৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam March 28/2023:-

1. শিৱসাগৰৰ মাদুৰি জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে ৩৪৪ সংখ্যক মহীয়সী জয়মতী স্মৃতি দিৱস উদযাপন।
মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰিকা।
জয়মতী স্মৃতি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।

2. ‘নিৰ্বাচন আয়োগৰ সন্মুখীন হ’ব পৰা সৎ সাহস কংগ্ৰেছৰ নাই’।
সমষ্টি পুনঃনিৰ্ধাৰণ হ’বই , কংগ্ৰেছে বিৰোধিতা কৰি লাভ নাই’।
অহংকাৰৰ বাবেই কংগ্ৰেছৰ আজি অধঃপতন হৈছে’।
বিধায়ক দিগন্ত কলিতাৰ তীব্ৰ সমালোচনা কংগ্ৰেছক।

3. শিলচৰত ভূমি নামজাৰিৰ নামত ৩ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় কৰ্মচাৰী।
নাম মিছবা উদ্দিন লস্কৰ পাটোৱাৰী।

4. অসম কন্যা হিমা দাসৰ আন এক সফলতা।
ইণ্ডিয়ান গ্রাঁ প্রিত ৰূপৰ পদক লাভ কৰে হিমা দাসে।

5. বাসন্তী পূজা উপলক্ষ্যে বশিষ্ঠ মন্দিৰত উপস্থিত পত্নী সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
নিজৰ লগতে ৰাইজৰ মংগল কামনাৰে পূজা-অৰ্চনা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।

6. সংগীত নাটক অকাডেমিৰ সচিব পদত নিযুক্তি লাভ কৰিছে অসম সন্তান ৰাজু দাসে।
অকাডেমিৰ সচিব হিচাপে দায়িত্ব লোৱা ৰাজু দাস প্ৰথমগৰাকী অসমীয়া ।
শিৱসাগৰৰ সন্তান ৰাজু দাস অকাডেমিৰ উপ-সচিবৰ দায়িত্বতো আছিল।

7. মঙলদৈ মহাবিদ্যালয়ত জিণ্টিমণি কলিতাক বিপুল আদৰণি।
সদ্যসমাপ্ত WPLত উজ্জীৱিত প্ৰদৰ্শনেৰে গৌৰৱ কঢ়িয়াইছে খেলুৱৈগৰাকীয়ে।
জিণ্টিমণি কলিতাক লৈ উৎসাহী মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী।

8. বোকাখাতত পূৰ্ণোদ্যমে চলিছে বিহুৰ প্ৰশিক্ষণ।
বিহুৰ বিশ্ব অভিলেখৰ বাবে বোকাখাতত সাজু হৈছে ২০০গৰাকী বিহুৱা-বিহুৱতী।
প্ৰশিক্ষণস্থলীত উপস্থিত হৈ বিহু উপভোগ কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই আনহাতে
মৰাণৰ ঠাকুৰবাৰীৰ নাট্য মন্দিৰত বিহু উপভোগ কৰে মন্ত্ৰী বিমল বৰাই।

9. মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ ভাৰতীয় টকাৰ জালনোট।
ঝালোৰ চৰৰ পৰা BSFয়ে জব্দ কৰে জালনোটখিনি।
জব্দ কৰে ২ লাখ ২৪ হাজাৰ জালনোট।

10. বোকাজানত বুজন পৰিমাণৰ ড্রাগছ জব্দ কৰা হৈছে।
আৰক্ষীৰ অভিযানত এখন বিলাসী বাহনৰ পৰা জব্দ কৰে ড্রাগছ।

11. অৱশেষত ক্ষমা খুজিলে বাংলা সাহিত্য সভা, অসমে।
গামোচাক বিকৃত ৰূপত উপস্থাপন কৰিছিল সভাই।
এক প্ৰেছ বিজ্ঞপ্তি যোগে ক্ষমা খুজিলে বাংলা সাহিত্য সভা,অসমে।

11. সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ইতিমধ্যে আৰম্ভ হৈছে জিলা নিৰ্বাচনী বিষয়াৰে মুখ্য নিৰ্বাচনী আয়ুক্তৰ বৈঠক।
পৰৱৰ্তী সময়ত দিনৰ ১বজাত ৰাজ্যৰ মুখ্য সচিবৰে অনুষ্ঠিত হয় আন এক গুৰুত্বপূৰ্ণ বৈঠক।
৩ বজাত সংবাদমেল সম্বোধন কৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই।

