৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam March 27/2023:-

1. গোলাঘাটত উপস্থিত হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া।
উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৰাজ্যপাল গৰাকীয়ে।

2. প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক নতুন দায়িত্ব।
ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে মহন্তক দিয়া হৈছে নিযুক্তি।

3. বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণিল ইতিহাস ৰচনা কৰা লাভলীনা বৰগোঁহাইলৈ ৫০ লাখ টকা ঘোষণা অসম চৰকাৰৰ।

4. APSCৰ নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পাল।
ADO গোচৰৰ শুনানিৰ বাবে আদালতত উপস্থিত ৰাকেশ পাল।
৬ বছৰ ৪ মাহৰ অন্তত কাৰাগাৰৰ পৰা মুকলি ৰাকেশ পাল।

5. কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্বেগজনক তথ্য।
ভাৰতত নতুনকৈ কৰ’নাত আক্ৰান্ত ১,৮০৫জনকৈ লোক।
প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা ৩.১৯ শতাংশ বৃদ্ধি।
এসপ্তাহত আক্ৰান্তৰ সংখ্যা ১.৩৯ শতাংশ।
দেওবাৰ পৰ্যন্ত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১০,৩০০জন।

6. গামোচা বিতৰ্ক সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া- ‘প্ৰত্যেক জাতি-জনগোষ্ঠীৰ নিজা স্বকীয় বৈশিষ্ট্য আছে, সেইবোৰ একক আৰু অনন্য।
সকলোৰে নিজৰ নিজৰ বৈশিষ্ট্যসমূহ অটুত থকাতো উচিত’।

7. ‘পিপলছ ছেলফ ডিপেণ্ড ফৰাম’ৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান।
১০ গৰাকী উদ্যমী যুৱকলৈ ‘অসম যুৱৰত্ন সন্মান-২০২৩’।
অহা ৭ এপ্ৰিলত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হব বঁটা তথা সন্মান।

8. “চৰকাৰে শিৱসাগৰ সমষ্টিৰ পৰা তলাতল ঘৰ আৰু ৰংঘৰ আঁতৰাই দিব বিচাৰিছে।
এয়া আমি মানি ল’ব নোৱাৰো আৰু সেইবাবে আমি সমষ্টি পুনঃ নিৰ্ধাৰণ বিৰোধীতা কৰিছো”- মন্তব্য বিধায়ক অখিল গগৈৰ।

9. পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ নৃত্যশিল্পী ।
নীলাঞ্জনা বেজবৰুৱাৰ ‘লণ্ডন বুক অব ৱৰ্ল্ড ৰেকৰ্ড’ত নাম সন্নিৱিষ্ট।
কৃষ্ণ নৃত্য পৰিৱেশনেৰে এই সন্মান বুটলিবলৈ সক্ষম হয় নীলাঞ্জনা বেজবৰুৱাই।

10. ড্রাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ অভিযান।
অভিযানত ৩৩টা চাবোনৰ বাকচত উদ্ধাৰ ব্রাউন ছুগাৰ।
ব্রাউন ছুগাৰখিনিৰ মূল্য প্রায় ২ কোটি টকা।

12. ডিব্ৰুগড়ত সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ-২০২৩।
পাঁচ সহস্ৰাধিক নাচনীয়ে কঁপালে হালালী সমন্বয় ক্ষেত্ৰ।

13. নলবাৰীৰ মুগকুছিত শোকাৱহ ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত স্বামী-স্ত্ৰী।
কথমপি প্ৰাণ ৰক্ষা এটি শিশুৰ।
নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে বাহনখনে।
নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন।

14. অৰুণাচলৰ খুনছাত নিশা ভয়ংকৰ ঘটনা।
নিৰাপত্তাৰক্ষীক হত্যা কৰি খুনছা জে’লৰ পৰা পলায়ন ২ উগ্ৰপন্থীৰ।

15. নিশা শিলচৰ-মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰমিকভৰ্তি মেজিকে খুন্দা মাৰে চলন্ত ট্ৰাকত।
ফলত শ্ৰমিকবোজাই মেজিকখন বাগৰি পৰে ৰাজপথত।
দুৰ্ঘটনাটোত মহিলাসহ প্ৰায় ১০জন শ্ৰমিক আহত।
ইয়াৰে ৬জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
আহতসকলক শিলচৰ মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

16. কৰিমগঞ্জত আৰক্ষীয়ে
জব্দ কৰে ৩০ কোটি টকাৰ হেৰ’ইনসহ য়াবা টেবলেট।
আটক কৰে ৩ ড্ৰাগছ ব্যৱসায়ী।
মিজোৰামৰ পৰা কৰিমগঞ্জ বাইপাছেৰে সৰবৰাহৰ সময়ত জব্দ কৰে ড্ৰাগছ খিনি।

17. পুনৰ অসমত গঁড় হত্যাৰ ঘটনা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত গঁড় হত্যা।
গঁড় হত্যা কৰি খৰ্গ কাটি লৈ উধাও চোৰাংচিকাৰী।
৪ বছৰৰ পাছত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা।
২০১৯ চনৰ পৰা বাগৰি, বুঢ়াপাহাৰ ৰেঞ্জত হোৱা নাছিল গঁড় হত্যা।
বাগৰিৰ কাঠপৰা বন শিবিৰৰ বৰমাৰ বিলত উদ্ধাৰ খৰ্গবিহীন মৃত গঁড়টো ।
৬-৭ দিন পূৰ্বে গঁড়টো হত্যাৰ কৰাৰ সন্দেহ উদ্যান কৰ্তৃপক্ষৰ।
ইতিমধ্যে বন বিভাগ, আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।

18. মহানগৰীৰ ISBT ত জব্দ কৰা হয় প্রায় ৭ লাখ টকা মূল্যৰ ৭৭ কেজি গাঞ্জা।

19. আমচাং অভয়াৰণ্যৰ চাৰিসীমা নিৰ্ধাৰণৰ অন্তিম সময়সীমা বান্ধি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
৮ সপ্তাহৰ ভিতৰত বন বিভাগে দাখিল কৰিব লাগিব প্ৰতিবেদন।

20. গোঁসাইগাঁৱত বৃহৎ পৰিমাণৰ ফেন্সিডাইল জব্দ।
পশ্চিমবংগৰ পৰা এখন ট্ৰাকত আনিছিল নিষিদ্ধ সামগ্ৰীখিনি।
জব্দকৃত ফেন্সিডাইল খিনিৰ মূল্য ১ কোটি টকা।
ঘটনাৰ সন্দৰ্ভত আটক কৰে দুজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *