1. শক্তিপীঠ কামাখ্যাত উপস্থিত হয় বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী৷
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে বাগেশ্বৰ বাবাই৷
মা কামাখ্যাৰ আশিস ল’বলৈ শক্তিপীঠত উপস্থিত হয় ধৰ্মগুৰুগৰাকী৷
আজিৰ দিনটোতে
মা কামাখ্যাৰ আশিস ল’বলৈ উপস্থিত হয় বলিউডৰ জনপ্ৰিয় কৌতুক অভিনেতা সঞ্জয় মিশ্ৰা।
মন্দিৰ প্ৰাংগনত অভিনেতাগৰাকীক উষ্ম আদৰণি মন্দিৰ কৰ্তৃপক্ষৰ।
2. ৭ এপ্ৰিলত কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। ‘গজ উৎসৱ’ৰ মুখ্য অতিথিৰূপে অংশ ল’ব ৰাষ্ট্ৰপতি গৰাকীয়ে।
হস্তী প্ৰকল্পৰ ৩০ বছৰ, ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ উপলক্ষ্যে এই কাৰ্যসূচী আয়োজন হব।
৬,৭ আৰু ৮ এপ্ৰিলত বন্ধ থাকিব কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল।
গজ উৎসৱ উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ জাননী।
3. শংকৰদেৱ কলাক্ষেত্ৰত অৱসৰকালীন সাহায্য প্ৰদান অনুষ্ঠান।
মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এই অনুষ্ঠান আয়োজন কৰা হয়।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি।
উক্ত অনুষ্ঠানত ৭৯৩ গৰাকী অংগনৱাড়ী কৰ্মী আৰু সহায়িকালৈ চৰকাৰে সাহায্য প্ৰদান কৰে।
4. গুৱাহাটীত উপস্থিত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ।
বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।
USTMত কাইলৈ এক বিশেষ কাৰ্যসূচীত অংশ ল’ব প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।
5. Northeast Film Festival ২০২৩লৈ নিৰ্বাচিত সাৰ্দি ভাষাৰ ফিচাৰ ফিল্ম ‘মিনি’৷ অহা ২৪, ২৫ আৰু ২৬ মাৰ্চত মুম্বাইত অনুষ্ঠিত হ’ব চলচ্চিত্ৰ মহোৎসৱ। এই চলচিত্ৰ মহোৎসৱতে অৰুণজিৎ বৰাই পৰিচালনা কৰা ‘মিনি’ প্ৰদৰ্শিত হ’ব৷