৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 7/2023:- 

1. তেজপুৰত ‘সুখয় ৩০’ত উৰণৰ অভিজ্ঞতা ল’লে দ্ৰৌপদী মূৰ্মুৱে।
পাইলটৰ আসনত বহি উৰা মাৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে।
তেজপুৰৰ বায়ুসেনা ঘাটিত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে।

2. চেন্নাইৰ শ্ৰী ৰামকৃষ্ণ মঠৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

3. USTM ত 7th North-East Graduate Congress 2023 শীৰ্ষক অনুষ্ঠান।
উত্তৰ-পূবৰ ৩০০খন কলেজৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ কৰে।
প্ৰতিবছৰে USTM-এ অনুষ্ঠিত কৰে এই অনুষ্ঠান।
উত্তৰ-পূবৰ বিভিন্ন সংস্কৃতি প্ৰদৰ্শন হ’ব অনুষ্ঠানত।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

4. শক্তিপীঠ মা কামাখ্যাৰ আশিস বিচাৰি পুৱাই উপস্থিত হয় মুখ্য ন্যায়াধীশ।
কটকটীয়া নিৰাপত্তাৰ মাজেৰে উপস্থিত হয় ন্যায়াধীশগৰাকী।
কামাখ্যা ধামত পূজা আগবঢ়ালে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে।
গুৱাহাটী HCৰ মহাৰজত জয়ন্তীত অংশগ্ৰহণৰ বাবে আহিছিল CJI।

5. লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।
অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰৰ বিধায়ক মানৱ ডেকা, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডা: হীৰেন কুমাৰ ভট্টাচাৰ্য্য, জিলাৰ যুটীয়া সঞ্চালক ডা: গুণিন গগৈ, চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডা: ৰক্তিম বুঢ়াগোঁহাই, প্ৰাক্তন অধ্যক্ষ ডা: অনুপ কুমাৰ দাস, বিশিষ্ট শিক্ষাবিদ ড° মুকুন্দ ৰাজবংশী আৰু বহু গণ্য-মান্য ব্যক্তি।

6. ৰাজ্যজুৰি চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি৷
শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাভিত্তিক বিহু প্ৰদৰ্শন৷
বিহুৰ কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযূষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস।
ৰঙালী বিহুৰ পূৰ্বে প্ৰতি বছৰৰ দৰে এইবাৰো জ্যেষ্ঠ কৰ্মকৰ্তাক সম্বৰ্ধনা বিধায়ক পদ্ম হাজৰিকাৰ।
চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত প্ৰায় ৫০০ জন জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনায় বিধায়কগৰাকীয়ে।

7. ১৪ এপ্রিল তাৰিখে প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে গুৱাহাটীৰ নিকটৱৰ্তী চাংসাৰীত নিৰ্মাণত অৱস্থাত থকা এইমছ আনুষ্ঠানিকভাৱে মুকলি কৰিব।
লগতে উক্ত অনুষ্ঠানৰ পৰাই ভার্চুৱেল পদ্ধতিৰে নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে৷
আজি এইমছত জি পি সিঙৰ লগতে কীর্তি জল্লী, জয়ন্ত মল্লবৰুৱা আৰু জিলা প্রশাসনৰ বিষয়ববীয়াসকল উপস্থিত হৈ উদ্ধোধনী অনুষ্ঠানৰ প্রস্তুতি আৰু পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে৷

8. ডিব্ৰুগড়ৰ আউনীআটী শাখা সত্ৰত ভক্ত সমাৰোহ।
সত্ৰৰ প্ৰেক্ষাগৃহত এই আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন।
সমাৰোহত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে উপস্থিত থাকে সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেৱানন্দ গোস্বামী।

9. পুনৰ বলীউডলৈ ঘূৰি যাব হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।
নতুনকৈ কাম আৰম্ভ কৰিব,
বলীউড ছবিৰ বাবে কণ্ঠদান কৰিব।
কলকাতাত এক আছুতীয়া সাক্ষাৎকাৰত জুবিন গাৰ্গৰ মন্তব্য
কিছু ভাগৰুৱা হৈ পৰা বুলিও কয় হাৰ্টথ্ৰৱ গৰাকীয়ে।

10. কংগ্ৰেছৰ ৩ বিধায়কৰ পদত্যাগ।
কমলাক্ষ দে’ পুৰকায়স্থ, খলিলউদ্দিন মজুমদাৰ, মিজবাউল ইছলাম লস্কৰে প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ।
ভূপেন বৰাৰ ওপৰত চৰম অসন্তুষ্ট কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ।
শিলচৰৰ জিলা কংগ্ৰেছ সভাপতি নিযুক্তিক লৈ অসন্তুষ্ট ৩ নেতা ।

