৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com Assam March 18/2023:- 

1. ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ সৰৱ চৰ্চা।
ধেমাজি জিলাৰ গোগামুখৰ নিৱাসী এগৰাকী অধ্যাপকৰ বাবেই পোহৰলৈ আহিছিল মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ড।
তেওঁৰ নাম হৈছে শচীন্দ্ৰ দলে।

2. ১৯ খন নতুন জিলা ঘোষণা কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।

3. ২৬ মাৰ্চত ৩ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ৷
নিৰ্বাচন আয়ুক্ত অনুপ পাণ্ডে আৰু অৰুণ গোৱেলো আহিব অসমলৈ৷
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে আহিব মুখ্য নিৰ্বাচন আয়ুক্ত৷

4. আজি প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ডিব্ৰুগড়, মৰিয়নি, ধেমাজি, বঙাইগাঁৱ, খাৰুপেটীয়াকে ধৰি বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে বহু দল সংগঠনে।

5. মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু৷
মৃত যুৱকজন মঙলদৈৰ অক্ষয় কুমাৰ বৰা৷ পাঞ্জাবাৰীৰ নিৰ্মাণ নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈছে এই অঘটন৷

6. মেট্ৰিকৰ ভূগোল বিষয়ৰ ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰা দুৰ্বৃত্তক চিনাক্ত হৈছে।
নগাঁৱৰ মাচুম আলী নামৰ লোকজন এই কাণ্ডত জড়িত আছিল।
শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনালে এই কথা।
ইতিমধ্যে নগাঁও সদৰ থানাত দাখিল কৰা হৈছে এজাহাৰ৷
ভুৱা প্ৰশ্নকাকত প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷

7. ‘SEBAৰ ব্ৰেক ফেইল হৈছে৷
পৰীক্ষা পাতিবলৈ এই চৰকাৰ অসমৰ্থ, অযোগ্য’৷
শিক্ষা বিভাগক গৰিহণা APCCৰ সভাপতি ভূপেন বৰাৰ৷

8. আজি ডিমা হাচাও জিলাত এজাক প্রচণ্ড শিল-বৰষুণে নিমিষতে তচনচ কৰি পেলালে উমৰাংছু আৰু ইয়াৰ উপকণ্ঠ অঞ্চল।
প্রচণ্ড শিল-বৰষুণ জাকৰ পিছতে এতিয়া অঞ্চলটোৰ প্রতিটো পৰিয়ালৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

9. অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী।
৪গৰাকী ACS বিষয়া- শৰ্মিষ্ঠা বৰা, সুকন্যা বৰা, হেমন্ত কুমাৰ দত্ত, CEO মুনীন্দ্র বৰদলৈক নিলম্বন কৰা হৈছে।
৭৫ শতাংশ কাম নোহোৱাকৈয়ে মুকলি কৰি দিছিল বিল।

10. সোণতলিত আৰক্ষীক আক্ৰমণ কৰা ১৪জনক আটক কৰা হৈছে।
শুকুৰবাৰে আক্ৰমণত আহত হৈছিল ৩জনকৈ আৰক্ষী।
কামৰূপ আৰক্ষীয়ে আটক কৰে আক্ৰমনকাৰী দলটোক।

11. গোৱালপাৰাৰ লক্ষীপুৰৰ বেচৰকোণাত বন বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা।
মেঘালয়ৰ অবৈধ কাঠফলা কলৰ পৰা জব্দ কৰে কুণ্ডাখিনি।

12. হঠাৎ সন্মুখত উপস্থিত হোৱা এটা বন গাহৰিক বচাবলৈ গৈ পথৰ ওপৰতে বাগৰি পৰিল এখন অটো ৰিক্সা।
এই দুৰ্ঘটনাত এটি শিশু থিতাতে মৃত্যু ঘটে।
গুৰুতৰভাৱে আহত হয় শিশুটিৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃ।
ৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ নেদুমকৰণাৰ সমীপত।

