2. ফিলিপাইনছত শোকাৱহ ঘটনা।
জাহাজত জীৱন্তে অগ্নিদগ্ধ হৈ ১২জনৰ মৃত্যু হয়।
প্ৰশান্ত মহাসাগৰেৰে ২৫০জন যাত্ৰী কঢ়িয়াই লৈ গৈছিল জাহাজখনে।
ফিলিপাইনছৰ বেছিলন প্ৰান্তত সংঘটিত হয় এই ঘটনা।
বৰ্তমানো সন্ধানহীন হৈ আছে কেইবাগৰাকীও যাত্ৰী।
3. সমগ্ৰ বিশ্বজুৰি আজিৰ দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হয় বিশ্ব আৱৰ্জনামুক্ত দিৱস হিচাপে।
বিগত বৰ্ষত ৰাষ্ট্ৰসংঘই ৩০ মাৰ্চৰ দিনটো আৱৰ্জনামুক্ত দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
মূলতঃ বিশ্বজুৰি জমাকৃত আৱৰ্জনা নিষ্কাশন কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ ৰাষ্ট্ৰসংঘৰ।
ঠায়ে ঠায়ে পালন কৰা হয় এই দিৱস।
4. শক্তিপীঠ কামাখ্যাত উপস্থিত লাভলীনা বৰগোহাঁই।
পৰিয়ালৰ সৈতে পূজা-অৰ্চনা কৰি মা কামাখ্যাৰ আশিস ল’লে লাভলীনাই।
5. ৩ এপ্ৰিলৰ বিধানসভাৰ সকলো কাৰ্যসূচী বাতিল।
২৯ মাৰ্চত BACৰ বৈঠকত এই সিদ্ধান্ত।
অনিবাৰ্য কাৰণবশতঃ এই সিদ্ধান্ত BACৰ।
৩ এপ্ৰিলৰ সকলো কাৰ্যসূচী অনুষ্ঠিত হ’ব ৬ এপ্ৰিলত।
পূৰ্বৰ সূচী অনুসৰি বাজেট অধিৱেশনৰ অন্তিম দিন আছিল ৫ এপ্ৰিল।
৬ এপ্ৰিল পৰ্যন্ত বৃদ্ধি পাব চলিত বাজেট অধিৱেশন।
6. জম্মু-কাশ্মীৰৰ কাঠুৱাত IED বিস্ফোৰণ।
ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমাৰ সমীপত এই বিস্ফোৰণ।
বিস্ফোৰণত অঞ্চলটোৰ বহুকেইটা বাসগৃহ ক্ষতিগ্ৰস্ত হয়।
ঘটনাস্থলীত উপস্থিত হয় বোমা বিশেষজ্ঞৰ দল।
বিস্ফোৰণৰ পাছতেই অঞ্চলটোত তীব্ৰ অভিযান আৰক্ষীৰ।
বিস্ফোৰণত অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
7. ভাৰতত নিষিদ্ধ হ’ল পাকিস্তান চৰকাৰৰ টুইটাৰ একাউণ্ট।
নিৰাপত্তাজনিত কাৰণত বন্ধ কৰা হ’ল একাউণ্ট।
চৰকাৰী নিৰ্দেশনা অনুসৰি টুইটাৰ কৰ্তৃপক্ষই বন্ধ কৰিলে একাউণ্ট।
পূৰ্বেও ২০২২ চনত নিষিদ্ধ কৰা হৈছিল পাকিস্তান চৰকাৰৰ টুইটাৰ একাউণ্ট।
বন্ধ কৰা হৈছিল পাকিস্তানৰ ফেচবুক একাউণ্ট, ইউটিউব চেনেল।
11. ধুবুৰীৰ আই জি ৰোডত পথ দুৰ্ঘটনা।
চাৰিচকীয়া বাহনৰ খুন্দা মাৰে ই-ৰিক্সাত।
দুৰ্ঘটনাত আহত হয় কেইবাগৰাকী পৰীক্ষাৰ্থী।
ই-ৰিক্সাৰে পৰীক্ষা দিবলৈ গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
12. বিদ্যালয় শিক্ষা বিভাগৰ সচিবৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
SOS পৰীক্ষাত নম্বৰ বৃদ্ধি কৰাসকলৰ বাবে দুঃখবৰ।
বৃদ্ধি হোৱা নম্বৰ গণনা নহ’ব শিক্ষক পদৰ বাছনিত।
HS পৰীক্ষাত লাভ কৰা নম্বৰহে গণনাৰ নিৰ্দেশ বিদ্যালয় শিক্ষা বিভাগৰ।