এই সমাৰোহ খনৰ জৰিয়তে গ্ৰাম্যঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাসম্পন্ন ব্যক্তিসকলক চিনাক্ত কৰি প্ৰণালীবদ্ধ শিকণ আৰু প্ৰশিক্ষণৰ জৰিয়তে প্ৰতিযোগিতামূলক ক্ৰীড়া ক্ষেত্ৰখনলৈ উলিয়াই অনাৰ এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে TMPK.
সেই উদ্দেশ্যৰে জাতীয় সংগঠন TMPK পূব ঢকুৱাখনা আঞ্চলিক সমিতিৰ বান্দেনাস্থিত কাৰ্যালয়ত এখনী ৰাজহুৱা সভা অনুষ্ঠিত হয়।
সভাত সভাপতিত্ব কৰে মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুৰেশ দলেয়ে।
সভাত উপস্থিত থাকে ঢকূৱাখনা জিলা সমিতিৰ সভাপতি সঞ্জীৱ দলে,সম্পাদক অমৰজ্যোতি দলে, এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি দ্বীপেন দলে,সম্পাদক গনেশ দলে , টি এম এম কেৰ সভানেত্ৰী নিশা পাতিৰ ,সম্পাদিকা বালাজ্যোতি দলে, জাতীয় সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়া সকল, প্ৰাক্তন জিলা নেতৃবিন্দৰ লগতে বহু সংখ্যক ক্ৰীড়ানুৰাগী ৰাইজ।