13. পুৱতি নিশা যোৰাবাটত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত দুখন গৰুভৰ্তি ট্রাক জব্দ কৰা হয়।
ট্রাক দুখনৰ পৰা উদ্ধাৰ কৰে ৪৪ টা গৰু।

14. ৰাজ্যত অব্যাহত ব্রয়লাৰ সৰবৰাহ।
শ্রীৰামপুৰত ব্রয়লাৰ ভৰ্তি ৪খন পিকআপ ভান জব্দ কৰা হৈছে।
চোৰাং পথেৰে অসমত প্রৱেশ কৰাৰ সময়তে জব্দ কৰে বাহনকেইখন।

15. চিৰাঙৰ পানবাৰী ৰেঞ্জৰ ৰাণীঘাট হাকুৱা নদীত মৰ্মান্তিক ঘটনা।
বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ গা ধুবলৈ নামোতেই সলিল সমাধি এগৰাকী ছাত্ৰৰ।
নাম ৰাহুল মজুমদাৰ।
ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

16. দৰঙৰ ধুলাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে এখন বলেন’ বাহনক।
যাৰ ফলত বলেন’খনত থকা দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।
দুৰ্ঘটনাৰ পিছতে পলায়ন কৰে ট্ৰাকখনৰ চালকে।
জানিব পৰা হোৱা নাই মৃত লোক দুজনৰ পৰিচয়।

17. ৰাজ্যত পুনৰ ৰেগিঙৰ ঘটনা।
এই ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ সৈনিক স্কুলত।
জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত হৈছে কেইবাগৰাকীও কনিষ্ঠ ছাত্র।
DGPৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল অভিভাৱকে।
ইয়াৰ পাছতে মৰনৈ থানাই ৰুজু কৰিলে নিজাববীয়া গোচৰ।

18. সোণাপুৰত ৫ দিনীয়া ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা।
অংশগ্ৰহণ কৰিছে দেশৰ ভিন্ন ৰাজ্যৰ ৬০০ খেলুৱৈয়ে।
অসম হেণ্ডবল এছ’চিয়েশ্যনৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিযোগিতা মুকলি কৰে দিছপুৰৰ বিধায়ক অতুল বৰাই।

19. পুৱাৰে পৰা সন্ধানহীন যোৰহাটৰ নয়নজ্যোতি চেতিয়া।
পুৱা ৬ বজাত টিউচনলৈ বুলি ওলাই গৈছিল কিশোৰজন।
যোৰহাট কল্যাণী বাল্যভৱনৰ নৱম শ্ৰেণীৰ ছাত্ৰ নয়নজ্যোতি চেতিয়া।
কোনো লোকে সন্ধান পালে 7002705910, 9365650437 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পিতৃ বুবুল চেতিয়া আৰু মাতৃ গীতাঞ্জলী চেতিয়াই।

20. কাৰাগাৰৰ পৰা ওলাল ৰাকেশ পাল।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গৃহাভিমুখে ৰাকেশ পাল।
৬ বছৰ ৪ মাহ কাৰাবন্দী হৈ আছিল APSC কেলেংকাৰিৰ খলনায়কজন।
ৰাকেশ পালৰ ক্ষেত্ৰত কেইবাটাও নীতি-নিৰ্দেশনা আদালতৰ।
গুৱাহাটীৰ পৰা বাহিৰলৈ গ’লে অনুমতি ল’ব লাগিব বিশেষ আদালতৰ।
বিশেষ আদালতত জমা ৰখা হৈছে ৰাকেশ পালৰ পাছপ’ৰ্ট।
APSCৰ গোচৰত সম্পূৰ্ণ সহযোগ কৰিব লাগিব কেলেংকাৰিৰ খলনায়কজনে।
APSCৰ গোচৰৰ ৰাজসাক্ষীক প্ৰদৰ্শন কৰিব নোৱাৰিব ভয়-ভীতি।

Leave a Reply

Your email address will not be published. Required fields are marked *