৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam March 15/2023:- 

1. প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত ডিব্ৰুগড়ত উপস্থিত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং।
কেইবাখনো জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰে বৈঠক DGPগৰাকীৰ।
সেনা, বায়ুসেনা, CRPFৰ বিষয়াৰেও বৈঠক জি পি সিঙৰ।
প্ৰশ্নকাকত ফাদিলৰ ঘটনা তদন্তৰ বুজ লব DGP গৰাকীয়ে।
‘বেমাৰটো ক’ত প্ৰথমে সেইটো ধৰা পেলাব লাগিব, আৰক্ষীৰ প্ৰতিবেদন পোৱাৰ পাছতহে সিদ্ধান্ত ল’ম’।
প্ৰশ্নকাকত ভাইৰেল সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া।
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা জ্যোতিৰেখা বৰগোহাঁই CIDৰ কাৰ্যালয়ত উপস্থিত হয়।
ইতিমধ্যে দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে জ্যোতিৰেখাক।

2. বিধায়ক পদ ত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰী প্রতিমা ভৌমিকৰে।
ত্ৰিপুৰা বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ বিনয় ভূষণক দাখিল কৰে পদত্যাগ-পত্ৰ।
ধনপুৰৰ পৰা বিজয়ী হৈছিল প্ৰতিমা ভৌমিক।

3. এছিয়াৰ প্ৰথমগৰাকী মহিলা লোকো পাইলটৰ দ্বাৰা চালিত হ’ল বন্দে ভাৰত এক্সপ্ৰেছ।
এই কথা সদৰী কৰি ৰে’ল মন্ত্ৰণালয়ে ।
মহিলা গৰাকীৰ নাম- সুৰেখা যাদৱ।

4. গুজৰাটত অনুষ্ঠিত হোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতা ২০২৩ স্বৰ্ণপদক লাভ কৰে অসম সন্তান জয়ন্ত তালুকদাৰে।

5. “অসমৰ পেটৰ পৰা কোচবিহাৰৰ জন্ম হোৱা নাই,কোচবিহাৰৰ পেটৰ পৰা হে অসমৰ জন্ম হৈছে।”
শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰিব কোচবিহাৰক”- বিলাসীপাৰাত অনন্ত ৰায় মহাৰাজৰ ভয়ঙ্কৰ বিস্ফোৰণ।

6. ‘মানুহৰ ভুল হ’ব পাৰে।
কেৱল গানৰ নামটোহে লিখোতে ভুল হৈছিল, বঁটা ঘূৰাই দিব নালাগে নাহিদ আফ্ৰিনে’।
অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ প্ৰতিক্ৰিয়া সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ।
‘ভুল জুৰী কমিটীৰ, নাহিদৰ নহয়’।
নাহিদ আফ্ৰিনৰ বঁটা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া জাকিৰ হুছেইন শিকদাৰৰ।
‘এয়া চৰকাৰ বা জুৰীৰ ভুল নহয়, বঁটাটো ঘূৰাই দিব লাগে নাহিদে’।
অসম চলচ্চিত্ৰ বঁটাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত পীযূষ হাজৰিকাৰ মন্তব্য।
শেষত অসমবাসীৰ ওচৰত ক্ষমা খুজিলে জুৰী ব’ৰ্ডে।
‘বঁটা টো নাহিদেই পাব লাগিছিল।
গানৰ নামটো লিখোতেহে ভূল হ’ল’।
জুৰী ব’ৰ্ডৰ হৈ পৰিচালক চন্দ্ৰ মুদৈৰ মন্তব্য।

7. প্ৰবীণ অভিনেতা সমীৰ খাখাৰৰ মৃত্যু।
দুৰদৰ্শনৰ শ্ব’ ‘নুক্কাড়’ৰ জনপ্ৰিয় ‘খোপড়ী’ৰ চৰিত্ৰ ৰূপায়ন কৰিছিল সমীৰ খাখাৰে।
৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।
শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল অভিনেতা সমীৰ খাখাৰ।

8. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জাননী জাৰি স্কুল শিক্ষা বিভাগৰ।
এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বাধ্যতামূলক EWS পৰিয়ালৰ সন্তানৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ।
প্ৰতিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মানিব লাগিব এই নিয়ম।
সংশ্লিষ্টসকলে পাব লাগিব বিনামূলীয়া নামভৰ্তিৰ সুবিধা।

