৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com Assam March 20/2023:- 

1. আজি “গুৱাহাটী প্ৰেছ ক্লাৱে” গৌৰৱপূৰ্ণ পঞ্চাশ বছৰত উপনীত হৈছে।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে সোণালী জয়ন্তী বৰ্ষ।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, দ্যা আচাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক পি.জে বৰুৱা, প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা, ৰাজ্যিক তথ্য আয়ুক্ত ড° সমুদ্ৰগুপ্ত কাশ্যপ, গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰু মিছনপ্ৰধান, ৰাহুল আমিন, প্ৰেছক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু বিশিষ্ট ব্যক্তিসকল।

2. আজি বিশ্ব ঘনচিৰিকা দিৱস৷
ঘনচিৰিকা দিৱস উপলক্ষ্যে বিধানসভা চৌহদত বিশেষ অনুষ্ঠান৷
ঘনচিৰিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ লক্ষ্য৷
অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বহু গণ্যমান্য ব্যক্তি।

3. আছুৰ উদ্যোগত গুৱাহাটীত ‘ছেবা বচাওঁ আহক’ শীৰ্ষক সভা৷
উজান বজাৰৰ বিবেকানন্দ ভৱনত অনুষ্ঠিত কৰা হৈছে এই সভা৷
ৰাজ্যৰ শিক্ষাবিদক লৈ অনুষ্ঠিত হৈছে এই সভা৷
প্ৰতিখন জিলাৰ ২জনকৈ শিক্ষাবিদে অংশ লৈছে এই সভাত৷
সভাৰ সিদ্ধান্ত তথা প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিব আছুৱে৷
‘ছেবাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলিছে, উদ্যোগ লৈছে চৰকাৰে’৷
‘ছেবা বচাওঁ আহক’ সভাত এইদৰে মন্তব্য কৰে আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই৷

4. “অসম দৰ্শন আঁচনিৰ অধীনত অন্তভুক্ত হ’ব ৰাজ্যৰ ৮ হাজাৰ নামঘৰ, দৰগাহ, বাথৌ মন্দিৰ।
সংশ্লিষ্ট ধৰ্মীয় অনুষ্ঠানত পৰ্যটক যোৱাটো নিশ্চিত হ’ব লাগিব।
আশে-পাশে থাকিব লাগিব কমেও ১০খন দোকান-পোহাৰ।
শীঘ্ৰেই প্ৰকাশ পাব নতুন গাইড লাইন”।
২০২৬ৰ ভিতৰত ৰাজ্যত বন্ধ হ’ব বাল্যবিবাহ”।
ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

5. ‘এবছৰত সম্পূৰ্ণ হ’ব ৰাম জন্মভূমিৰ উন্নয়নৰ কাম।
সুবিশাল বিমান বন্দৰৰ কামো শীঘ্ৰেই সমাপ্ত হ’ব’। সংবাদমেলযোগে ঘোষণা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

6. ‘সদৌ অসম কুমাৰ সন্মিলন’ৰ সপ্তম দ্বি-বাৰ্ষিক ৰাজ্যিক অধিৱেশন।
অহা ১ আৰু ২ এপ্ৰিল ২০২৩ তাৰিখে শিৱসাগৰ জিলাৰ ডিমৌ জ্যোতি বিষ্ণু প্ৰকল্পৰ প্ৰেক্ষাগৃহত দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব।

7. চ’তৰ আগমনৰ লগে লগে এতিয়া বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি।
হেঁপাহৰ ৰঙালী বিহুলৈ মাজত কেইটামান দিন বাকী।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া আৰম্ভ হৈছে বিহুৰ প্ৰস্তুতি।
গহপুৰ, মৰাণৰ গজপুৰীয়া গাৱ, লখিমপুৰ জিলাৰ মধুপুৰ গাৱকে ধৰি বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা।
কৰ্মশালাত অংশ লৈ উৎফুল্লিত হৈছে নাচনী আৰু বিহুৱা সকল।

8. “আমি ভবা ধৰণে একো দেখা নাপালো ২০২৩-২৪ বৰ্ষৰ বিত্তীয় বাজেটত।
অংগনৱাড়ী কৰ্মী-সহায়িকাৰ বাবে নাহিল ভাল খবৰ।
মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা বৃদ্ধিৰ কথাও নাই বাজেটত”।
সদনত বাজেট সন্দৰ্ভত ক্ষোভ উজাৰিলে বিধায়ক জাকিৰ হুছেইন শিকদাৰে।

9. কলকাতাৰ টালীগঞ্জত ২০২৩ বৰ্ষৰ টালী চিনে এৱাৰ্ড অনুষ্ঠান৷
অনুষ্ঠানত BTR চৰকাৰৰ ই এম অৰূপ কুমাৰ দে আৰু পশ্চিমবংগৰ বিশিষ্ট চিকিৎসক ডাঃ কুনাল সৰকাৰক সম্বৰ্ধনা জনোৱা হয়।
অৰূপ কুমাৰ দে BTRৰ জনস্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য।

10. জামুগুৰিহাটত টাইকোৱাণ্ডো একাডেমীৰ কালাৰ বেল্টৰ পৰীক্ষা।
জামুগুৰি মাৰ্কেটিং কমপ্লেক্সত অনুষ্ঠিত হয় এই পৰীক্ষা।
শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে কালাৰ বেল্টৰ পৰীক্ষাত।
৪ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ তত্বাৱধানত অনুষ্ঠিত হয় পৰীক্ষা।
পৰীক্ষাৰ অন্তত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে বিধায়ক পদ্ম হাজৰিকাই।

11. দুধনৈৰ উদয়পুৰত ৩৫ সংখ্যক ৰাভা ভাষা প্ৰৱৰ্তন দিৱস।
ৰাভা মহিলা লেখিকা সমিতিৰ সৌজন্যত দিনজোৰা কাৰ্যসূচী।
ৰাভা জাতীয় গীত-নৃত্যৰে উদুলি-মদুলি নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ চৌহদ।

12. অসমত জাৰি অৰেঞ্জ এলাৰ্ট।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট।
ৰাজ্যত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ সম্ভাৱনা।
চুবুৰীয়া ৰাজ্য মেঘালয়তো জাৰি অৰেঞ্জ এলাৰ্ট।

13. জাগীৰোড আৰক্ষীৰ অভিযানত নকল সোণৰ নাওসহ ৪জনক গ্রেপ্তাৰ কৰা হয়।
৪ সৰবৰাহকাৰীৰ পৰা ৬টাকৈ ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

14. তামুলপুৰত ৪ৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ।
আজিৰে পৰা আৰম্ভ হৈছে এছিয়ান খো খো চেম্পিয়নশ্বিপ।
তামুলপুৰত ৯খন দেশৰ খো খো প্ৰতিযোগী উপস্থিত হয়।
খো খো খেলত অংশগ্ৰহণ ভূটান, বাংলাদেশ, ইণ্ডোনেছিয়াৰ। ইৰাণ, ইৰাক, নেপাল, শ্ৰীলংকা, থাইলেণ্ড, মালাইছিয়া লগতে ভাৰতীয় খো খো দলেও অংশগ্ৰহণ কৰে।

15. গোলকগঞ্জৰ হালাকুৰাত নিচাজাতীয় দ্ৰব্যসহ দুজনক আটক কৰা হৈছে।
হালাকুৰা আৰক্ষীয়ে জব্দ কৰে ১১৪টা কফ ছিৰাপৰ বটল।
ধৃত সৰবৰাহকাৰী দুটা গৌৰীপুৰৰ পিণ্টু ৰহমান, জাহিৰ আলী।

16. ‘ভূপেন বৰাই নাজানে নেওতা৷
১৪খন আসনত জয় দূৰৰ কথা, ১৪জন প্ৰাৰ্থীয়েই কংগ্ৰেছত নোলাব বুলি মন্তব্য কৰে দিগন্ত কলিতাই৷

17. ড্ৰাগছৰ ব্যৱসায়ত নামিল CRPF জোৱান।
প্ৰমিলা জাৰণিত ড্ৰাগছসহ গ্ৰেপ্তাৰ জোৱান সুব্ৰত ভট্টক।
৩৪ নং CRPF কেম্পৰ জোৱান সুব্ৰত ভট্ট।
নগাঁৱত ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।

18. গুৱাহাটীৰ ভঙাগড়ত ভয়ংকৰ দুৰ্ঘটনা।
উৰণ সেতুত ডাম্পাৰে মহটিয়ালে বাইক আৰোহীক।
দুৰ্ঘটনাস্থলীতে নিহত হয় বাইক আৰোহী গৰাকী।
দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ চালকৰ পলায়ন।

19. শিলচৰত ৰাইজে জব্দ কৰে বাৰ্মিজ চুপাৰী ভৰ্তি এখন ট্ৰাক।
লগতে ট্ৰাকখনৰ চালকগৰাকীকো কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

20. দক্ষিণ আমেৰিকাৰ কলম্বিয়াত হৃদয়বিদাৰক ঘটনা।
শূন্যৰ পৰা বাগৰি পৰিল সেনাৰ এখন হেলিকপ্টাৰ।
থিতাতে নিহত হয় ৪জন সেনাৰ।
কেমেৰাত বন্দী হেলিকপ্টাৰ দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *