ঘিউৰ ঔষধী গুণ আৰু উপকাৰীতা।

Spread the love
Mising Autonomous Council
Mising Autonomous Council .

ঘিউ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
ঘিউ খালে বহু বেমাৰ নাশ হয়।

ঘিউত যথেষ্ট পৰিমানে চৰ্বি, ভিটামিন A, D, E আৰু K পোৱা যায়।

জানো আহক ঘিউত কি কি ঔষধী গুণ আছে-

1. ঘিউ খালে আমাৰ শৰীৰটো ঠাণ্ডা হৈ থাকে।

2. ঘিউ খালে হজম শক্তি উন্নত কৰে আৰু হৃদযন্ত্ৰক ভালে ৰাখে।

3. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ঘিউ খাব লাগে।

4. ঘিউত থকা চৰ্বিয়ে তেজত উপযোগী HDL কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি কৰে আৰু ক্ষতিকাৰক LDL কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰে।

5. ঘিউ খালে শৰীৰত হৰমন সন্তুলিত কৰাত সহায় কৰে।

6. শীতকালত ঘিউৰ সৈতে জালুক মিহলি কৰি খালে কাহৰ পৰা উপশম পাব পাৰি।

7. প্ৰতিদিনে এগিলাচ গৰম গাখীৰৰ লগত এক চামুচ ঘিউ মিহলাই খালে কোষ্ঠকাঠিন্যৰ পৰা আঁতৰত থাকিব পাৰি।

8. ঘিউত থকা ফেটি এচিডে দেহৰ ছাল কোমল কৰে

গতিকে, আজি পৰা ঘিউ সেৱন কৰক আৰু শৰীৰটো ভালে ৰাখক।

এটা কথা মনত ৰাখিব অত্যাধিক যিকোনো বস্তুয়ে স্বাস্থ্যৰ বাবে অপকাৰী।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *