্ষাৰ্থীৰ নম্বৰ বৃদ্ধি কৰিবলৈ চলে দৰদাম।
উত্তীৰ্ণৰ হাৰ কম-বেছি কৰাৰ নামত চলে তৈলমৰ্দন।
এইধৰণৰ তৈলমৰ্দন কৰিছিল অধ্যক্ষ আৰ চি জৈনে।
সদিচ্ছা নাথাকিলে ছেবাত সংস্কাৰ অসম্ভৱ।
২০ হাজাৰ টকাৰ বিনিময়তে নিৰ্দিষ্ট বিষয়ত লাভ কৰে সৰ্বোচ্চ নম্বৰ।
উত্তৰবহী নিৰীক্ষণৰ বিশেষ কেন্দ্ৰ আছে ছেবাত।
এই কেন্দ্ৰটো বৰ গণ্ডগোলীয়া।
২০১২ত উঠাই দিছিলো এই কেন্দ্ৰটো।
ছেবাৰ সচিবে ২০১৩ত পুনৰ স্থাপন কৰিছিল কেন্দ্ৰটো।
ছেবাৰ সচিব আছিল ACS বিষয়া”।
এই বিস্ফোৰক মন্তব্য ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ।
7. শোণিতপুৰৰ বালিপৰাৰ বামগাঁও বাগানত প্ৰশাসনৰ উচ্ছেদ অভিযান৷
মানশিৰি, জৰাসৰ নৈৰ গতিপথ বন্ধ কৰি অবৈধভাৱে কৰিছিল পুখুৰী নিৰ্মাণ৷
পুখুৰী নিৰ্মাণ কৰি মাছৰ লগতে খেতি কৰিছিল একাংশ দুষ্ট প্ৰকৃতিৰ লোকে৷
8. বাইহাটা চাৰিআলিত অনুষ্ঠিত হ’ব অসমীয়া সাহিত্য সন্মিলনীৰ অধিৱেশন।
১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব অধিৱেশনখন।
অধিৱেশনত অংশ ল’ব অক্সফ’ৰ্ডৰ অধ্যাপক ইম্ৰে বাংঘাই।
9. ঘোষণা হ’ল বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা অস্কাৰ।
RRR চলচ্চিত্ৰৰ জনপ্ৰিয় গীত নাটু নাটুলৈ শ্ৰেষ্ঠ গীতৰ অস্কাৰ সন্মান।
ভাৰতীয় চলচ্চিত্ৰৰ পৰা শ্ৰেষ্ঠ গীতৰ শ্ৰেণীত বিজয়ী হোৱা প্ৰথম নাটু নাটুৱে সৃষ্টি কৰিলে ইতিহাস।
দক্ষিণ ভাৰতৰ অভিনেতা চিৰঞ্জিৱীয়ে RRRৰ টীমলৈ শুভেচ্ছা জনাই।
10. মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত ঘোষণা।
CIDয়ে তদন্ত কৰিব প্ৰশ্নকাকত ফাদিলৰ।
গোচৰ ৰুজু কৰাৰো নিৰ্দেশ DGP জি পি সিঙৰ।
দোষী-ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।
11. মহানগৰীৰ দক্ষিণগাঁৱত বিধ্বংসী অগ্নিকাণ্ড।
নিৰ্মীয়মাণ ৯ মহলীয়া অট্টালিকাৰ ওপৰৰ অংশত জুই।
অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোক।
শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিতৰ সন্দেহ।
অমান কনষ্ট্ৰাকশ্যনৰ অধীনত চলি আছিল নিৰ্মাণকাৰ্য।
প্ৰায় ২ ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপণ কৰে অগ্নিনিৰ্বাপক বাহিনী এ।
12. নগাঁৱত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ হত্যাকাৰীৰ।
ইটাচালী আৰক্ষী চকীত আত্মসমৰ্পণ হত্যাকাৰী নাৰায়ণ দাসৰ।
ফাকুৱাৰ নিশা পত্নীক হত্যা কৰি পলায়ন কৰিছিল নাৰায়ণ দাসে।
সুৰাসক্ত স্বামীৰ প্ৰচণ্ড ঘোচাত মৃত্যু হৈছিল পত্নী মমী দাসৰ।
পত্নীক হত্যা কৰি চোতালত গাঁত খান্দি পুতি থৈছিল নাৰায়ণ দাসে।
ডিমৰুগুৰি কেঁচাআলিত সংঘটিত হৈছিল এই হত্যাকাণ্ড।
13. মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই, শিক্ষক হেৰম্ব কুমাৰ দাসক জেৰা CIDৰ৷
কাহিলিপাৰাস্থিত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীক জেৰা৷
কেন্দ্ৰটোৰ পৰীক্ষা নিয়ন্ত্ৰণৰ দায়িত্বত আছিল শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই, হেৰম্ব কুমাৰ দাস বিদ্যালয়খনৰ স্নাতক শিক্ষক৷
14. এগৰাকী আইপিএছ বিষয়াই ঘোচ দাবী কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশত।
উত্তৰ প্ৰদেশৰ বিৰোধী দল সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ সিং যাদৱে টুইটাৰত শ্বেয়াৰ কৰিছিল এই ভিডিঅ’টো।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে আৰক্ষীৰ মুখ্য কাৰ্যালয়ে বৰ্তমান বাৰানসীৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত সিঙৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ কথা সদৰী কৰিছে।
15. প্ৰেমিকৰ হাতত মৃত্যুৰ বলি হ’ল এগৰাকী বিমান পৰিচাৰিকা।
কৰ্ণাটকৰ বাংগালুৰুত এগৰাকী ২৮ বৰ্ষীয় বিমান পৰিচাৰিকাৰ মৃত্যুৰ পিছতে অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ মাতৃয়ে।
অভিযোগ মতে, বেলকনিৰ পৰা গতা মাৰি তললৈ পেলাই তেওঁৰ কন্যাক, পৰিকল্পতিভাৱে হত্যা কৰিছে প্ৰেমিক যুৱকজনে।
আৰক্ষীয়ে ইতিমধ্যে মাতৃৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
16. দিল্লীৰ পৰা ডোহা অভিমুখে উৰা মৰা বিমানখনৰ এগৰাকী যাত্ৰী অসুস্থ হৈ পৰাত পাকিস্তানৰ কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত জৰুৰী অৱতৰণ কৰা হয়।
অৱশ্যে অৱতৰণৰ পিছত যাত্ৰীজনক মৃত ঘোষণা কৰে চিকিৎসকে।
জানিব পৰা মতে, বিমানৰ ভিতৰতে অসুস্থ হৈ পৰি মৃত্যুক সাৱটি লোৱা যাত্ৰীজন ৬০ বৰ্ষীয় নাইজেৰিয়ান নাগৰিক আছিল।
17. ভূপেন বৰাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছৰ ‘ৰাজভৱন চলো’ যাত্ৰা।
বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে।
দীঘলীপুখুৰীৰ পাৰৰ পৰা ৰাজভৱনলৈ এই প্ৰতিবাদী যাত্ৰা।
18. কপ্পালৰ শ্ৰী গাভিচিদ্দেশ্ৱৰ মথাত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
অভিনৱ গাভিচিদেশ্বৰ স্বামীজীৰ আশীৰ্বাদ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
19. বিহু নৃত্যৰে বিশ্ব অভিলেখৰ লক্ষ্য।
১৪ এপ্ৰিলত সৰুসজাইত একেলগে নাচিব ১১ হাজাৰ নাচনী, ঢুলীয়াই ।
এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আখৰাত ব্যস্ত নাচনী,ঢুলীয়াসকল।
20. ‘প্ৰশ্নকাকত ফাদিল হোৱাটো গীনিজ ৰেকৰ্ড হ’ব পাৰে’।
মুখ্যমন্ত্ৰীয়ে বুকু ফিন্দাই ক’ব পাৰিব আৰু এটা ৰেকৰ্ড হ’ল’।
HSLCৰ প্ৰশ্নকাকত ফাদিলক কৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ।
Mising Autonomous Council.
Post navigation
Go Top