9. হোজাই জিলা বিলুপ্তিকৰণক লৈ ৰাজ্য চৰকাৰক জবাবদিহি গুৱাহাটী উচ্ছ ন্যায়লয়ৰ।
এমাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ।
এখন PIL ৰ শুনানি গ্ৰহন কৰি এই নিৰ্দেশ ন্যায়লয়ৰ।

10. আজি ঢোলৰ ওজা ‘মঘাই ওজা’ দিৱস।
মঘাই ওজাৰ জন্মস্থান যোৰহাটত আয়োজন বিশেষ কার্যসূচী।
AJYCPৰ উদ্যোগত মঘাই ওজা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী।

11. উত্তৰ গুৱাহাটীত পুনৰ ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড।
একেলগে ৫টা নামঘৰত চোৰৰ লুটপাত।
দানপাত্র ভাঙি লুটি নিলে নগদ ধন, আ-অলংকাৰ।

12. নলবাৰী মেডিকেল কলেজলৈ স্বীকৃতি প্ৰদান কৰা হৈছে।
১০০ শিক্ষাৰ্থীৰ নামভৰ্তিৰ বাবে অনুমোদন ।
ৰাষ্ট্ৰীয় মেডিকেল আয়োগে জনালে অনুমোদন।

13. USTMৰ Chancellor মহবুবুল হকৰ প্ৰচেষ্টাত যেন নতুন জীৱন পালে শিলসাঁকোত উচ্ছেদিত পৰিয়ালটোৱে৷
নিকু আৰু ভাতৃয়ে আজিৰে পৰা আৰম্ভ কৰিছে নতুন জীৱন৷
ইউনিফৰ্ম আৰু জোতা পিন্ধি সাজু হৈছে দুয়ো বিদ্যালয়লৈ৷

14. সমাগত IPL ২০২৩।
এইবাৰো ৰাজস্থান ৰয়েলছৰ হৈ খেলিব অসম সন্তান ৰিয়ান পৰাগে।
IPLৰ পূৰ্বে ৰিয়ান পৰাগৰ টুইট- ‘মোৰ বিবেকে কৈছে যে মই এইবাৰ IPLত কোনো সময়ত এটা অভাৰত ৪টা ছিক্স মাৰিম’।

15. “অহা মে’ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব ১ লাখ নিযুক্তি প্ৰক্ৰিয়া।
ৰাজ্যত আছে ১২,৩৬,২৯৯ নিবনুৱা”- ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

16. মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত গুলীচালনা।
বনকৰ্মীক লক্ষ্য কৰি ৪ জাঁই গুলী নগা দুৰ্বত্তৰ।
দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত গুলীচালনাৰ ঘটনা।
নগা বেদখলকাৰীক বাধা দিবলৈ গৈছিল বন বিভাগৰ দল।

17. মহানগৰীৰ সাতগাঁৱত অঘটন।
চোতালত খেলি থাকোতেই গাৰ ওপৰত বজ্ৰপাত পৰি মৃত্যু হল এটি শিশুৰ।
নিহত শিশুটিৰ নাম মমতা বেগম।

18. নিশা শিলচৰ চহৰৰ নাজিৰপট্টিত ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ যায় তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।
জুইত কেইবা কোটি টকাৰ সামগ্ৰীৰ ক্ষতি।
শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

19. দিচৈভেলী বনাঞ্চলত নগা দুৰ্বৃত্তৰ অবাধ বেদখল।
নাগিনাজান চাহ বাগিচাৰ বহু মূল্যৱান গছ কাটি তহিলং।
নগাৰ উপদ্ৰৱ ৰোধত ব্যৰ্থ যোৰহাট জিলা প্ৰশাসন।
অসম প্ৰশাসনৰ ভূমিকাক লৈ ক্ষোভ সীমান্তবাসী অসমীয়াৰ।

20. বটদ্ৰৱাত সুলভ মূল্যৰ চাউলৰ নামত কেলেংকাৰি।
আৰক্ষীৰ জালত মৈৰাধ্বজ গাঁৱৰ এজেণ্ট পিতা-পুত্ৰ।
ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আব্দুল চামাদ, দিলদাৰ হুছেইনক।

Leave a Reply

Your email address will not be published. Required fields are marked *