11. অভিনৱ কায়দাত বিলাসী বাহন চলাই ৰঙাঘৰৰ আলহী হল যুৱক।
শিলচৰৰ মধুৰবন্ধত ৪জন যুৱকক আটক কৰা হৈছে। বিপজ্জনকভাৱে বলেৰ’ বাহন চলাই ৰীল বনাই ছ’চিয়েল মিডিয়াত কৰিছিল আপলোড।

12. হ্ৰাস পাব ঘৰুৱা চিলিণ্ডাৰৰ দাম! আদানি ট’টেল গেছ লিমিটেডে হ্ৰাস কৰিলে CNG-PNGৰ মূল্য। CNG ৮.১৩ আৰু PNG ৫.০৬ টকাকৈ হ্ৰাস।

13. ‘আমি যেতিয়া ক্ষমতালৈ আহিম, ন্যায়াধীশগৰাকীৰ জিভা কাটি দিম’।
ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰা ন্যায়াধীশক জিভা কাটি দিয়াৰ ভাবুকি তামিলনাডুৰ কংগ্ৰেছ নেতা মানিকন্দনৰ।
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে চৰ্চা লাভ কৰিছে মানিকন্দনৰ এই মন্তব্য।

14. ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰখনত ১০টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিলে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই।
গুৱাহাটীত অভিনেত্ৰী তথা মডেল সংগীতা বিজলানিয়ে শুভেচ্ছা জ্ঞাপন কৰিলে ফেশ্বন ডিজাইনাৰতসংযুক্তা দত্তক।

15. গুৱাহাটীতো আছুৰ বিক্ষোভ।
মাতৃভাষা মাধ্যমক নিঃশেষ ষড়যন্ত্ৰ নচলিব বুলি ছাত্ৰ সংগঠনটোৱে দিলে হুংকাৰ।
অসম চৰকাৰ গ’ বেক ধ্বনিৰে উত্তাল গুৱাহাটীৰ চানমাৰি।

16. স্বামীয়ে চকলেট আনি নিদিয়াৰ বাবেই মহিলাই ল’লে চৰমপন্থা।
তেওঁৰ মৃত্যুৰ বাবে কোনো দায়ী নহয় বুলি ছুইচাইড নোটত উল্লেখ কৰি গৈছে ২ সন্তানৰ মাতৃগৰাকীয়ে।
বাংগালুৰুত সংঘটিত হৈছে এই ঘটনা।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

17. গুৱাহাটী মহানগৰীত আন এক ধন লুটৰ ঘটনা৷
নিচাযুক্ত দ্ৰব্য খুৱাই হাজোৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাজোৰ ছমিৰুদ্দিন আহমেদৰ পৰা দুৰ্বৃত্তই লুটি নিলে ২ লাখ ২০ হাজাৰ টকা৷
পাণবজাৰস্থিত SBIৰ শাখাৰ পৰা উলিয়াই আনিছিল ধনখিনি৷
ঘৰলৈ যাবৰ বাবে বাছত উঠাৰ সময়তে অচেতন হৈ পৰে ব্যক্তিজন৷
পৰৱৰ্তী সময়ত গুৱাহাটীৰ ISBTৰ পৰা উদ্ধাৰ কৰা হয় আহমেদক৷
বৰ্তমান GMCHৰ ICUত ভৰ্তি ব্যক্তিগৰাকীক৷

18. অসমত এজনৰ পাছত আন এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে।
বিগত ৪ দিনত মহানগৰীত গ্ৰেপ্তাৰ কৰা হৈছে ৪ বাংলাদেশীক।
লগতে ভুৱা নথি-পত্ৰ যোগান ধৰা ভাৰতীয় এজেণ্টকো গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে।

19. নৃত্যভূমি আৰু জাংফাই বিহুদলৰ উদ্যোগত ছিপাঝাৰৰ ব্যাসপাৰাত বিহুনাচৰ প্ৰশিক্ষণ।
প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱা।

20. লাহৰীঘাটৰ ভূৰাগাঁৱৰ ১নং বটালিমাৰীত নিশা বিধ্বংসী অগ্নিকাণ্ড।
জুইত জাহ গ’ল জামাল উদ্দিন নামৰ লোকজনৰ পৰিয়ালৰ ৫টাকৈ বাসগৃহৰ লগতে কেইবালক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *