নাট্যকাৰ অৰুণ শৰ্মা দেৱৰ জীৱনযাত্ৰাঃ
অৰুণ শৰ্মাৰ জন্ম হৈছিল ১৯৩১ চনত ডিব্ৰুগড় জিলাৰ সেন্দূৰী আলিত।
তেওঁৰ পিতৃৰ নাম আছিল তিলক চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল নৰ্মদা কুমাৰী দেৱী।
তেওঁৰ পিতৃ সেই সময়ৰ দা টাইমছ অফ ইণ্ডিয়াৰ সম্পাদক আছিল।
অৰুণ শৰ্মা একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল।
অৰুণ শৰ্মাই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে আৰু তাৰপৰাই ১৯৪৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
ইয়াৰ পিছত কটন কলেজৰ পৰা ১৯৫২ চনত আই এ আৰু ১৯৫৪ চনত শিক্ষা বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে।
এইখিনি সময়ৰ পৰাই তেওঁ নাটক আৰু কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰে।
১৯৫৪ চনত দ্যা আছাম ট্ৰিবিউন কাকতৰ আৰ্হি কাকত চাওঁতা হিচাপে অৰুণ শৰ্মাই নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পিছলৈ এই কাকতৰ সহকাৰী সম্পাদক হৈছিল।
১৯৫৫ চনত এম চি ডি হাইস্কুলত সহকাৰী অধ্যক্ষ পদত যোগদান কৰে।
১৯৬০ চনত অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে।
তেতিয়াৰ পৰাই তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সৈতে জড়িত হৈ থাকে।
প্ৰথমতে প্ৰযোজক হিচাবে কাম কৰিছিল আৰু পিছত জ্যেষ্ঠ প্ৰযোজক হৈছিল।
তেওঁ শিক্ষাবিষয়ক প্ৰচাৰ বিভাগৰ মুৰব্বী আছিল।
১৯৬৯ চনত তেওঁ লণ্ডনৰ বি বি চিত ৰেডিঅ’ প্ৰ’গাম প্ৰডাকচনৰ ওপৰত ছমহীয়া প্ৰশিক্ষণ লৈছিল।
১৯৭০ আৰু ১৯৮০ দশকত তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰত নাটক বিভাগৰ সহায়ক আছিল।
এই সময়তে তেওঁ ৪৭খন নাটক আৰু গুৱাহাটী আকাশবাণী কেন্দ্ৰ আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ নেচনেল প্ৰ’গামৰ বাবে আৰু যথেষ্ট সংখ্যক অনাতাঁৰ তথ্যচিত্ৰ ৰচনা আৰু নিৰ্দেশনা কৰে।
তেওঁ এই তথ্যচিত্ৰসমূহৰ বাবে তিনিটাকৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ সঞ্চালক হিচাবে কাৰ্য্যনিৰ্বাহ কৰে।
ইয়াৰ পিছত তেওঁ ১৯৯০ চনত শ্বিলঙৰ অল ইণ্ডিয়া ৰেডিঅ’, নৰ্থ ইষ্ট চাৰ্ভিচৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।
অৱসৰ গ্ৰহণ কৰা পাছত অৰুণ শৰ্মা সাপ্তাহিক অসমীয়া বাতৰি কাকত পূৰ্বাচলৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে আৰু ১৯৯২-৯৭ চনলৈকে অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰে।
তেওঁ ২০০২ চনত অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি আছিল।
১৯৫৯ চনত “আৰতি শৰ্মা”ৰ লগত বিবাহপাশত আৱদ্ধ হয়।
১৯৬৭ চনত শ্ৰী নিবাৰণ ভট্টাচাৰ্য শীৰ্ষক নাটকখন সাহিত্য সভাৰ দ্বাৰা শ্ৰেষ্ঠ নাটক হিচাপে নিৰ্বাচিত হয়।
১৯৬৭ চনত অসম সাহিত্য সভা (নাটক) বঁটা।
২০০১ চনত অসম নাট্য সন্মিলন বঁটা।
১৯৯৮ চনত আশীৰ্বাদৰ ৰং শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা।
২০০৩ চনত সংগীত নাটক অকাডেমি।
২০০৫ চনত অসম উপত্যকা সাহিত্য বঁটা ।
২০১০ চনত পদ্মশ্ৰী ।
২০১০ চনত শঙ্কৰাচাৰ্য অৱতাৰ বঁটা।
১৯৮২ চনত প্ৰাঁ ফিউচাৰ বাৰ্লিন বঁটা।
আৰু তেখেতে বহুতো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
অৰুণ শৰ্মাৰ সাহিত্যৰাজীঃ
উল্লেখযোগ্য নাটক সমূহ- উৰুখা পঁজা, আহাৰ,
পুৰুষ, কুকুৰনেচীয়া মানুহ,
চিঞৰ, বুৰঞ্জী পাঠ,
শ্ৰী নিবাৰণ ভট্টাচাৰ্য ইত্যাদি।
উপন্যাস- আশীৰ্বাদৰ ৰং,
উভলা শিপা, পৰশুৰাম।
অনুবাদ সাহিত্য- মালায়লম একাংকিকা নাট,
পঞ্জাবী একাংকিকা নাট.
বঙালী উপন্যাস “ইচ্ছামতী’ৰ অসমীয়া অনুবাদ।
অন্যান্য গ্ৰন্থ- গৰীয়সী আৰু বিভিন্ন আলোচনীত অসংখ্য তথ্যগধুৰ প্ৰবন্ধ তথা কবিতা প্ৰকাশ।
২০১৭ চনৰ ২৭ মাৰ্চ তাৰিখে ৮৫ বছৰ বয়সত অৰুণ শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta R News India 24