13. আকাশ মাৰ্গত বিমানৰ শৌচাগাৰৰ ভিতৰত ধূম্ৰপান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন যাত্ৰীক।
যাত্ৰীজনৰ নাম শ্বেহাৰী চৌধুৰী বুলি জানিব পৰা গৈছে।
গুৱাহাটীৰ পৰা বাংগালুৰু অভিমুখে উৰা মৰা ইণ্ডিগ’ৰ ৬ই ৭১৬ বিমানৰ শৌচাগাৰত ধূমপান কৰিছিল যাত্ৰীজনে।
ঘটনা সংঘটিত হৈছে অসম-বাংগালুৰু ইণ্ডিগ’ বিমানত।

14. তেলেংগানাৰ হায়দৰাবাদত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়।
বাসগৃহত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডত ।
এই অগ্নিকাণ্ডৰ পিছত ভগ্নী মমতাই কোনোমতে জীৱন ৰক্ষা কৰি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও চকুৰ সন্মুখতে মৃত্যুক সাৱটি লয় জ্যেষ্ঠ ভগ্নী ত্ৰিৱেণীয়ে।
স্বপ্না লোক কম্প্লেক্সৰ এটা কল চেণ্টাৰত কৰ্মৰত আছিল ত্ৰিৱেনী আৰু ভগ্নী মমতা।
চৰ্ট চাৰ্কিটৰ ফলত বহুমহলীয়া কম্প্লেক্সৰ পঞ্চম মহলাত সংঘটিত অগ্নিকাণ্ডত ৪ গৰাকী মহিলা আৰু শিশুসহ প্ৰাণ হেৰুৱাইছিল ৬ জনকৈ লোকে।

15. বোকাজানৰ কাৰাগাঁওস্থিত দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনীৰ কেম্পত ৯ মাহ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি কৰ্ম জীৱনৰ পাতনি মেলিব ২৭০জন জোৱানে।
অসম বিশেষ সংৰক্ষিত বাহিনীৰ কামাণ্ডেণ্ট নৱজ্যোতি বৰা তত্বাৱধানত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে শপত।

16. হাইলাকান্দিত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড।
সোলতানি চাহ বাগিচা এলেকাত হোৱা এই ঘটনাত নষ্ট হ’ল কেইবা লক্ষাধিক টকাৰ ৰবৰ গছ।
অগ্নিনিৰ্বাপকৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই।

17. বোকাজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনাত দুজনৰ কৰুণ মৃত্যু।
গুৰুতৰভাৱে আহত আন দুজন লোক।
দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ডিমাপুৰলৈ গৈ থকা পথত টয়টা ফৰচুনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিৰ গছত।
মৃত যুৱক দুজনৰ নাম হৈছে- লয় সূৰজ আলী আৰু ইটকা য়েপটো।

18. ভুৱা বাতৰি দেশজুৰি বিয়পাই দিছিল বিহাৰৰ জনপ্ৰিয় সাংবাদিক মণীষ কাশ্যপে।
বিহাৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিলে সাংবাদিকগৰাকীক।

19. মৰিগাঁৱৰ পবিতৰাহাটত হৃদৰোগৰ সজাগতা কাৰ্যসূচী৷
হৃদৰোগৰ সজাগতা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় ডাঃ শশীভা বৰ্মন বৰদলৈয়ে৷
নেমকেয়াৰ হাস্পতালৰ ইমাৰ্জেন্সি মেডিচিন বিভাগৰ মুৰব্বী ডাঃ শশীভা বৰদলৈ৷
আক্ৰান্ত লোকক তাৎক্ষণিক চিকিৎসা প্ৰদান সন্দৰ্ভত সজাগতা৷

20. হেলথ্ চিটী হাস্পতালত কৰ্কট ৰোগৰ বিশেষ আলোচনা চক্র।
১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ অনুষ্ঠিত এই আলোচনা চক্র।
কৰ্কট ৰোগৰ নিৰাময় সম্পৰ্কে এই আলোচনা চক্ৰ।
আলোচনা চক্ৰত উপস্থিত থাকে কৰ্কট ৰোগৰ বিশেষজ্ঞ ডাঃ তপন শইকীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *